ঘৰত বয়স্ক পিতৃ-মাতৃক লৈ বহুতেই চিন্তাত থাকে। যিসকলে নিয়মিতৰূপে পিতৃ-মাতৃৰ যত্ন ৰাখে, তেওঁলোকৰ অনেকেই হয়তো লক্ষ্য কৰিছে যে পিতৃৰ তুলনাত মাতৃৰ চেহেৰাত বয়সৰ ছাপ যেন কিছু সোনকালেই পৰে।
ভাৰতীয় সংস্কৃতিত সততে বৈবাহিক সম্পর্কত বান্ধ খোৱা নাৰী-পুৰুষৰ মাজত বয়সৰ পাৰ্থক্য থাকে। অধিকাংশ সময়তে পত্নীৰ বয়স স্বামীৰ তুলনাত বহু কম থাকে। তথাপি বৃদ্ধ বয়সত পুৰুষৰ তুলনাত পত্নীৰ চেহেৰাত বেছি সোনকালে বয়সৰ ছাপ পৰে। এয়া কেৱল আমাৰ চকুৰ ভুল বা কোনো প্রচলিত বিশ্বাস নহয়, বৰঞ্চ ইয়াৰ নেপথ্যত আছে অকাট্য বৈজ্ঞানিক যুক্তি।
একাধিক গৱেষণাৰ পৰা জনা গৈছে যে মাতৃত্বৰ সময়ত এগৰাকী নাৰীয়ে যি জৈৱিক আৰু শাৰীৰিক ভাগৰৰ মাজেৰে যাব লাগে, সেই অৱস্থাই তেওঁৰ বার্ধক্যৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব পাৰে।
সম্প্রতি কলম্বিয়া বিশ্ববিদ্যালয়ৰ মেলমেন স্কুল অৱ পাব্লিক হেল্থৰ এক গৱেষত্র প্রতিবেদন ‘প্রচিডিংছ অৱ দ্য নেচনেল একাডেমী অব ছায়েন্সেছ’ত প্রকাশ পাইছে। গবেষণাত জনা গৈছে যে প্ৰতিবাৰৰ গৰ্ভধাৰণে এগৰাকী মহিলাৰ জৈৱিক বয়স (বা’লজিকেল এজ) প্রায় দুইৰ পৰা তিনি মাহলৈ বৃদ্ধি কৰিব পাৰে।
পুৰুষৰ ক্ষেত্ৰত এনে কোনো প্রভাৱ লক্ষ্য কৰা নাযায়। হৰম’নৰ প্ৰক্ৰিয়া উঠা-নমা, গৰ্ভাৱস্থাৰ শাৰীৰিক চাপ আৰু সন্তান লালন-পালনৰ দীৰ্ঘম্যাদী দায়িত্ব- এই সকলোবোৰেই ইয়াৰ কাৰণৰূপে কাম কৰে।
সময়ৰ পূৰ্বেই ৰজোনিবৃত্তি বা মেন’প’জ, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰিৱৰ্তন আৰু জমা হৈ থকা ক্লান্তিৰ দৰে বিষয়বোৰেও সময়ৰ লগে লগে এগৰাকী মাতৃৰ স্বাস্থ্য আৰু চেহেৰাত সূক্ষ্ম কিন্তু স্থায়ী প্রভাৱ পেলায়।
এই কাৰণবোৰৰ সম্পর্কে সঠিক জ্ঞান থকাটো কেৱল মাত্র কৌতূহল নিবাৰণৰ বাবেই নহয়, মাতৃগৰাকীৰ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়াৰ বাবেও অপৰিহাৰ্য। পিতৃসকলেও সন্তান লালন-পালনৰ দায়িত্ব ভাগ কৰি লয়; কিন্তু নাৰীৰ জৈৱিক আৰু মানসিক চাপ একেবাৰেই ভিন্ন ধৰণৰ, যি তেওঁলোকৰ বাৰ্ধক্যক আৰু জটিল তথা দৃশ্যমান কৰি তোলে।
গৰ্ভধাৰণৰ জৈৱিক অংক
গৰ্ভধাৰণ এগৰাকী মহিলাৰ জীৱনৰ অন্যতম নিবিড় এক জৈৱিক অভিজ্ঞতা। এই মাহখিনিত নাৰীদেহলৈ নাটকীয় পৰিবৰ্তন আহে। হৰম’নৰ ঢৌ, তেজৰ পৰিমাণ বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতালৈ পৰিৱৰ্তন অহা তথা উল্লেখনীয়ভাবে ওজন বৃদ্ধিৰ দৰে ঘটনা ঘটে।
কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ‘এপিজেনেটিক ক্ল’ক’ ব্যৱহাৰ কৰি দেখা পাইছে যে প্রতিটো গৰ্ভধাৰণে এগৰাকী মহিলাৰ জৈৱিক বয়স দুইৰ পৰা তিনিলৈ বৃদ্ধি কৰে। বাৰে বাৰে গৰ্ভধাৰণৰ ক্ষেত্ৰত এই প্রভার একেলগে জমা হয়, যি দীর্ঘম্যাদী বার্ধক্যৰ প্ৰক্ৰিয়াক স্পষ্টতৰ কৰি তোলে। পুৰুষসকলে যিহেতু এই শাৰীৰিক তথা হৰম’নজনিত পৰিৱৰ্তনৰ মাজেৰে যাবলগীয়া নহয়, সেয়ে বাৰ্ধক্যৰ ধৰণতো পাৰ্থক্য দেখা যায়।
হৰম’নৰ উঠা-নমা
বাৰ্ধক্যৰ প্ৰক্ৰিয়াত হৰম’ন অন্যতম প্রধান নিয়ন্ত্রক। গৰ্ভাৱস্থাত ভ্রূণৰ বিকাশৰ বাবে ইস্ট্রোজেন তথা প্ৰ’জেষ্টেৰণৰ মাত্ৰা বহুগুণে বৃদ্ধি পায়। আকৌ প্ৰসৱৰ পাছত সেই মাত্রা দ্রুতগতিৰে নামি আহে। এই ব্যাপক উঠা-নমাৰ লগত শৰীৰটোৱে ৰজিতা খাবলগীয়া হয়। দীর্ঘম্যাদত এই পৰিৱৰ্তনসমূহে মহিলাৰ ৰজোনিবৃত্তিৰ সময়ক প্ৰভাৱিত কৰিব পাৰে।
যিসকল মহিলাৰ সময়ৰ পূৰ্বেই ৰজোনিবৃত্তি ঘটে; তেওঁলোকৰ হাড়ৰ ঘনত্ব কমি যোৱা, হৃদৰোগৰ আশংকা তথা ছালৰ সমস্যা বাঢ়ি যোৱাৰ দৰে সমস্যাই দেখা দিয়ে, যি বাৰ্ধক্যৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
সন্তানৰ জন্ম আৰু শাৰীৰিক প্ৰভাৱ
সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়াটোৱে এগৰাকী মাতৃৰ শৰীৰত প্ৰচণ্ড ভাগৰৰ সৃষ্টি কৰে।গৰ্ভাৱস্থাত ওজন বৃদ্ধিৰ সমান্তৰালকৈ হৃদযন্ত্রই বহু বেছি কাম কৰিবলগীয়া হয়, অস্থিসন্ধি আৰু লিগামেন্ট প্ৰসাৰিত হয় তথা গৰ্ভস্থ শিশুৰ বাবে শৰীৰৰ গাঁথনিত পৰিৱৰ্তন আহে। ‘চেল মেটাবলিজম’ পত্রিকাত প্রকাশিত এক গৱেষণাই জনাইছে যে গৰ্ভাৱস্থাই সাময়িকভাৱে জৈৱিক বয়স বৃদ্ধি কৰিলেও প্ৰৱসৰ পাছত সঠিক যত্ন তথা স্তনপানে সেই ক্ষতি কিছু পৰিমাণে পূৰণ কৰিব পাৰে। অৱশ্যে বাৰে বাৰে গৰ্ভধাৰণ কৰাৰ ফলত শৰীৰত যি চাপ পৰে, তাৰ ফলত কোষৰ পুনৰুজ্জীৱন প্রক্রিয়া, ছালৰ স্থিতিস্থাপকতা তথা সামগ্রিক জীৱনীশক্তিক দীঘলীয়াকৈ প্ৰভাৱিত কৰে।
মানসিক চাপ আৰু অৱসাদ
মাতৃত্বৰ স’তে জড়িত হৈ থকা মানসিক আৰু সামাজিক চাপেও বার্ধক্যক ত্বৰান্বিত কৰে। দীর্ঘস্থায়ী মানসিক চাপে ‘কৰ্টিচল’ নামৰ হৰম’নৰ ক্ষৰণ বৃদ্ধি কৰে, যি সময়ৰ লগে লগে ‘টেলোমিয়াৰ’ৰ দৈর্ঘ্য হ্রাস কৰে। এই ‘টেলোমিয়াৰ’ হৈছে ডিএনএৰ সুৰক্ষা কবচ, যি কোষৰ বয়স নিয়ন্ত্ৰণ কৰে। ইয়েল স্কুল অৱ মেডিচিনৰ গৱেষণাই দেখুৱাইছে যে যিসকল মাতৃ অতিৰিক্ত মানসিক চাপৰ মাজত থাকে, তেওঁলোকৰ মাজত জৈৱিক বার্ধক্যৰ লক্ষণ অনেক দ্রুতগতিত প্রকাশ পায়। নিদ্ৰাৰ অভাৱ, একে সময়তে একাধিক কাম কৰা তথা ঘৰৰ কামৰ সমান্তৰালকৈ সন্তান চোৱাচিতাৰ চাপেও এই প্রক্রিয়াক আৰু জটিল কৰি তোলে।





























