চাহিদা অফুৰন্ত। সেই চাহিদাৰ যোগান দিবলৈ প্রকৃতিক চেপি আনিছে মানুহে। বিদ্যুৎ আহৰণৰ বাবে নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বিয়াগোম বিয়াগোম বান্ধ। ফলত সলনি হৈ পৰিছে নদীৰ গতিপথ। মানুহে ইয়াৰ ফলো হাতে হাতে পাইছে। নিউটনৰ তৃতীয় সূত্র মানিয়েই সমগ্র বিশ্ব এতিয়া সাক্ষী হৈছে মহাপ্রলয়ৰ।
পৃথিৱীজুৰি অব্যাহত থকা ধ্বংসলীলাৰ মাজতে পোহৰলৈ আহিছে এনে এক ভয়াৱহ প্রতিবেদন। য’ত দাবী কৰা হৈছে যে মানুহৰ চাহিদা অনুসৰি বিশ্বৰ ৬০ শতাংশ নদীৰ গতিপথ সলনি কৰি পেলোৱা হৈছে বা বান্ধ দি গতিপথ বন্ধ কৰি দিয়া হৈছে। যি পানীৰ জৈৱ বৈচিত্র্য নষ্ট কৰাৰ সমান্তৰালকৈ মানুহৰ বাবেও ভয়ংকৰ বিপদৰ কাৰণ হৈ পৰিছে।
‘গ্ল’বেল লেণ্ড আউটলেট’ৰ প্রতিবেদন অনুসৰি, মানুহে এই পৃথিৱীৰ এক-তৃতীয়াংশ ভূমিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। যাৰ প্রকোপত জৈৱ বৈচিত্র্যত ব্যাপক প্ৰভাৱ পৰিছে। ‘ইউনাইটেড নেচন কনভেনচন টু কমবেট ডেছাটিফিকেচন’ (ইউএনচিচিডি) আৰু ‘কনজাৰভেচন অৱ মাইগ্রেটৰী স্পেচিছ অর বাইল্ড এনিমেল’ (চিএমএছ)ৰ প্রতিবেদনে দাবী কৰিছে যে নদী, জংঘল, মাটিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। ইয়াৰ ফলত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে।
প্রতিবেদন অনুসৰি, বিশ্বৰ ৬০ শতাংশ নদীৰ ওপৰত ভয়াৱহ কটা-ছিঙা কৰা হৈছে। উদাহৰণস্বৰূপে, এসময়ত এছিয়াৰ মেকং নদীক মাছৰ বাবে আদর্শ স্থান বুলি গণ্য কৰা হৈছিল। নদীখনত বান্ধ দিয়াৰ ফলত তাৰ মাছবোৰ এতিয়া সংকটৰ সম্মুখীন হৈছে। মাছবোৰৰ স্বাভাৱিক যাত্রা বাধাপ্রাপ্ত হৈছে। ফলত বিলুপ্ত হৈ পৰিছে বহু প্ৰজাতিৰ প্ৰাণী। ফলত লাখ লাখ মানুহ সম্প্ৰতি খাদ্যৰ সংকটতো পৰিছে। নদীৰ উপৰি ৰেলপথ, ৰাস্তাঘাটতো বাস্তুতন্ত্ৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে।
প্রতিবদনত লগতে কোৱা হৈছে যে ২০২৫ৰ ভিতৰত পথ যোগাযোগ ব্যৱস্থা আৰু ৬০ শতাংশ বৃদ্ধি পাব। যি বাস্তুতন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰাৰ সমান্তৰালকৈ মাটিক খহনীয়াপ্রবণ কৰি তুলিব, বান আৰু খৰাঙৰ দৰে সমস্যাও বৃদ্ধি পাব। ইতিমধ্যেই মানুহৰ প্ৰকোপত পৃথিৱীৰ ৪০ শতাংশ ভূমি চৰম সমস্যাৰ সন্মুখীন হৈছে।
যি পৃথিৱীৰ অর্ধেক জনসংখ্যাৰ বাবে ভাবুকিস্বৰূপ। ইউএনচিচিডিৰ কাৰ্যকৰী সচিব য়াছমিন ফুয়াদে কয়, ‘পৃথিৱী আৰু পানীৰ স্বাভাৱিক সমন্বয়ৰ কাৰণে পৃথিৱীত জীৱন সম্ভৱ হৈছে। আমি যদি এই স্বাভাৱিকতাক প্ৰভাৱিত কৰো, তেনেহ’লে আমাৰ ওপৰলৈকেই বিপদ নামি আহিব।
যথাসম্ভৱ দ্রুততাৰে আমি বাস্তুতন্ত্ৰক পুনৰুদ্ধাৰ কৰা উচিত।’ কেৱল সেয়াই নহয়, এই প্রতিবেদনত বান্ধক কেন্দ্ৰ কৰিও একাংশ বিশেষজ্ঞই আশংকা প্রকাশ কৰিছে। দাবী কৰা হৈছে যে বান্ধসমূহত ইমান পৰিমাণৰ পানী সঞ্চয় কৰা হয় যে কোনো কাৰণত যদি বান্ধটো ভাঙে, তেতিয়া বৃহৎ অঞ্চল পানীত ডুব যাব পাৰে। আমাৰ দেশৰ বহু বান্ধ ইতিমধ্যেই ভগ্ন অৱস্থাত আছে।
এনেয়েও মানুহে নিৰ্মাণ কৰা যিকোনো আন্তঃগাঁথনিৰে এটা নির্দিষ্ট আয়ুষ্কাল থাকে। তাৰ পাছত সেয়াম ভাঙি পৰিবলৈ বাধ্য।
একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে যিবোৰ অঞ্চলত বান্ধ আছে সেইবোৰ অঞ্চলত ভূমিকম্পৰ প্ৰৱণতা বেছিকৈ দেখা যায়। ভাৰতত তেহৰি, ভাকৰা, হিৰাকুদ, নাগার্জুন, বাগলিহাৰ, নাথপা,কাদানা, চাণ্ডিল তথা চৰ্দাৰ সৰোবৰৰ দৰে বন্ধসমূহৰ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা।
এইবোৰ বান্ধ অদূৰ ভৱিষ্যতত মহাপ্রলয়ৰ কাৰণ হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই আশংকা ব্যক্ত কৰিছে।





























