Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাকীখিনি সপোন

# প্রাঞ্জলসেন ডেকা

publisher by publisher
September 8, 2025
in Assam, News
Reading Time: 1 min read
0
বাকীখিনি সপোন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

বাকীখিনি সপোন

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

কিয় জানো অভাৱনীয় যেন লাগিলেও খবৰটো কেতিয়াবা আহিবই বুলি আশাৰে বাট চাই থাকোঁ! সংবাদকর্মী হিচাপে প্রতি মুহূৰ্ততে এটা ডাঙৰ খবৰৰ অপেক্ষাত থকাটো জীৱনৰ এক প্রাত্যহিকতাত পৰিণত হৈছে। দুই-একোটা খবৰে আনন্দ-উত্তেজনাৰে শিহৰিত কৰে, কোনোবাটোৱে ক্ষুব্ধ আৰু আন কেতবোৰে বিমৰ্ষ কৰি তোলে। অধিকাংশ ক্ষেত্রতে অৱশ্যে ব্যক্তিগত আশা-আকাংক্ষাক এইবোৰে ছুই যাব নোৱাৰে।

আনদিনাৰ দৰে পছন্দৰ বাতৰিৰ সন্ধানত চকু ফুৰাই থাকোঁতেই হঠাৎ স্ক্রীণত ‘ফ্লেশ্ব’ এটা জিলিকি উঠিল- ভাৰতীয় গায়ক-গীতিকাৰ ড° ভূপেন হাজৰিকালৈ সাহিত্যৰ ন’বেল! আজি যে সাহিত্যৰ ন’বেল বঁটা ঘোষণা হ’ব আৰু তাকে লৈ বিশ্বৰ অলেখ সাহিত্যানুৰাগীৰ আগ্ৰহৰ সম্পর্কত পুৱাতে কাকতত প্রকাশ পাইছে।

ততাতৈয়াকৈ ন’বেল বঁটাৰ অফিচিয়েল ৱেবছাইট খুলিলো। ছুইডিছ একাডেমীৰ সচিবে ইংৰাজীকে ধৰি কে’বাটাও ভাষাত হলভর্তি সাংবাদিকৰ সমুখত ঘোষণা কৰিছে- ‘চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ভূপেন হাজৰিকাক, তেওঁৰ গভীৰ সংবেদনশীল আৰু প্রচণ্ড শক্তিশালী কাব্যিক অভিব্যক্তিৰে সৃষ্ট গীতে মানুহৰ জীৱন আৰু সংগ্রামক বিশ্বজনীন কৰি তোলা বাবে।’

নিজকে আৰু নিয়ন্ত্রণত ৰাখিব নোৱাৰিলো। চিঞৰ এটা মাৰি নিজৰ কোঠাৰ পৰা ওলাই ডেস্কলৈ দৌৰ মাৰিলো। মুহূৰ্তৰ ভিতৰতে ডেস্কত প্রচণ্ড হুলস্থূলৰ সৃষ্টি হ’ল। ইমান দিনে অভাবনীয় হৈ ৰোৱা বহু আকাংক্ষিত খবৰটো অৱশেষত আহিল। গতিকে উপস্থিত প্রতিজনেই আবেগত, আনন্দত চিৎকাৰ কৰি উঠিল। ৰখাব নোৱাৰিলো আনন্দাশ্রু। কোনোবাই ‘ভূপেন হাজৰিকা জিন্দাবাদ’ ধ্বনিও দিলে। কিছু সময়ৰ বাবে কোনেও কাৰো মাত নুশুনা হৈ থাকিল।

পৰিৱেশ শান্ত কৰিবলৈ চেষ্টা নকৰিলো। পুৰণি এদিনৰ কথাহে মনত পৰি গ’ল। লোকপ্রিয় গোপীনাথ বৰদলৈক ভাৰতৰত্ন সম্মানৰ বাবে বাছনি কৰাৰ খবৰটো টেলিপ্রিণ্টাৰত অহাৰ লগে লগে সিদিনাও আমাৰ ডেস্কত আনন্দৰ ধল বৈ গৈছিল। তেতিয়া কামত সোমাইছোহে, গতিকে অত্যুৎসাহৰ অন্ত নাই! খবৰটো ক’ত কেনেকৈ লোৱা হ’ব তাকে লৈ আলোচনা আৰম্ভ হৈছিল। লোকপ্রিয় বৰদলৈৰ পাছত অদূৰ ভৱিষ্যতে দ্বিতীয় এগৰাকী অসমীয়াই ভাৰতৰত্ন লাভ কৰিব বুলি সেইদিনা মনলৈ অহা নাছিল।

গতিকে এই বিৰল সুযোগৰ পূৰ্ণ সদ্ব্যবহাৰ কৰি বেনাৰ হেডলাইনৰ লগতে সৰ্বাধিক ক’ভাৰেজ দিয়াটো ভাল হ’ব বুলি কৈছিলো। সম্পাদকৰ লগতে সহকর্মীসকলেও তাত হয়ভৰ দিছিল। বোধকৰো সেই সুযোগ দুনাই নাহিব পাৰে বুলি কোৱা কথাষাৰত কাৰো দ্বিমত নাছিল আৰু সেই মতেই যথাসম্ভৱ আগ্ৰহেৰে ‘দৈনিক অগ্রদূত’ত লোকপ্রিয়লৈ ভাৰতৰত্নৰ বাতৰিটো বিস্তৃত তথা উল্লেখযোগ্যভাবে প্রকাশ পাইছিল। প্রাতঃস্মৰণীয় এগৰাকী অসমীয়াক স্বাধীনতাৰ সুদীর্ঘ কালৰ পাছত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথমবাৰলৈ যাচিবলৈ ওলোৱা খবৰটোৱে প্রতিজন অসমীয়াকে উদ্বেলিত কৰাটোৱে স্বাভাৱিক।

কিন্তু এইবাৰ! এইবাৰৰ খবৰতো আকাশলংঘী। অসমীয়া বাদেই, ভাৰতীয়ই আশা কৰিব নোৱাৰা সাহিত্যৰ ন’বেল আঁজুৰি আনিলে আমাৰ ভূপেন হাজৰিকাই। ১৯১৩ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পাছত দ্বিতীয়জন ভাৰতীয়। আলোচনা কৰি ঠিক কৰিলো- কাকতত আজি আৰু অতি জৰুৰী দৈনন্দিন বিষয়কেইটাৰ বাদে আন একো নাযায়, আজি কেৱল ভূপেন হাজৰিকা। সেই মতে কোনে তেওঁৰ সাক্ষাৎকাৰ ল’ব, কোনে কোনবোৰ বিষয় ক’ত কেনেদৰে ক’ভাৰ কৰিব- দায়িত্ব ভগাই দিয়া হ’ল।

সেইমতেই আটায়ে ৰাওনা হ’ল। ইতিমধ্যে চৌদিশে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফটকাৰ শব্দই দেৱালীক চেৰ পেলোৱা অৱস্থা। ‘ব’ল ব’ম যাত্রা’ত বজোৱাৰ দৰে প্ৰকাণ্ড প্রকাণ্ড ছাউণ্ড ছিষ্টেমত সুধাকণ্ঠৰ গান বাজি চৌদিশ ৰজনজনাইছে। ক’ৰবাত যদি ‘মানুহে মানুহৰ বাবে’, ক’ৰবাত ‘অসম আমাৰ ৰূপহী’, আকৌ আন ক’ৰবাত বাজিছে ‘মই এটি যাযাবৰ’।

আমাৰ সাংবাদিকে ফোন কৰি ক’লে যে ড° হাজৰিকাৰ নিজৰাপাৰৰ ঘৰ লোকে লোকাৰণ্য হৈ পৰিছে। সাংবাদিকৰো হেতা-ওপৰা লাগিছে। ঠায়ে ঠায়ে গান-বাজনা লৈ সমদল ওলাইছে। বয়োেজ্যষ্ঠ ছাত্র-যুৱ নেতাৰ নেতৃত্বত হাতে হাতে ভূপেন হাজৰিকাৰ ফটো আৰু গীতৰ কলিৰ প্লেকার্ড লৈ ছাত্র-ছাত্রীৰ শোভাযাত্রা নিজৰাপাৰ অভিমুখে আগবাঢ়িছে। সকলোৱে ‘ভূপেন হাজৰিকা জিন্দাবাদ’, ‘ভূপেনদা অমৰ হওক’ শ্ল’গান দিছে।

অৱশ্যে শোভাযাত্রাত ভাগ লোৱা সকলোৱে প্রকৃত কথাটো জনা নাই; কেৱল বুজিছে যে কিবা এটা ডাঙৰ ঘটনা ঘটিছে। ৰাজ্যবাসীৰ উছাহ দেখি চৰকাৰে এই সাফল্য উদ্যাপনৰ সুবিধা হোৱাকৈ দুদিনীয়া বন্ধ ঘোষণা কৰিলে। স্কুল-কলেজ, অফিচ-কাছাৰী আদি।

প্রভাৱশালী নেতা-মন্ত্রীসকলেও এই বিৰল সম্মান লাভৰ বাবে ভূপেন হাজৰিকাক অভিনন্দন জনোৱাতে ক্ষান্ত নাথাকি অসম তথা ভাৰতৰ বাবে ই কিমান মূল্যবান তাৰ ব্যাখ্যা কৰিছে। আনে সন্তান জন্ম দিলেও নিজৰ কৃতিত্ব দাবী কৰিব খোজা এই নেতা-মন্ত্রীসকলে ভূপেন হাজৰিকাৰ ন’বেল জয়ৰ ক্ষেত্ৰতো তেওঁলোকে কোনো প্ৰকাৰে কৃতিত্ব দাবী কৰিব পাৰে নেকি তাৰো চেষ্টা নচলোৱাকৈ থকা নাই।

আজি ড° হাজৰিকাৰ গুণ-গানত গদগদ হৈ পৰা এইসকলৰে একাংশই আকৌ কেৱল প্রতিদ্বন্দ্বী দলৰ প্ৰাৰ্থীৰূপে নির্বাচনত অবতীর্ণ হোৱা বাবেই তেওঁক পদে পদে লঘু-লাঞ্ছনা কৰিছিল। গুৱাহাটী লোকসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানত সভা-সমিতি অনুষ্ঠিত কৰাত বাধা দিছিল। পাণ্ডুত নির্বাচনী প্রচাৰ সভা পাতি এবাৰ ‘গংগা আমাৰ মা, পদ্মা আমাৰ মা’ গাই দিলেই সকলো বাঙালীৰ ভোট লৈ যাব বুলি শংকিত হৈ তেওঁৰ সভা ব্যর্থ কৰিছিল। ক্ষমতাৰ অপপ্রয়োগ কৰি যাত্রা পথত অতি নির্লজ্জ আৰু অগণতান্ত্রিকভাৱে বাধাৰ সৃষ্টি কৰিছিল, যাৰ বাবে কেতিয়াবা তেওঁ আদবাটতে ঘণ্টাৰ পাছত ঘণ্টা গাড়ীত বহি সময় কটাবলগীয়া হৈছিল।

সেই নিৰ্বাচনত তেওঁৰ পৰাজয়ত অট্টহাস্য কৰি নিজৰ বিজয় প্রদর্শন কৰিছিল। কিন্তু ভূপেন হাজৰিকাৰ সৃষ্টিৰ সমুখত সেই ক্ষমতা আজি যে তেনেই তুচ্ছ হৈ পৰিল সেই কথা তেওঁলোকৰ বোধগম্য হ’ল নে নহ’ল সেই কথা অৱশ্যে জনা নগ’ল।

অকল সেইসকল নেতা-মন্ত্রীয়েই নহয়, একাংশ স্বয়ম্ভূ অভিভাৱকেও ভূপেন হাজৰিকাৰ গুণ-গানৰ নামত একপ্ৰকাৰ প্ৰদূষণ সৃষ্টিৰে উপক্রম ঘটালে। আনহাতে, তেওঁক প্রতিটো ক্ষেত্রতে নেতিবাচক সমালোচনাৰে থকা-সৰকা কৰাসকলেও আজি মুখ লুকুওৱাৰ উপায় বিচাৰি লৰা-ঢপৰা লগাইছে। সন্ধিয়া অফিচলৈ উভতি আহি চিটি ৰিপ’ৰ্টাৰজনে জনালে যে গুৱাহাটীত মদৰ দোকানতো থার্টি ফার্স্টৰ দৰেই ভিৰ। ভাবিলো, হওক! এজন ‘যাযাবৰ’ৰ সৃষ্টিয়ে কঢ়িয়াই অনা কৃতিত্বৰ সাৰ্বজনীন উদ্যাপনে অন্ততঃ প্রমাণ কৰিলে শব্দৰ মাহাত্ম্য, শব্দৰ অনন্ত শক্তি। বৰ বৰ শক্তি যাৰ সমুখত নতশিৰ।

অৱশেষত আজি সমগ্র বিশ্বই তেওঁক সেই স্বীকৃতি প্রদান কৰিলে। অসম আৰু অসমীয়াৰ বাবে তাতকৈ গৌৰৱৰ কথা আন কি হ’ব পাৰে! হঠাতে এটা জোঁকাৰণিত খপজপাই উঠিলো। আড়ষ্ট অবস্থাতে মনত পৰিল আজিতো ২০১৬ৰ ১৩ অক্টোবৰ।আমেৰিকাৰ ৭৫ বছৰীয়া প্রসিদ্ধ গায়ক-গীতিকাৰ বব ডিলানক সাহিত্যৰ ন’বেল বঁটাৰ বাবে বাছনি কৰিছে ছুইডিছ একাডেমীয়ে।

প্রথমবাৰলৈ এগৰাকী গীতিকাৰক সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱাক লৈ বিভিন্ন মহলত আশ্চৰ্যৰ লগতে বিতর্কৰো সৃষ্টি হৈছে। ‘মহান আমেৰিকান গীত পৰম্পৰাৰ ভিতৰতে নতুন কাব্যিক অভিব্যক্তি সৃষ্টি’ৰ বাবেই ডিলানক নির্বাচিত কৰা হৈছে বুলি একাডেমীয়ে ঘোষণা কৰিছে। বব ডিলানৰ গুণগ্রাহী শ্রোতাই জানে যে লোকসংগীতৰ পৰম্পৰাত শিপাই থকা তেওঁৰ গীত আধুনিকতাবাদী কবি আৰু বস্তুবাদী বিৰোধী জীৱনধাৰাৰ দ্বাৰা যথেষ্ট পৰিমাণে প্রভাবিত।

আৰম্ভণিৰ সময়ছোৱাত সামাজিক দ্বন্দ্ব-সংগ্রাম আৰু ৰাজনৈতিক প্ৰতিবাদৰ সুৰো তেওঁৰ গীতত সন্নিবিষ্ট হৈছিল। একেদবে প্ৰেম আৰু ধর্ম তেওঁৰ গীতৰ আন দুই গুৰুত্বপূর্ণ বিষয়। পৰিশোধিত ছন্দ আৰু বিস্ময়কৰ তথা কেতিয়াবা অতি বাস্তৱ চিত্রকল্প অংকন ডিলানৰ ৰচনাৰ বৈশিষ্ট্যৰূপে পৰিচিত। এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে শিল্প-সংস্কৃতিয়েহে এখন সমাজ সুন্দৰ কৰে। কোনো ক্ষমতাশালী নেতাই সেয়া কৰিব নোৱাৰে। দৰাচলতে শৈশৱতে ভূপেন হাজৰিকাৰ বাবে তেজপুৰত সেই পৰিৱেশ গঢ় লৈ উঠিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যই তেওঁক বহল পৃথিৱীখনৰ পৃষ্ঠভূমি দিছিল। স্বল্পায়ুৰে বিদায় লোৱা অবিস্মৰণীয় প্রতিভাৰ জ্যোতিপ্ৰসাদৰ পৰিপূৰ্ণ ৰূপৰ প্ৰকাশ ঘটিছিল ভূপেন হাজৰিকাৰ জৰিয়তে।

ভূপেন হাজৰিকাই বিশ্বৰ মানৱ সমাজে সম্মুখীন হোৱা কোনটো বিষয়ক লৈ সৰব নোহোৱাকৈ আছে? তেওঁৰ কোনটো গীতৰেই বা মহত্ত্ব কম। সৃষ্টিৰ আৰম্ভণিৰে পৰা সকলো ধৰণৰ উচ্চ-নীচ, ভেদাভেদ- সেয়া ধর্মীয় হওক, জাতিগত হওক অথবা আর্থিকেই হওক, তেওঁ সজোৰে বিৰোধ কৰি আহিছে। গীতৰ মাজেৰেই ভেদাভেদ পৰিহৰি ঐক্য সমন্বয়ৰ হকে আহ্বান জনাইছে। আজন্ম বিপ্লবী চেতনাই অন্যায়-অবিচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁক সদায় উদ্বুদ্ধ কৰিছে।

শোষকৰ বিৰুদ্ধে উচ্চকণ্ঠে শোষিতৰ ক্ষোভ-বেদনা দাঙি ধৰিছে। যুঁজি যুঁজি জিকাৰ মন্ত্ৰ তেওঁ গাই গৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসংগীতক নিজৰ গীত সংগীতৰ মাজেদি জগতসভালৈ নিয়াৰ তেওঁৰ প্ৰয়াস তুলনাবিহীন। যিবোৰ অপশক্তিৰ দ্বাৰা বৰ অসম ক্ষতিগ্রস্ত হৈছে অথবা প্রত্যাহ্বানৰ সন্মুখীন হৈছে- সেইবিলাক ফঁহিয়াই যথাসময়ত জাতিক সতৰ্ক কৰি দিবলৈ গীতৰ মাজেদি, সংগীতৰ মাজেদি আৰু আনকি কথাৰ মাজেদিও পিছহোঁহকা নাই। ক্ষুদ্রাতিক্ষুদ্র জাতি-জনগোষ্ঠীৰ স্বাৰ্থক লৈ সচেতন হোৱাৰ সময়তো তেওঁ বিশ্বনাগৰিক হোৱাৰ লক্ষ্য আৰু প্ৰয়াস অব্যাহত ৰাখিছে।

তাৰ বাবে যাযাবৰী জীৱনক আঁকোৱালি লৈও আক্ষেপ নাই। কর্ম আৰু ঐক্য-সমন্বয়ৰে সমৃদ্ধিশালী বৰ অসমৰ সপোন দেখি তাৰেই আহ্বান জনাইছে তৰুণ প্রজন্মক। বৰ অসমে সম্মুখীন হ’ব পৰা কোনটো প্রত্যাহ্বানৰ বিষয়ে তেওঁ আগতীয়াকৈ সতৰ্ক কৰি দি জাতিৰ প্ৰকৃত পথ প্ৰদৰ্শকৰ দায়িত্ব পালন নকৰাকৈ আছে! এই কথা ইতিমধ্যে প্রতিষ্ঠিত হৈছে যে তেওঁ আগবঢ়াই যোৱা পথ অনুসৰণ নকৰা বাবেই বৰ অসম আৰু অসমীয়া জাতি দিনক দিনে অধিক জটিল প্রত্যাহ্বানৰ গৰাহত পতিত হৈছে; অথচ আজি তাৰ পৰা উদ্ধাৰৰ পথ প্ৰদৰ্শনকাৰী কোনো নাই।

ৰূপহী অসমী আইৰ এখন সুন্দৰ সমাজ গঢ়াৰ মন্ত্রণাদাতাজনেই হৈছে ভূপেন হাজৰিকা। কিন্তু তেওঁৰ সকীয়নিক, তেওঁৰ আহ্বানক অসমীয়া জাতিয়ে গীত বুলিয়েই মাথোঁ ল’লে, যি কথাক লৈ গীতৰ মাজেদিয়ে আক্ষেপ প্রকাশ কৰি গৈছে। এই কথাত আৰু কোনো দ্বিধা-সন্দেহ নাই যে উপযুক্ত স্থানত উপযুক্তভাবে উপস্থাপন কৰা হ’লে ভূপেন হাজৰিকাই সাহিত্যৰ ন’বেল বঁটা জয়ৰ পূৰ্ণ সম্ভাৱনাই আছিল। কিন্তু এতিয়াতো আৰু সেই সুযোগ নাই, ২০১১ তে তেওঁৰ বিয়োগ ঘটিল। মৰণোত্তৰভাৱে ন’বেল বঁটা প্ৰদানৰ নিয়ম নাই।

হঠাৎ মনটো সেমেকি উঠিল। পিছমহূর্ততে ভাবিলো- ভূপেন হাজৰিকাই পৃথিবীখনকে নিজৰ বুলি আঁকোৱালি লৈ গৈছে। তেওঁৰ মহত্ত্ব এটি বঁটাৰ মাজত আবদ্ধ কৰি জোখাৰ প্ৰয়োজন কি? কোনোবাই কোৱাৰ দৰে এয়া সর্বোচ্চ শৃংগ হোৱা বাবে মাউন্ট এভাৰেষ্টক পদক আঁৰি দিয়াৰ দৰে কথা ! জয়তু ভূপেন হাজৰিকা !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dr. Bupen Hazrika 100th Birth AnniversaryEditor's ArticlePranjalsen Deka
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d