Lowkhua gaon Panchayat :
লাওখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰীক অপদস্ত কৰাৰ অভিযোগ অগপ নেতাৰ বিৰুদ্ধে । পঞ্চায়তত চলি থকা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ জিঅ টেগিংৰ বুজ লবলৈ গৈছিল পঞ্চায়তৰ সভানেত্ৰী গৰাকী।

পঞ্চায়ত সভানেত্ৰী নিবেদিতা ৰয়ক অগপ নেতা ৰাজশ্ৰী মল্লিকে অশ্লীল গালি-গালাজ ও অপদস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে । অগপ নেতা ৰাজশ্ৰী মল্লিকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পঞ্চায়তৰ ৰাইজ । ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল পঞ্চায়ত সভানেত্ৰী নিবেদিতা ৰয়ৰ।
ADVERTISEMENT



































