Order to take legal action:
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰূপে চর্চিত বন বিভাগৰ বিশেষ সচিব এম কে যাদৱৰ বিৰুদ্ধে বন অধিনিয়ম উলংঘাৰ অভিযোগত আইনগত ব্যৱস্থা ল’বলৈ কেন্দ্রই নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠতা সূত্ৰে অৱসৰৰ পাছতো দিছপুৰত দপদপাই থকা বিতর্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় বন আৰু পৰিবহণ মন্ত্রণালয়ৰ শ্বিলংস্থিত কার্যালয়ে। এক পত্র (তাৰিখ ২৯ মে’ বুলি উল্লেখ আছে) যোগে যাদৱৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’বলৈ বন মন্ত্রণালয়ৰ আঞ্চলিক কার্যালয়ে এই নির্দেশ জাৰি কৰি কয় যে বিষয়াজনে ব্যাপকভাবে বন আইন উলংঘা কৰিছে।
উল্লেখ্য যে প্রাক্তন ভাৰতীয় বন সেৱা (আইএফএছ) বিষয়া যাদবে বন বিভাগত প্রধান বন সংৰক্ষক আৰু বনৰক্ষী বাহিনীৰ মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বন আইন উলংঘাৰে শিৱসাগৰৰ গেলেকী বনাঞ্চলৰ ২৬ হেক্টৰৰো অধিক আৰু হাইলাকান্দি জিলাৰ দামচেৰা সংৰক্ষিত বনাঞ্চলৰ ১১ হেক্টৰৰো অধিক ভূমিত কমাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপনৰ অনুমতি দিয়ে।
ইয়াকে কৰোতে তেওঁ বন (সংৰক্ষণ আৰু সংবর্ধন) অধিনিয়ম, ১৯৮০ উলংঘা কৰে। যাদৱৰ এই নীতি-নিয়ম উলংঘাকাৰী কাৰ্য সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণতো গোচৰ চলে। অৱশেষত ২০২৪ৰ মে’ত তেওঁলৈ বন মন্ত্রণালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে। এই জাননীৰ প্ৰত্যুত্তৰত তেওঁ দিয়া উত্তৰ আইনগত দিশৰ পৰা গ্ৰাহ্য নহয় বুলি বন মন্ত্রণালয়ে বিবেচনা কৰিছে। বন মন্ত্রণালয়ৰ শ্বিলং আঞ্চলিক কার্যালয়ে অসম চৰকাৰলৈ জাৰি কৰা নির্দেশত এই কথা উল্লেখ আছে।
এই নির্দেশত লগতে কোৱা হয়, ‘বন (সংৰক্ষণ আৰু সংবর্ধন) অধিনিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমতি অবিহনে বনাঞ্চলৰ ভূমিত অনা-বন কাৰ্যৰ বাবে অনুমতি প্ৰদানৰ কোনো কর্তৃত্ব অসমৰ তদানীন্তন প্রধান বন সংৰক্ষক তথা বন সুৰক্ষা বাহিনীৰ মুৰব্বী যাদৱৰ নাছিল। তেওঁৰ এই কাৰ্য বন (সংৰক্ষণ আৰু সংবর্ধন) অধিনিয়ম গুৰুতৰভাৱে উলংঘাকাৰী। কাৰণ দর্শোৱাৰ জাননীৰ প্ৰত্যুত্তৰত তেওঁৰ বিৰুদ্ধে কিয় বন অধিনিয়ম আৰু ইয়াৰ বিধিসমূহৰ অধীনত ব্যৱস্থা লোৱা নহ’ব তাৰ কোনো গ্রাহ্য যুক্তি দিব নোৱাৰিলে।’
একালৰ প্ৰতাপী বন বিষয়াজনৰ বিৰুদ্ধে ৪৫ দিনৰ ভিতৰত আইনগত ব্যৱস্থা ল’বলৈ অসম চৰকাৰক কেন্দ্রই নির্দেশ দিছে। এই তথ্য পোহৰলৈ আহিছে ৰোহিত চৌধুৰী নামৰ তথ্য জনাৰ অধিকাৰ (আৰটিআই) কৰ্মীয়ে কৰা আবেদনৰ ভিত্তিত। বন মন্ত্রণালয়ৰ শ্বিলং কাৰ্যালয়ৰ উক্ত নির্দেশনাত লগতে উল্লেখ আছে যে অভিযুক্ত বিষয়াজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কর্তৃত্ব মাণ্ডলিক বন বিষয়াক প্রদান কৰা হৈছে আৰু এই ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন ৪৫ দিনৰ ভিতৰত দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে।
উল্লেখ্য যে বন (সংৰক্ষণ আৰু সংবর্ধন) বিধিৰ ১৫ (২) ধাৰা অনুসৰি আদালতক দাখিলৰ বাবে অপৰাধ আৰু বন আইন উলংঘাৰ তথ্য ৰাজ্যিক বন বিভাগক জনাব লাগে। লক্ষ্যণীয় যে বিতর্কিত যাদরে ২০২৪ৰ ২৯ ফেব্ৰুৱাৰীতে অৱসৰ গ্ৰহণ কৰে যদিও ৰাজ্য চৰকাৰে তেওঁৰ কাৰ্যকাল চলিত বৰ্ষৰ মাৰ্চলৈকে বৃদ্ধি কৰে। কাৰ্যকাল বৃদ্ধিৰ পাছত যোৱা বছৰৰ মে’ত তেওঁলৈ বনাঞ্চলত বেটেলিয়ন শিবিৰ স্থাপনৰ অনুমতি দিয়া সন্দর্ভত তেওঁলৈ কেন্দ্রীয় বন মন্ত্রণালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে।
এই জাননীৰ তেওঁ দিয়া উত্তৰ বন মন্ত্রণালয়ে অগ্রাহ্য কৰিছে। এই ক্ষেত্ৰত আশ্চৰ্যকৰ কথাটো হ’ল যে দামচেৰা সংৰক্ষিত বনাঞ্চলৰ বেটেলিয়নৰ শিবিৰ নিৰ্মাণ কাৰ্যৰ নির্মাণোত্তৰ অনুমতিৰ অনুৰোধ জনাই মুখ্যমন্ত্রী ড: শর্মাই কেন্দ্রীয় বন মন্ত্রী ভূপেন্দ্ৰ যাদৱলৈ প্ৰেৰণ কৰা এক পত্র গ্রাহ্য হয়। মুখ্যমন্ত্রীয়ে এই পত্ৰ প্ৰেৰণ কৰাৰ পূৰ্বে কেন্দ্রীয় বন মন্ত্রণালয়ে যোৱা বছৰৰ এপ্ৰিলত দামচেৰাত বেটেলিয়নৰ শিৱিৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ অসম চৰকাৰলৈ নিৰ্দেশ দিছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বন ভূমি বেদখলৰ কাৰণ দর্শাই বনাঞ্চলখনত বেটেলিয়নৰ শিৱিৰ নিৰ্মাণত নির্মাণোত্তৰ অনুমতি প্রদানৰ বাবে কেন্দ্রীয় বন মন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে দামচেৰা সংৰক্ষিত বনাঞ্চলত বেটেলিয়ন শিবিৰ নির্মাণক লৈ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত ২০২৩ৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এটা নিজাববীয়া গোচৰ ৰুজু কৰে। ইয়াৰ সমান্তৰালভাৱে কেন্দ্রীয় বন মন্ত্রণালয় (শ্বিলং আঞ্চলিক কার্যালয়)-এও বিষয়টো সন্দর্ভত বিশদ তথ্য বিচাৰি জাননী জাৰি কৰে।
আনহাতে, এই একে সময়তে আৰটিআই কর্মী ৰোহিত চৌধুৰীয়ে গেলেকী বনাঞ্চলত বেটেলিয়ন শিবিৰ নিৰ্মাণ সম্পর্কত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতা পীঠৰ দ্বাৰস্থ হয়। পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে দামচেৰা বনাঞ্চলত ৰাজ্যৰ বন বিভাগে বিষয়াসকলৰ বাবে অট্টালিকা, গেৰেজ, ৰেছন তথা কাপোৰৰ গুদামৰ লগতে এখন সক চিকিৎসালয় নির্মাণ কৰে। এনে নিৰ্মাণ কাৰ্যত বনাঞ্চলৰ ১১.৫ হেক্টৰ ভূমি ব্যৱহাৰ কৰে।
# বন ধ্বংস এতিয়া চৰকাৰী নীতিত পৰিণত হৈছে নেকি: গৌৰৱ গগৈৰ প্ৰশ্ন
এম কে যাদবে ব্যাপকভাৱে বন আইন উলংঘাৰে সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেটেলিয়নৰ শিবিৰ স্থাপন কৰিবলৈ অনুমতি দিয়াটো স্বয়ং কেন্দ্রীয় বন মন্ত্রণালয়ে ধৰা পেলোৱাৰ পাছতো এই শিবিৰ প্ৰকল্পসমূহক মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিয়াক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
অসম চৰকাৰে কিয় অবৈধ প্রকল্পক ৰক্ষণাবেক্ষণ দিছে বুলি সামাজিক মাধ্যমত গগৈয়ে প্রশ্ন উত্থাপন কৰিছে। চৰকাৰী এই কাৰ্যক কটাক্ষ কৰি গগৈয়ে বিষয়টো সন্দর্ভত লগতে কয়, ‘এতিয়া বন ধ্বংস চৰকাৰী নীতিত পৰিণত হ’ল নেকি ?’ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রণালয় তথা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বাৰম্বাৰ সকীয়নিৰ পাছতো অসমৰ শীৰ্ষ বন বিষয়াই কেন্দ্ৰৰ অনুমোদন অবিহনে সংৰক্ষিত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰ কথা কেন্দ্ৰীয় বন মন্ত্রণালয়ে ধৰা পেলোৱাৰ কথাও গগৈয়ে উল্লেখ কৰিছে। তৎসত্ত্বেও অভিযুক্ত বিষয়াজনৰ চাকৰিৰ কাৰ্যকাল দুবাৰকৈ বৃদ্ধি কৰা বুলি তেওঁ মন্তব্য কৰিছে।






























