প্রাণ থাকিলেও সিবোৰ নীৰৱ। উদ্ভিৎ জগত সম্পর্কে ইমানদিনে মানুহৰ সেই ধাৰণাই আছিল। গছ-গছনিয়ে মাতিব নোৱাৰে; কিন্তু ইজৰাইলৰ তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে জনাইছে যে এই ধাৰণা ভুল।
তেওঁলোকে দাবী কৰিছে যে যিকোনো ধৰণৰ আঘাত পালে বা প্রতিকূল পৰিৱেশত পৰিলে গছবোৰেও আর্তনাদ কৰে। লগতে সেই সূক্ষ্মাতিসূক্ষ্ম ‘আলট্রাছাউণ্ড’ শুনিবলৈ পায় পতংগবোৰে।
ই-লাইফ জার্ণেলত প্রকাশিত নিবন্ধত ইজৰাইলী গৱেষকৰ দলটোৱে জনাইছে যে কোনো উদ্ভিদৰ ওপৰত ধাৰাল অস্ত্ৰৰ কোপ পৰিলে বা কাটি পেলোৱাৰ চেষ্টা হ’লে সিহঁতৰ দেহৰ পৰা এক প্ৰকাৰৰ ‘আলট্রাছাউণ্ড’ নির্গত হয়।
খৰাং পৰিস্থিতিত দীর্ঘকাল ধৰি পানীৰ অভাৱ হ’লেও এনেকুৱা হয়। মানুহে সচৰাচৰ ২০ৰ পৰা ২০,০০ হার্ৎজ পর্যন্ত কম্পাংকৰ শব্দ শুনা পায়; কিন্তু ‘আলট্রাছাউণ্ড’ৰ কম্পাংক ২০,০০০ হাজৰ বেছি।
সেয়ে মানুহৰ শ্ৰৱণশক্তিয়ে ইয়াৰ উমান নাপায়। তেল আভিভবিশ্ববিদ্যালয়ৰ ‘বাইজ ফেকাল্টি অৱ লাইফ ছায়েন্সেছ’ৰ অধ্যাপক ইয়’ছি ইয়োভেল আৰু লিলাছ হাদানিৰ গৱেষণাগাৰত উদ্ভিদ আৰু পতংগৰ ‘শব্দৰ আদান-প্রদান’ সংক্রান্তীয় সেই গৱেষণাৰ নেতৃত্ব দিছে ৰিয়া ছেল্টজাৰ আৰু গায়জেয় এশ্বেলে।
তেওঁৰ গৱেষণাগাৰত বিলাহী গছৰ ওপৰত উক্ত গৱেষণা কৰে। তাত কিছুমান গছৰ পৰ্যাপ্ত যত্ন লোৱা হৈছিল। আনহাতে, কিছুমান গছত দীর্ঘদিন পানী দিয়া নাছিল।
আকৌ কিছুমান গছৰ বহু পৰিমাণৰ পাত ছিঙি সালোকসংশ্লেষৰ হাৰ কমাই দিয়া হৈছিল। গবেষণাত দেখা গ’ল যে যিখিনি বিলাহী গছে যত্ন পাইছে সেইবোৰ শান্ত হৈ আছে।
আনবোৰৰ পৰা ভাহি আহিছে বিশেষ কম্পাংকৰ ‘আলট্রাছাউণ্ড’। বিলাহী গছৰ পাতত কিছুমান প্ৰজাতিৰ মাইকী পতংগই কণী পাৰে। অর্থাৎ, বিলাহী সিবিলাকৰ ‘পোষক উদ্ভিদ’ (হোষ্ট প্লান্ট)। গবেষণাত দেখা গৈছে যে ‘আর্তনাদৰ শব্দ’ শুনিয়েই কে’বাটাও প্ৰজাতিৰ মাইকী পতংগবোৰে জলসংকটত পৰা গছসমূহক পৰিহাৰ কৰিছে। বাছি লৈছে সুস্থ স্বাভাৱিক গছবোৰক।
কিছু বছৰৰ পূৰ্বেই জীৱবিজ্ঞানী লিলাছে এই সংক্রান্তীয় গৱেষণা আৰম্ভ কৰিছিল। তেওঁৰ মতে, কেৱল পোক-পৰুৱাই নহয়, বাদুলিৰ দৰে প্ৰাণীয়েও সম্ভৱতঃ গছৰ ‘শব্দ’ শুনা পায়।






























