ৰোগৰ চিন্তা, অপাৰেচন থিয়েটাৰৰ উজ্জ্বল পোহৰ, যন্ত্রপাতিৰ টুংটাং শব্দ আৰু নাকলৈ ভাহি অহা ঔষধৰ তীব্র গোন্ধ- এই পৰিৱেশ যিকোনো বয়সৰ মানুহকেই বিচলিত কৰাৰ বাবে যথেষ্ট। অৱশ্যে এটা বিষয় হয়তো বহুতৰ বাবে অজ্ঞাত। তেনে মুহূৰ্তত যদি অস্ত্রোপচাৰ কৰাবলগীয়া ৰোগীয়ে এটা বিশেষ কথা কয়, তেতিয়া বহুক্ষেত্রতে অস্ত্রোপচাৰ কৰাৰ পৰা বিৰত থাকে চিকিৎসক।
একাংশ বিশেষজ্ঞই জনাইছে যে অপাৰেচন থিয়েটাৰত যদি ৰোগীয়ে হঠাৎ তেওঁৰ শৈশৱৰ কোনো কাহিনী ক’বলৈ আৰম্ভকৰে, তেন্তে বহু অভিজ্ঞ চিকিৎসকেও হেনো অস্ত্রোপচাৰ কৰিবলৈ ইতস্ততঃবোধ কৰে। সাধাৰণ দৃষ্টিত ইয়াক এক ভিত্তিহীন ধাৰণা বা কল্পনা বুলি গণ্য কৰিলেও ইয়াৰ অন্তৰালত লুকাই আছে গভীৰ মনস্তাত্ত্বিক তথা চিকিৎসাগত তাৎপর্য।
এতিয়া প্রশ্ন হয় যে চিকিৎসকসকলে কিয় ইতস্ততঃবোধ কৰে? ইয়াৰ একাধিক কাৰণ বিচাৰি উলিওৱা হৈছে। প্রথমতে, চিকিৎসকসকলে ৰোগীৰ মানসিক অবস্থা বুজি কাম কৰিব লাগে। অস্ত্রোপচাৰৰ পূৰ্বে ৰোগীৰ মনস্তত্ত্ব অত্যন্ত জটিল তথা সংবেদনশীল হৈ থাকে। সেই সময়ত শৈশৱৰ স্মৃতিচাৰণক মনোবিদসকলে একপ্ৰকাৰৰ ‘ৰিগ্ৰেচন’ বা পশ্চাদপসৰণৰূপে ব্যাখ্যা কৰে।
অর্থাৎ ৰোগীয়ে বৰ্তমানৰ কঠিন পৰিস্থিতিৰ পৰা মানসিকভাৱে পলায়ন কৰি শৈশৱৰ নিৰাপদ আশ্রয়লৈ উভতি যাব বিচাৰিছে। এয়া চৰম উদ্বেগ, ভয় তথা অসহায়ত্বৰ লক্ষণ। এজন চিকিৎসকে যেতিয়া দেখে যে তেওঁৰ ৰোগীজন মানসিকভাৱে ইমানেই বিপর্যস্ত যে তেওঁ বাস্তৱৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, তেতিয়া তেওঁ ৰোগীৰ শাৰীৰিক আৰু মানসিক স্থিতিক লৈ নতুনকৈ ভাবিবলৈ বাধ্য হয়।
দ্বিতীয় গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ‘এনাস্থেছিয়া’ বা অৱশ কৰাৰ প্ৰক্ৰিয়াৰ স’তে ইয়াৰ সংযোগ। চিকিৎসা বিজ্ঞানীসকলে জনাইছে যে অতিৰিক্ত মানসিক চাপ বা উদ্বেগে মস্তিষ্কৰ ৰাসায়নিক ভাৰসাম্যৰ পৰিৱৰ্তন ঘটায়। ইয়াৰ ফলত এনাস্থেছিয়াৰ ঔষধে কিদৰে কাম কৰিব, তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হ’ব পাৰে।
ৰোগীৰ ৰক্তচাপ, হৃদস্পন্দন তথা শ্বাস-প্রশ্বাসৰ হাৰ স্বাভাৱিকৰ তুলনাত বেছি থাকিব পাৰে, যি অস্ত্রোপচাৰৰ সময়ত ‘ৰিস্ক’ বৃদ্ধি কৰে। শৈশৱৰ কথা কোৱাটো যদি ৰোগীৰ এই অন্তর্নিহিত উদ্বেগৰেই প্রতিফলন হয়, তেন্তে চিকিৎসকে অস্ত্রোপচাৰৰ পূৰ্বে ৰোগীজনক মানসিকভাৱে স্থিতিশীল কৰাৰ বাবে কিছু সময় ল’বলৈ বিচাৰিব পাৰে।
তৃতীয়তে, ই ৰোগী আৰু চিকিৎসকৰ মাজৰ আস্থাৰ সম্পর্ককো নির্দেশ কৰে। এজন ৰোগীয়ে যেতিয়া তেওঁৰ জীৱনৰ সবাতোকৈ ব্যক্তিগত তথা দুর্বল মুহূৰ্তৰ কথা এজন চিকিৎসকৰ স’তে ভাগ কৰি লয়, তেতিয়া ই তেওঁলোকৰ মাজত এক মানৱীয় সেতু তৈয়াৰ কৰে।
অথচ অস্ত্রোপচাৰৰ ঠিক পূৰ্বে এই ধৰণৰ আবেগঘন পৰিস্থিতিয়ে চিকিৎসকৰ মনকো প্ৰভাৱিত কৰিব পাৰে। শল্য চিকিৎসা এক অতি নিপুণ তথা মনঃসংযোগৰ কাম। সেই সময়ত চিকিৎসকে নিজৰ আবেগ নিয়ন্ত্ৰণত ৰখাটোও অত্যন্ত জৰুৰী।
ৰোগীৰ মানসিক দুর্বলতাই যদি চিকিৎসকক সামান্যতমো বিচলিত কৰে, তেন্তে তাৰ বিৰূপ প্ৰভাৱ অস্ত্রোপচাৰৰ ফলাফলত পৰিব পাৰে। সেয়ে বহু চিকিৎসকে এই ধৰণৰ পৰিস্থিতি এৰাই চলিব বিচাৰে তথা ৰোগীক আশ্বস্ত কৰি তেওঁৰ মনোবল ঘূৰাই আনিবলৈ চেষ্টা কৰে।
অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে চিকিৎসকসকল অনুভূতিহীন। বৰঞ্চ তেওঁলোকে ৰোগীৰ প্ৰতি অতিৰিক্ত দায়িত্ববোধৰ পৰাই এই সতর্কতা অৱলম্বন কৰে। তেওঁলোকৰ মূল লক্ষ্য থাকে, যিকোনো মূল্যতে ৰোগীৰ জীৱন ৰক্ষা কৰা আৰু অস্ত্রোপচাৰক সফল কৰা।
সেয়ে ৰোগীয়ে কোৱা শৈশৱৰ কাহিনী শুনি হয়তো তেওঁলোকৰ ভাল লাগিব পাৰে, কিন্তু তেওঁলোকৰ প্রশিক্ষিত মনটোৱে সেই কাহিনীৰ অন্তৰালত থকা বিপদৰ সংকেতটোক উপেক্ষা কৰিব নোৱাৰে। সকলো মিলাই ই সাধাৰণ এক কাহিনী নহয়, বৰঞ্চ চিকিৎসা বিজ্ঞানৰ এক জটিল মনস্তাত্ত্বিক অধ্যায়ৰ বাস্তৱ প্ৰতিফলন।



































