Kerala:আহমেদাবাদৰ ভয়াবহ স্মৃতি এতিয়াও সতেজ। তাৰ মাজতে আকাশত আন এক দুৰ্ঘটনাৰ আশংকা। কেৰালাত জৰুৰীকালীন অৱতৰণ কৰিলে এখন ব্ৰিটিছ যুদ্ধ বিমানে। সূত্ৰ অনুসৰি মাজ আকাশত ইন্ধন শেষ হোৱাৰ বাবে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।
তথ্য অনুসৰি ,শনিবাৰে নিশা ভাৰত মহাসাগৰৰ ওপৰেৰে উৰণৰ সময়ত যুদ্ধ বিমানখনে হঠাতে ইন্ধন শেষ হৈ যায়। ইয়াৰ পাছতে নিশা প্ৰায় ৯:৩০ বজাত কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে ব্ৰিটিছ যুদ্ধ বিমান এফ-৩৫বি লাইটনিং।
এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। শেহতীয়া তথ্য অনুসৰি বিমানখন এতিয়াও কেৰালাত আছে।
পঞ্চম প্ৰজন্মৰ এই ষ্টেলথ ফাইটাৰখন ব্ৰিটেইনৰ এইচ এম এছ প্ৰিন্স অৱ ৱেলছ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ অংশ।
ভাৰতৰ নৌসেনাৰ সহযোগত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এইখনে কেবাদিনো ধৰি টহল দি আহিছে। এই বিশেষ ধৰণৰ বিমানখনে চুটি উৰণ আৰু উলম্ব অৱতৰণ কৰিবলৈ সক্ষম। তদুপৰি ৰাণৱেৰ উপৰিও ই পোনে পোনে মাটিৰ পৰা উৰা মাৰি মাটিত অৱতৰণ কৰিব পাৰে।
অৱশ্যে এই জৰুৰী অৱতৰণ সন্দৰ্ভত এতিয়াও ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই। বিশেষজ্ঞসকলে জনাইছে, এনে ঘটনা অস্বাভাৱিক হ’লেও অভূতপূৰ্ব নহয়।