A market famous for its Pumpkins:
কৃষিপ্রধান ৰাজ্যখনত কৃষকসকলক আত্মনিৰ্ভৰশীল হোৱাত বজাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উজনি অসমৰ বিখ্যাত ৰঙালাও বজাৰখনৰ কথা শুনিছেনে কেতিয়াবা আপুনি? আপুনি যদি উজনি অসমৰ ডিব্ৰুগড়লৈ আহিছে তেতিয়াহ’লে খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা গেমন দলং পোৱাৰ আগতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষত দ’মে দ’মে পৰি থকা ৰঙালাওসমূহ মন কৰিছেনে? কোনোবাজন কৃষকে ঠেলাত ৰঙলাও আনি পথৰ কাষত ৰাখি থয়, আন একাংশই দোকানৰ দৰে পথৰ কাষত ঘৰ সাজি গ্ৰাহকৰ চকুত লগাকৈ সজাই থয় সৰ-ডাঙৰ ৰঙালাওসমূহ।
ৰঙালাওৰ বাবে বিখ্যাত উজনিৰ এইখন বজাৰে আজিও ধৰি ৰাখিছে গ্রাম্য অর্থনীতি। বছৰৰ যিকোনো সময়তে প্রতিটো ৰঙালাওৰ ২০ পৰা ৬০ টকা দামত বিক্ৰী কৰিছে কৃষকসকলে। ডিব্রুগড় জিলাৰ খোৱাঙত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰঙালাও বজাৰ হিচাপে পৰিচিত হোৱা বজাৰখনত বর্তমান সময়ত ৰঙালাওৱেই নহয়, স্থানীয় গাঁওসমূহত উৎপাদিত শাক-পাচলি বিক্ৰী কৰে কৃষকসকলে। কেৱল শাক-পাচলিয়েই নহয়, বজাৰখনৰ কাষতে থকা বুঢ়ীদিহিং আৰু চেঁচা নদীৰ মাছ বিচাৰি প্ৰতিদিনে বজাৰখনত ভিৰ কৰেহি গ্রাহকসকলে।
পুৱাৰ পৰা নিশা ন মান বজালৈ বহা বজাৰখনত বিক্ৰেতাৰ ৰূপত আপুনি পুৰুষৰ সমানে মহিলাকো দেখিব। ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰা প্ৰতিজনে থলুৱা শাক-পাচলি বিচাৰি ভিৰ কৰা বজাৰখন পূর্বে ইমান ডাঙৰ নাছিল। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, প্রায় ১৯৮৫ মানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বুঢ়ীদিহিং নদীৰ পাৰত খেতি কৰি দুই-এজন কৃষকে নিজে উৎপাদন কৰা ৰঙালাও বিক্ৰী কৰিবলৈ
আনিছিল। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কৰা ৰঙালাও খাই গ্রাহকে ভাল পোৱা হ’ল। সময় পাৰ হোৱাৰ লগে লগে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ লগে লগে ৰঙালাওৰ লগতে নিজৰ বাৰীৰ আন শাক-পাচলি বিক্ৰী কৰা কৃষকৰ সংখ্যা বৃদ্ধি পাই এতিয়া ডেৰ শতাধিকৰো অধিক হ’ল। ৰঙালাওকে কেন্দ্ৰ কৰি আৰম্ভ হোৱা বজাৰখনৰ নামেৰে ডিব্ৰুগড় জিলাৰ উক্ত অঞ্চলটো ৰঙালাও বজাৰ বুলি জনাজাত হ’ল।
প্রায় এক কিলোমিটাৰলৈকে থকা ৰঙালাও বজাৰখনত বছৰৰ পাছত বছৰ ধৰি শশ কৃষক পৰিয়াল জড়িত হৈ আছে। নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ বিক্ৰী কৰি স্বাৱলম্বী হ’বলৈ সুবিধা লাভ কৰিছে কৃষকসকলে। স্থানীয় যুৱকসকলেও নিজক স্বাৱলম্বী কৰাৰ বাবে বজাৰখনতেই আৰম্ভ কৰিছে ব্যৱসায়। ৰঙালাওৰ বাবে বিখ্যাত উজনিৰ ৰঙালাও বজাৰখনত ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰা সাধাৰণ প্রতিজন লোকে থলুৱা শাক-পাচলি বিচাৰি ভিৰ কৰে তেনে নহয়, কৃষিমন্ত্ৰীৰ কনভয়ো ৰৈ যায় ৰঙালাও বজাৰত। কেইটামান দিনৰ পূৰ্বে কৃষিমন্ত্রী অতুল বৰাই নিজৰ কনভয় ৰখাই ৰঙালাও বজাৰত শাক-পাচলি ক্ৰয় কৰিছিল।
কৃষিমন্ত্রীজনে সামগ্রী ক্ৰয় কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত দি লিখিছে- ‘ডিব্ৰুগড় অভিমুখী যাত্ৰাত খোৱাঙৰ বজাৰত শাক-পাচলি আৰু মৎস্য বিক্রেতাসকলৰ লগত বাৰ্তালাপ কৰি ভাল লাগিল। বজাৰত থলুৱা বিক্রেতাসকলৰ পৰা সতেজ শাক-পাচলি আৰু মাছো ক্রয় কৰো।’ ৰঙালাও বজাৰ হিচাপে পৰিচিত হৈ পৰা খোৱাঙৰ এই বজাৰখনৰ বিষয়ে জানিবলৈ আমি বজাৰখনৰে এজন জ্যেষ্ঠ বিক্রেতাৰ কাষ চাপিছিলো। জ্যেষ্ঠ বিক্রেতাজনে কয়, ‘প্রথম অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা-যোৱা কৰা মানুহৰ সংখ্যা কম আছিল। ঘাইপথৰ কাষত ৰাইজে খেতি কৰে আৰু পথৰ কাষত আনি থয়। ঘাইপথৰে অহা মানুহবিলাকে ৰঙালাও নিবলৈ আৰম্ভ কৰে। এনেকৈয়ে আৰম্ভ হয় বজাৰখন। পাছত বাৰীৰ সকলো শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে।
প্রায় ১৯৮৫ মানৰ পৰা এই বজাৰখন আৰম্ভ হৈছে। চেৰেপাখাতি, চেনিমাৰী, নাহৰপুখুৰী, দেউৰী গাঁৱৰ লগতে খোৱাঙৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ লোক আহে ইয়াত সামগ্রী বিক্রী কৰিবলৈ; কিন্তু সকলো স্থানীয় কৃষকে নিজৰ উৎপাদিত বস্তু বিক্ৰী কৰিবলৈ আহে, আন বজাৰ দৰে আন স্থানৰ পৰা ইয়ালৈ বেপাৰী নাহে।






























