বিপদ আসন্ন! ভাৰতত হ্রাস পাইছে ৰৌদ্রোজ্জ্বল দিনৰ সংখ্যা: বতৰৰ পৰিৱৰ্তনক লৈ উদ্বিগ্ন বিজ্ঞানী, গৱেষক বহুতে লক্ষ্য নকৰিলেও সত্য যে দেশত ৰ’দে তলমল অথবা ৰৌদ্রোজ্জ্বল দিনৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। ৰ’দৰ পৰিবৰ্তে বৰষুণ নহ’লেও আকাশ মেঘাচ্ছন্ন হৈ থাকে। বতৰৰ এনে পৰিৱৰ্তন মুঠেই স্বাভাবিক নহয়। গতিকে এই ঘটনাক লৈ উদ্বিগ্ন হৈ উঠিছে বিজ্ঞানীসকল। বতৰৰ এই পৰিবর্তনক লৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়, পুনেস্থিত ইন্ডিয়ান ইনষ্টিটিউট অব ট্রপিকেল মেটাৰ’লজী আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানীয়ে অলপতে এক যৌথ গৱেষণা সম্পন্ন কৰে।
এই গৱেষণাৰ প্রতিবেদন প্রকাশ পাইছে বিশ্বখ্যাত ‘নেছাৰ্ছ ছায়েন্টিফিক ৰিপ’ৰ্টছ’ আলোচনীত। এই গবেষণাপত্রত দেখা গৈছে যে বিগত তিনি দশক ধৰি ভাৰতত ৰৌদ্রোজ্জ্বল দিনৰ সংখ্যা হ্রাস পাই আছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি এই বিজ্ঞানীসকলে কৈছে যে দূষিত কণাই আচ্ছাদনৰ সৃষ্টি কৰি সততে আকাশ ঢাকি ৰাখিবলৈ লৈছে। স্বাভাৱিকতে এনে দুষিত কণা শ্বাস-প্রশ্বাসত মানুহ অথবা আন প্ৰাণীৰ শৰীৰৰ ভিতৰলৈ যোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।
উক্ত গৱেষণাপত্র প্রস্তুত কৰোতে সংশ্লিষ্ট বিজ্ঞানীসকলে দেশৰ নটা প্রান্তত অবস্থিত মুঠ ২০ টা বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য বিশ্লেষণ কৰে। ১৯৮৮ৰ পৰা ২০১৮লৈ এই ৩০ বছৰৰ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য তেওঁলোকে বিশ্লেষণ কৰে। এই বিশ্লেষণত পোহৰলৈ আহে যে বিগত সময়ত প্রায় প্রতিটো দিনতে দিনৰ ৰৌদ্রোজ্জ্বল অংশৰ পৰিমাণ ধাৰাবাহিকভাবে হ্রাস পায়।
অৱশ্যে ইয়াৰ মাজতে উত্তৰ-পূব ভাৰতৰ কিছু অংশ ব্যতিক্রম। অর্থাৎ এই অঞ্চলসমূহত বৌদ্রোজ্জ্বল দিনৰ সংখ্যা হ্রাস পোৱা নাই। এই সমগ্র ঘটনা সন্দর্ভত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিজ্ঞানী মনোজ কে শ্রীবাস্তরে জনায় যে দেশৰ পশ্চিম উপকূলত ৰৌদ্রোজ্জ্বল দিনৰ অংশ মাথোঁ এবছৰতে গড়ে ৮.৬ ঘন্টা হ্রাস পায়। এই পৰিমাণ উত্তৰ ভাৰতৰ সমভূমিত সর্বাধিক দেখা গৈছে। উত্তৰ ভাৰতত বছৰি ১৩.১ ঘণ্টাকৈ ৰ’দৰ পৰিমাণ হ্রাস পাইছে। একেদৰে পূব উপকূল আৰু দ্রাবিড়ীয় মালভূমিত ৰ’দৰ জলমল সময় ক্রমে ৪.৯ ঘণ্টা আৰু ৩.১ ঘণ্টাকৈ হ্রাস পাইছে।
আনহাতে, দেশৰ মধ্যবর্তী অঞ্চলত বছৰি ৪.৭ ঘণ্টাকে ৰৌদ্রোজ্জ্বল সময় হ্রাস পাইছে। উল্লেখ্য যে সাধাৰণতে অক্টোবৰৰ পৰা মার্চলৈকে ৰ’দৰ সময় অধিক হয়। বর্ষাকাল অর্থাৎ জুনৰ পৰা ছেপ্টেম্বৰ পর্যন্ত ৰৌদ্রোজ্জ্বল সময় বছৰটোৰ ভিতৰতে কম হয়। বিজ্ঞানীসকলৰ মতে, কাৰখানাৰ ধোঁৱা আৰু গাড়ীৰ ধোঁৱাৰ দূষিত কণাসমূহৰ পৰিমাণ অত্যধিক হাৰত বৃদ্ধি পাইছে। এই কণাসমূহ ঘনীভূত হৈয়ে মেঘৰ তৈয়াৰ কৰে। কেতিয়াবা মেঘ স্বল্পস্থায়ী হয় আৰু কেতিয়াবা দীর্ঘস্থায়ী হয়। এই সমস্ত দীর্ঘ ক্ষণ ধৰি আকাশক আচ্ছন্ন কৰি ৰাখে। ফলত বৰষুণ নহ’লেও আকাশত সূর্য দেখা নাযায়। গতিকে এনে অৱস্থাত ৰ’দো নাথাকে।
বিজ্ঞানীসকলৰ মতে ৰ’দ কম হ’লে বিভিন্ন ক্ষতি হ’ব পাৰে। একাংশ বিজ্ঞানীৰ মতে ৰ’দ কম হ’লে সৌৰশক্তিৰ উৎপাদন বাধাগ্রস্ত হ’ব। ইয়াৰ প্ৰভাৱ কৃষিক্ষেত্ৰত পৰিব পাৰে। উল্লেখ্য যে ভাৰতক সৌৰশক্তি বিভিন্ন কাম-কাজত প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভহৈছে। দীর্ঘসময় ধৰি আকাশ মেঘাচ্ছন্ন হৈ থাকিলে সৌৰ বিদ্যুতৰ উৎপাদন হ্রাস পাব পাৰে। ফলত দীর্ঘম্যাদী বিভিন্ন পৰিকল্পনাৰ ৰূপায়ণ বাধাগ্রস্ত হোৱাৰ আশংকা আছে।





























