অবিশ্বাস্য! ৯৩ বছৰ বয়সত সন্তানৰ পিতৃত্ব অৰ্জনৰ ইচ্ছা কৰিছে অষ্ট্ৰেলিয়াৰ জ’ন লেভিন নামৰ এজন লোকে। লেভিনতকৈ তেওঁৰ পত্নী বয়সত ৫৬ বছৰৰ সক। বয়স ৯৩ বছৰ হ’লেও লেভিনক চিনা-পৰিচিতসকলে তরুণ আখ্যা দিয়ে। যোৱা বছৰত ফেব্ৰুৱাৰীত তেওঁ এটি পুত্র সন্তানৰ পিতৃত্ব অর্জন কৰে।
স্বামীৰ ইচ্ছা পূৰণ কৰিবলৈ লেভিনৰ পত্নী য়াং ইং লু প্রস্তুত হৈছে বুলি খবৰ প্রকাশ পাইছে। এই দম্পতী হ’ল অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণৰ বাসিন্দা। লেভিনে আশা পুহি ৰাখিছে যে তেওঁ সম্প্রতি ডেৰ বছৰীয়া পুত্ৰৰ ২১ সংখ্যক জন্মদিন পালন কৰিবলৈ সক্ষম হ’ব।
যদিহে তেওঁৰ এই ইচ্ছা পূৰণ হয়, তেন্তে তেতিয়ালৈ তেওঁৰ বয়স ১১৬ বছৰ হ’ব। লেভিনব পূর্বেও তিনিটি সন্তান আছে। তেওঁৰ জ্যেষ্ঠ কন্যা এচলীৰ বয়স সম্প্রতি ৬২ বছৰ। কনিষ্ঠ কন্যা সামান্থাৰো বয়স ৬০ বছৰ হৈছে। তেওঁৰ জ্যেষ্ঠ পুত্ৰ গ্ৰেগৰ যোৱা বছৰ অসুস্থতাবশতঃ মৃত্যু হয়। একেটা বছৰতে তেওঁৰ কনিষ্ঠ পুত্র গেবিৰ জন্ম হয়।
সম্প্রতি লেভিনে আৰু এটি সন্তানৰ পিতৃত্ব অৰ্জনৰ ইচ্ছা প্রকাশ কৰিছে।ইতিমধ্যে তেওঁৰ সংসাৰ ১১ টি নাতি-পুতিৰে ভৰপূৰ হৈ আছে। স্বাভাৱিকতে লেভিনক গেবিৰ ককাক বুলি বহুতে ভুল কৰে। এই সম্পৰ্কত গেবিৰ মাতৃয়ে কয় যে তেওঁ বহুতৰে এই ভুল ধাৰণা ভাঙিবলগীয়া হৈছে।মহিলাগৰাকীয়ে কয় যে আইভিএফ পদ্ধতিৰে তেওঁলোকে গেৰিক সন্তানৰূপে পাইছে। অৱশ্যে
লেভিনৰ স্বাস্থ্য সুস্থ সবল হৈ আছে। কেনেদৰে তেওঁ স্বাস্থ্য অটুট ৰাখিবলৈ সক্ষম হৈছে তাৰ ৰহস্যও নিজে প্রকাশ কৰিছে। তেওঁ সদৰী কৰা অনুসৰি তেওঁ নিয়মিত শৰীৰ চর্চা কৰে। মদ তেওঁ কেতিয়াও পান নকৰে। আমিষ আহাৰো প্রায় গ্ৰহণ নকৰে।
তদুপৰি তেওঁ হৰম’নৰ ইনজেকচন গ্রহণ কৰে। এক সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত লেভিনে কয়, ‘সুশৃংখলিত জীৱন আৰু কাম-কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সময় অতিবাহিত কৰাটোৱে হ’ল তেওঁ চিৰতৰুণ হৈ থকাৰ ৰহস্য। মই আৰু মোৰ পত্নীয়ে কোনো কথাক লৈয়ে অধৈর্য নহওঁ। আমাৰ পৰিয়াললৈ আৰু এক সন্তান আহক। তাৰে কামনা কৰিছো।’





























