Nagaon Metro Hospital:
চিকিৎসাধীন অৱস্থাত এজন কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা নিশা নগাঁৱৰ ‘মেট্র’ এণ্ড ৰিছাৰ্চ হাস্পতাল’ নামৰ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসাত চৰম গাফিলতিৰ ফলত কিশোৰজনে মৃত্যুক আঁকোৱালি ল’ব লগা হয় বুলি অভিযোগ কৰি তেওঁৰ পৰিয়াল তথা আত্মীয়-স্বজনে চিকিৎসালয়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তদুপৰি আৰক্ষী আৰু বিভাগীয় কর্তৃপক্ষ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে পৰিয়ালে।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে জুৰীয়াৰ নিকটৱৰ্তী লালুং গাঁৱৰ হাদিউজ জামান নামৰ ১০ বছৰীয়া কিশোৰজন হঠাৎ অসুস্থ হোৱাত যোৱা দুই ছেপ্টেম্বৰত পৰিয়ালৰ লোকে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰে যদিও পিছদিনা মেট্র’ এণ্ড ৰিছাৰ্চ হাস্পতাললৈ স্থানান্তৰ কৰে। জৰুৰীকালীন কক্ষ (আইচিইউ) ত ৰাখি কিশোৰজনক শিশু বিশেষজ্ঞ ডাঃ আতাউৰ ৰহমানৰ তত্ত্বাৱধানত চিকিৎসা প্রদান কৰা হয়।
চিকিৎসাধীন অৱস্থাত কিশোৰজনৰ কালি দিনৰ ১১ বজাত মৃত্যু হয় যদিও ধনৰ লালসাত চিকিৎসালয় কর্তৃপক্ষই এই কথা স্বীকাৰ কৰিব বিচৰা নাছিল যদিও পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি নিশা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তদুপৰি পৰিয়ালে চিকিৎসাৰ ক্ষেত্ৰত চৰম গাফিলতিৰ ফলত কিশোৰজন মৃত্যুৰ মুখত পৰা বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, চিকিৎসকে দাবী কৰা মতে, জন্মৰে পৰা কিশোৰজন মধুমেহ ৰোগত আক্রান্ত আছিল।
চিকিৎসা চলি থকা অৱস্থাতো তেওঁৰ মধুমেহৰ পৰিমাণ ৫০০তকৈ অধিক হোৱাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ পৰে। এনে অৱস্থাত তেওঁক গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়া হৈছিল যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা সচ্ছল নোহোৱাত সেয়া সম্ভৱ নহ’ল বুলি চিকিৎসকে দাবী কৰে। চিকিৎসাত চেষ্টাৰ ত্রুটি কৰা নাছিল বুলি চিকিৎসকে লগতে জনায় যে আইচিইউত ভেন্টিলেচনতে কিশোৰজনৰ কালি বিয়লি ২-৩০ বজাত মৃত্যু হয়। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পাছত আজি সন্ধিয়া ছয় বজাত লালুংগাঁৱত শোকাকুল পৰিৱেশত কিশোৰজনৰ জানাজা সম্পন্ন কৰা হয়।






























