Daily horoscope:✒️মেষ: কর্মক্ষেত্রত সাফল্য আহিব। নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে। সামাজিক কামত সন্মান প্ৰাপ্তিৰ যোগ। দিনটো পুৰণি বন্ধুক লগ পাব পাৰে। মঙলৰ প্ৰভাৱৰ ফলত ৰক্তপাতৰ যোগ।
বৃষ: সামাজিক কামত সাফল্য আহিব। প্রয়োজনত বন্ধুৰ সহায়-সহযোগিতা লাভ কৰিব। নিজৰ দোষত জটিল সমস্যাত পৰিব পাৰে। সন্তানৰ কৰ্ম প্ৰাপ্তিৰ ফলত পিতৃ-মাতৰ আনন্দ লাভ।
মিথুন: কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে। দিনটোত শত্ৰুৱে ক্ষতিৰ চেষ্টা কৰিব। গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে। দিনটোত আনৰ উপকাৰ কৰিও নাম নাপাব।
কর্কট: কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। চাকৰি ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যোগ। মানসিক আঘাত পাব পাৰে। ভ্ৰমণত বিঘিনি ঘটিব পাৰে। গতিকে আজি ভ্রমণ নকৰাই ভাল।
সিংহ: পৰিকল্পিত অগ্ৰসৰৰ ক্ষেত্ৰত বাধা পৰিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম। ব্যৱসায়ত পৰিধি বিস্তাৰ লাভৰ যোগ। ওচৰ-চুবুৰীয়াৰ লগত কিবা বিষয় লৈ মত বিৰোধ হ’ব পাৰে।
কন্যা: দৈনন্দিন কর্মত সাফল্য আহিব। কাজিয়া-পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
তুলা: কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব। দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ আছে। ব্যৱসায়ত অপ্রত্যাশিতভাবে জটিলতাই দেখা দিব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বাধা। অর্থনৈতিক দিশত শুভ যদিও অযথা ব্যয়ৰ মাত্রা বৃদ্ধি পাব।
বৃশ্চিক: কর্মক্ষেত্রত মানসিক চাপ থাকিব। সন্তানে পিতৃ-মাতৃৰ মনত আনন্দ দিব। আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে। অসম্পূর্ণ কাম সমাপ্ত কৰি মনত আনন্দ অনুভৱ কৰিব। আত্মীয়ৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল।
ধনু: সামাজিক কামত আত্ম মযাদা বৃদ্ধিৰ যোগ। মনৰ আশা পূৰণ হ’ব পাৰে। সন্তানৰ বিদ্যা শিক্ষাক লৈ পিতৃ-মাতৃৰ চিন্তা থাকিব। নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব। জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব। আকস্মিক ধনপ্রাপ্তিৰ যোগ।
মকৰ: কৰ্মক্ষেত্ৰত সহকর্মীৰ লগত সম্পৰ্ক ভাল ৰখাৰ চেষ্টা কৰিব। অযথা কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। বিশেষ কামত সাফল্য আহিব। এই ৰাশিৰ ঠিকাদাৰসকলে নতুন কৰ্মৰ সন্ধান পাব পাৰে।
কুম্ভ: দৈনন্দিন কর্মত সাফল্য আহিব। ঘৰুৱা শান্তি বিঘ্নিত হ’ব পাৰে।সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। আর্থিক ক্ষেত্ৰত শুভ যদিও ব্যয়ৰ পৰিমাণও বৃদ্ধি পাব। লোহাৰ দ্বাৰা শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ। গতিতে চলা-ফুৰাৰ ক্ষেত্ৰত সাৱধান থাকিব।
মীন: কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব পাৰে। বিবাদত জয়ী হোৱাৰ সম্ভাৱনা আছে। দিনটোত নতুনকৈ চিন্তা-ধাৰণা কৰিব পাৰে। বিনা কাৰণত সন্মান হানি হ’ব পাৰে প্ৰেমত সাফল্য আহিব। সৰু-সুৰা বিষয় লৈ দাম্পত্যত অশান্তিৰ সূত্রপাত ঘটিব পাৰে































