Tamarind benefits:✒️তেতেলী খাবলৈ অধিকাংশ লোকেই ভাল পায়। বিশেষকৈ তেতেলীৰ আচাৰ বহুতৰে প্ৰিয়। স্বাদৰ সমান্তৰালকৈ শৰীৰৰ বাবেও তেতেলী অতি উপকাৰী। তেতেলীত এনে বহু স্বাস্থ্যগুণ আছে, যি শৰীৰৰ একাধিক সমস্যা নিয়ন্ত্ৰণত ৰাখে।
⇨ একাধিক গৱেষণাত দেখা গৈছে যে তেতেলীত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ থকাৰ বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণত সাহায্য কৰে।
⇨ তেজত শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰাখিবলৈ তেতেলী অত্যন্ত কাৰ্যকৰী। সেইবাবেই নিয়মিতৰূপে তেতেলী খালে মধুমেহত আক্ৰান্ত হোৱাৰ আশংকা হ্রাস পায়।
⇨ তেজত বেয়া কলেষ্টেৰ’লৰ মাত্রা কমোৱাত তেতেলীৰ ভূমিকা অপৰিসীম। ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকাও কমে।
⇨ তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, এন্টিঅক্সিডেন্ট উপাদান থকাৰ বাবে ই ছালক সুৰক্ষা দিয়ে।
⇨ তেতেলীৰ ৰসে শৰীৰত এইছ চি অ’ বা হাইড্র’ক্সিচিট্রিক এচিডৰ মাত্রা বৃদ্ধিত সহায় কৰে। এই এচিডে সহজে মেদ হ্রাস কৰাত সহায় কৰে।
⇨ তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু এন্টি-বেক্টেৰিয়েল উপাদান থাকে। এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। যিকোনো ধৰণৰ ক্ষতৰ উপশম ঘটোৱাতো তেতেলী অত্যন্ত কাৰ্যকৰী।
⇨ তেতেলীত প্ৰচুৰ পৰিমাণে মেলিক এচিড, টাৰটাৰিক এচিড আৰু পটাছিয়াম থাকে। এইবোৰে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।





























