Sarbananda Sonowal Pressmeet in Dibrugarh :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স;–ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ১৯৮০চনৰ ৬ এপ্ৰিলত জন্ম হোৱা বিজেপি দলৰ প্ৰথম গৰাকী সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোনোৱালে।
সংবাদমেলত বিজেপি চৰকাৰখনে দেশৰ কাৰনে কৰা উল্লেখযোগ্য কাম কাজ, লগতে দেশৰ দুখীয়া জনতাৰ কাৰনে লোৱা আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে।বিজেপি চৰকাৰে অসমৰ কাৰনে কৰা উন্নয়নমূলক কামকাজৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে। আজিৰ সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে বিজেপিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্ৰশান্ত ফুকন উপস্থিত থাকে I






























