Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

১২ হেজাৰ বছৰত প্ৰথমবাৰৰ বাবে ইথিঅ’পিয়াৰ আগ্নেয়গিৰি হায়লি গুব্বিৰ উদ্‌দ্গীৰণ

publisher by publisher
November 26, 2025
in world, News
Reading Time: 1 min read
0
১২ হেজাৰ বছৰত প্ৰথমবাৰৰ বাবে ইথিঅ’পিয়াৰ আগ্নেয়গিৰি হায়লি গুব্বিৰ উদ্‌দ্গীৰণ
1
SHARES
14
VIEWS
ShareShareShareShare

Volcano Erupts:✒️ভয়াৱহ বায়ু প্রদূষণক লৈ দিল্লী ককবকাই থকাৰ সময়তে সুদূৰ আফ্রিকাৰ দেশ ইথিঅ’পিয়াৰ এক আগ্নেয়গিৰি উদ্‌গীৰণে ভাৰততো একপ্রকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সম্প্ৰতি ইথিঅ’পিয়াৰ উত্তৰ-পূবৰ আফাৰ অঞ্চলস্থিত হায়লি গুব্বি আগ্নেয়গিৰিব ভয়াবহভাৱে উদ্‌গীৰণ ঘটে।

ADVERTISEMENT

ইয়াৰ লগে লগে আগ্নেয়গিবিৰ চৌপাশৰ অঞ্চলেই নহয়, সুদূৰ ভাৰতৰ বৃহৎ অংশ তথা পৃথিৱীৰ কে’বাখনো মহাদেশৰ আকাশমার্গ বিষাক্ত ছাই মহলি ডাঠ ডাৱৰে আগুৰি ধৰে। সমগ্র লোহিত সাগৰৰ য়েমেন আৰু অ’মানৰ ফালে ন মাইল পর্যন্ত উচ্চতালৈ এই ধোঁৱা উঠে। উল্লেখ্য যে বিশেষজ্ঞসকলৰ মতে বিগত ১২ হেজাৰ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটে। অর্থাৎ এই আগ্নেয়গিৰি এটা সুপ্ত আগ্নেয়গিৰি আছিল।

RelatedPosts

No Content Available

আগ্নেয়গিৰিটোৰ উদ্‌দ্গীৰণৰ ফলত লাভা আৰু ক’লা ধোঁৱাই চৌপাশ আগুৰি ধৰে। আনকি এই ছাই মিহলি ডাৱৰে উৰি আহি দিল্লীসহ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলকে ধৰি ৰাজস্থান, গুজৰাট আৰু পঞ্জাৱৰ আকাশ ঢাকি ধৰে। পৰিস্থিতি ইমানেই জটিল হৈ উঠে যে বিভিন্ন ভাৰতীয় বিমান সংস্থাই আজি বিমানৰ চলাচলো বাতিল কৰিবলগীয়া হয়। ভাৰতীয় অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’, আকছা এয়াৰ আদি বিমান সংস্থাই বহু বিমানৰ চলাচল বাতিল কৰে।

যাত্রা বাতিল হোৱা এই বিমানসমূহৰ মাজত দেশৰ ভিতৰত চলাচল কৰা আৰু বিদেশলৈ যাতায়াত কৰা বিমান আছে। তদুপৰি একাংশ আন্তর্জাতিক বিমানৰ যাত্রাপথ সলনি কৰা হয়। উল্লেখ্য যে বিগত দীপাৱলীৰ পৰা ভয়াৱহ প্ৰদূষণৰ কৱলত আছে দিল্লী। নির্মল বায়ুৰ বাবে দিল্লীবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। বায়ু প্ৰদূষণমুক্ত কৰি তোলাত ব্যর্থতা স্বীকাৰ কৰা কেন্দ্ৰ আৰু দিল্লীৰ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদো গঢ় লৈ উঠিছে।

এনে অৱস্থাতে ইথিঅ’পিয়াৰ আগ্নেয়গিৰিটোৰ উদ্‌দ্গীৰণৰ ফলত কেন্দ্রীয় শাসিত অঞ্চলটোৰ আকাশমাৰ্গও ক’লা ধোঁৱাই ছানি ধৰে। একেই অৱস্থাৰ সৃষ্টি হয় য়েমেন, অ’মান, পাকিস্তানকে ধৰি বিশ্বৰ বহুসংখ্যক দেশত। আগ্নেয়গিৰিটোৰ উদ্‌গীৰণৰ ফলত ছাই মিহলি ক’লা ধোঁৱাই লোহিত সাগৰৰ মুক্ত আকাশমাৰ্গৰে বিস্তীর্ণ অঞ্চল আগুৰি ধৰে। স্বাভাৱিকতে এই অভাবনীয় ঘটনাই উদ্বিগ্ন কৰি তোলে বিশ্বৰ বিজ্ঞান জগতক।

কৃত্রিম উপগ্রহীয় ফটোত দেখিবলৈ পোৱা মতে আগ্নেয়িগিৰি উদ্‌দ্গীৰণ ঘটাৰ লগে লগে ক’লা ডাঠ ধোঁৱাই আকাশমার্গ ছানি ধৰে। সৌভাগ্যবশতঃ এই ভয়ানক কাণ্ডৰ পৰা কোনোমতে ওচৰ-পাঁজৰৰ লোকসকলৰ প্ৰাণৰক্ষা পৰে। অৱশ্যে আগ্নেয়গিৰি উদ্‌গীৰণৰ ফলত ওচৰ-পাঁজৰৰ অঞ্চলৰ বিস্তীর্ণ চৰণীয়া পথাৰৰ ঘাঁহ-বন নষ্ট হয়। উত্তপ্ত লাভাই এই চৰণীয়া পথাৰসমূহ পুতি পেলোৱাত স্থানীয় গৰু-ম’হ পালকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা বুলি প্রকাশ কৰিছে স্থানীয় প্রশাসনিক বিষয়া মহম্মদ ছেইদে।

বোমা বিস্ফোৰণৰ দৰে শব্দৰ সৃষ্টি হৈছিল: স্থানীয় লোক

আগ্নেয়গিৰি উদ্‌গীৰণৰ সময়ত এক ভয়ানক বিস্ফোৰণৰ দৰে শব্দই চৌপাশ কঁপাই তোলে বুলি স্থানীয় লোকসকলে সংবাদ মাধ্যমক জনায়। স্থানীয় বাসিন্দা আহমেদ আব্দেলাই কয়, ‘মোৰ এনে অনুভৱ হৈছিল যে যেন কোনোবাই ধোঁৱা আৰু ছাইৰ স’তে এটা বোমা দলিয়ালে। হঠাতে ঘটা বোমা বিস্ফোৰণৰ দৰে মই অনুভৱ কৰিছিলো।’ মার্কিন মহাকাশ গবেষণা সংস্থা ‘নাছা’ৰ ফটোতো দেখিবলৈ পোৱা গৈছে উদ্‌দ্গীৰণৰ ফলত নির্গত ধূলি-ধোঁৱাই সমগ্র লোহিত সাগৰৰ আকাশমার্গ ছানি ধৰা। তীব্র বেগত এই ধোঁৱা আৰু ছাই ধাৱমান হৈ ভাৰতৰ আকাশমাৰ্গও ছানি ধৰে।

১৫০ কিলোমিটাৰ বেগত দিল্লীৰ আকাশলৈ উৰি আহিল

বিগত ১০ হেজাৰ বছৰ ধৰি সুপ্ত হৈ থকা হায়লি গুব্বি আগ্নেয়গিৰি উদ্‌গীৰণৰ ফলত নির্গত ছাই মিহলি ক’লা ধোঁৱাই ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত উৰি আহি ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰে। বিশেষজ্ঞসকলৰ মতে মানুহ আৰু আন প্রাণীৰ বাবে ক্ষতিকাৰক এই ধোঁৱাত ছালফার-ডাই-অক্সাইড মিহলি হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি যোৱা নিশা ১১ বজাত এই ছাই মিহলি ধোঁৱাৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ ঘটে। ক্রমে এই ধোঁৱা পূবমুৱাকৈ ববলৈ ধৰে। উল্লেখ্য যে ইথিঅ’পিয়াৰ আফাৰ অঞ্চলৰ ইটা এলে অঞ্চলত এলানি আগ্নেয়গিৰি অৱস্থিত। এই অঞ্চলৰ একেবাৰে দক্ষিণত অৱস্থিত হায়লি গুব্বি আগ্নেয়গিৰিৰ পৰা ইথিঅ’পিয়াৰ ৰাজধানী আদ্দি আবাবালৈ দূৰত্ব প্রায় আঠশ কিলোমিটাৰ। এই আগ্নেয়িগিৰি অৱস্থিত অঞ্চলৰ ভূভাগত গভীৰ ভূতাত্ত্বিক কার্যকলাপ চলি থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

ইয়াৰ কাৰণ হৈছে অঞ্চলটোৰ ভূভাগত দুখন শৈলমণ্ডলীয় ফলকৰ মিলন ঘটিছে। আফাৰ অঞ্চল সাগৰপৃষ্ঠৰ পৰা পাঁচশ মিটাৰ উচ্চতাত অৱস্থিত। অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে এই ছাই মিহলি ধোঁৱা বহু ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ইয়ে দিল্লীৰ প্ৰদূষণজনিত সমস্যা অধিক শোচনীয় নকৰে। এই সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্রই কয়, ‘মানুহ আতংকিত হোৱাৰ প্ৰয়োজন নাই। আমি কোনো পৰামর্শ আগবঢ়োৱা নাই। অৱশ্যে বিজ্ঞান সংস্থাসমূহৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি এই ধোঁৱাত থকা ছাইৰ ঘনত্ব অধিক হয় তেতিয়া ডাৱৰৰ সৃষ্টি হ’ব। দিল্লীৰ প্ৰদূষণৰ ওপৰত এই ছাই মিহলি ধোঁৱাই কোনো প্রভার নেপেলায়।’ তৎসত্ত্বেও এনে অনাকাংক্ষিত পৰিস্থিতিক লৈ বহু বিশেষজ্ঞ উদ্বিগ্ন হৈ আছে। আনহাতে, একাংশ বিশেষজ্ঞৰ মতে আজি নিশা ৭-৩০ বজাৰ পৰা পৰিস্থিতি উন্নত হয়। অর্থাৎ এই ক’লা ধোঁৱাৰ পৰা ভাৰতৰ আকাশ মুক্ত হ’বলৈ ধৰে। ইয়াৰ পূর্বে আজি বিভিন্ন বিমান সংস্থাই বহু সংখ্যক বিমানৰ চলাচল বাতিল কৰে। আনকি কেৰালাৰ কন্নুৰৰ পৰা আবু ধাবিগামী ইণ্ডিগ’ৰ ৬ই১৪৩৩ বিমানৰ যাত্রাপথ সলনি কৰা হয়। এই অভাৱনীয় পৰিস্থিতিৰ বাবে গুজৰাটৰ আহমেদাবাদ বিমানকোঠত বিমানখন অৱতৰণ কৰা হয়। যাত্রীসকলক কন্নুৰলৈ ওভতাই নিয়া হয় বুলি ইণ্ডিগ’ই প্রকাশ কৰিছে। একেদৰে কেৰালাবে কোচিৰ পৰা অন্ততঃ দুখন আন্তর্জাতিক বিমানৰ যাত্রা বাতিল কৰা হয়। আমস্ট্রাডামৰ পৰা দিল্লী অভিমুখী কেএল৮৭১ আৰু বিপৰীতমুখী কেএল৮৭২ বিমান দুখনৰ যাত্রা বাতিল কৰা হয়। এনেদৰে দিল্লী আন্তর্জাতিক বিমানকোঠতে বহুসংখ্যক বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা হয়। পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি বিমান সংস্থাসমূহে প্রকাশ কৰিছে।

১৯ খন আন্তর্জাতিক বিমানৰ চলাচল বাধাগ্রস্ত

এক সূত্ৰৰ মতে, আজি কমেও ১৯ খন আন্তর্জাতিক বিমানৰ চলাচলত ব্যাঘাত জন্মে। ইয়াৰে সাতখন বিমানৰ চলাচল বাতিল কৰা হয় আৰু ১২ খনৰ যাত্ৰা পলম হয়। যাত্রা বাতিল হোৱা আন্তর্জাতিক বিমানসমূহৰ অন্যতম হৈছে নেৱাৰ্কৰ পৰা দিল্লী, নিউয়ৰ্কৰ পৰা দিল্লী, ডুবাইৰ পৰা হায়দৰাবাদ, ডোহাৰ পৰা মুম্বাই, ডুবাইৰ পৰা চেন্নাই, দম্মামৰ পৰা মুম্বাই, ডোহাৰ পৰা দিল্লী, চেন্নাইৰ পৰা মুম্বাই আৰু হায়দৰাবাদৰ পৰা দিল্লীমুখী বিমান। ইয়াৰ পূৰ্বে দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহলৈ পৰামৰ্শ জাৰি কৰে। ইয়াৰ ভিত্তিত বিমান সংস্থাসমূহে বিমানৰ চলাচল বাতিল কৰে বা যাত্রাপথ সলনি কৰে। একেদৰে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগেও বিমান উৰণ-অৱতৰণৰ ফলত সতর্কবাণী প্রকাশ কৰে। ফলত আজিৰ দিনটোত ভাৰতকে ধৰি বিশ্বৰ এই বৃহৎ অংশত বিমানৰ নিয়মীয়া চলাচল বাধাগ্রস্ত হয়।

হতভম্ব বিজ্ঞানীসকল

সুদীর্ঘ ১২ বছৰৰ পাছত হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণক লৈ ভূবিজ্ঞানীসকল হতভম্ব হৈছে। এই সম্পর্কত ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী জুলিয়েট বিগছে কয়, ‘ইয়াৰ পূৰ্বে যদি সঁচাকৈয়ে এই আগ্নেয়গিৰৰ উদ্‌গীৰণ অন্তিম উদ্‌গীৰণ ১২ হেজাৰ বছৰ পূৰ্বে ঘটিছিল, তো মই দিকৈয়ে আচৰিত হ’ম। এটা ডাঙৰ ছাতিৰ দৰে ধোঁৱাই আকাশমাৰ্গ ছানি ধৰাৰ ঘটনা এই অঞ্চলত সঁচাকৈয়ে বিবল।’ উল্লেখ্য যে এই আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ সময়ত ইথিঅ’পিয়াতে আছিল ব্রিটেইনৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী ডেৰেক কেইৰ। এই বিষয়ত তেওঁ অধ্যয়ন আৰম্ভ কৰিছে।

১৯ খন আন্তর্জাতিক বিমানৰ চলাচল বাধাগ্রস্ত

এক সূত্ৰৰ মতে, আজি কমেও ১৯ খন আন্তর্জাতিক বিমানৰ চলাচলত ব্যাঘাত জন্মে। ইয়াৰে সাতখন বিমানৰ চলাচল বাতিল কৰা হয় আৰু ১২ খনৰ যাত্ৰা পলম হয়। যাত্রা বাতিল হোৱা আন্তর্জাতিক বিমানসমূহৰ অন্যতম হৈছে নেৱাৰ্কৰ পৰা দিল্লী, নিউয়ৰ্কৰ পৰা দিল্লী, ডুবাইৰ পৰা হায়দৰাবাদ, ডোহাৰ পৰা মুম্বাই, ডুবাইৰ পৰা চেন্নাই, দম্মামৰ পৰা মুম্বাই, ডোহাৰ পৰা দিল্লী, চেন্নাইৰ পৰা মুম্বাই আৰু হায়দৰাবাদৰ পৰা দিল্লীমুখী বিমান। ইয়াৰ পূৰ্বে দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহলৈ পৰামৰ্শ জাৰি কৰে। ইয়াৰ ভিত্তিত বিমান সংস্থাসমূহে বিমানৰ চলাচল বাতিল কৰে বা যাত্রাপথ সলনি কৰে। একেদৰে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগেও বিমান উৰণ-অৱতৰণৰ ফলত সতর্কবাণী প্রকাশ কৰে। ফলত আজিৰ দিনটোত ভাৰতকে ধৰি বিশ্বৰ এই বৃহৎ অংশত বিমানৰ নিয়মীয়া চলাচল বাধাগ্রস্ত হয়।

হতভম্ব বিজ্ঞানীসকল

সুদীর্ঘ ১২ বছৰৰ পাছত হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্‌দীৰণক লৈ ভূবিজ্ঞানীসকল হতভম্ব হৈছে। এই সম্পর্কত ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী জুলিয়েট বিগছে কয়, ‘ইয়াৰ পূৰ্বে যদি সঁচাকৈয়ে এই আগ্নেয়গিৰৰ উদ্‌দ্গীৰণ অন্তিম উদ্‌গীৰণ ১২ হেজাৰ বছৰ পূৰ্বে ঘটিছিল, তেন্তে মই সঁচাকৈয়ে আচৰিত হ’ম। এটা ডাঙৰ ছাতিৰ দৰে ধোঁৱাই আকাশমাৰ্গ ছানি ধৰাৰ ঘটনা এই অঞ্চলত সঁচাকৈয়ে বিৰল।’ উল্লেখ্য যে এই আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ সময়ত ইথিঅ’পিয়াতে আছিল ব্রিটেইনৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী ডেৰেক কেইৰ। এই বিষয়ত তেওঁ অধ্যয়ন আৰম্ভকৰিছে।

কেনেদৰে ভাৰতলৈ আহিল বিষাক্ত ছাই

ইথিউপিয়াৰ সুপ্ত আগ্নেয়গিৰি হায়লি গুব্বি হঠাৎ কালি সাৰ পাই উঠাত দূৰদূৰণিৰ আকাশমার্গো ছাইযুক্ত ক’লা ধোঁৱাই আগুৰি ধৰে। ক্রমে ভাৰতৰো বিস্তৃীর্ণ অঞ্চলৰ আকাশমার্গ ছানি ধৰে এই বিষাক্ত ধোঁৱাই। ছালফাৰ-ডাই-অক্সাইড মিহলি এই ঘন ছাই মেঘ পশ্চিম দিশৰ পৰা প্ৰথমে গুজৰাটত প্ৰৱেশ কৰে। তাৰ পাছতে ক্রমে ৰাজস্থান, দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ পশ্চিম মহাৰাষ্ট্ৰৰ আকাশমার্গত এই ক’লা ডাঠ ধোঁৱা দেখিবলৈ পোৱা যায়। এই সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্রই কয় যে আজি সন্ধিয়া এই বিষাক্ত ধোঁৱাই উত্তৰ-পূব ভাৰত হৈ চীনৰ দিশে গতি কৰে। ভূ-পৃষ্ঠৰ পৰা এই ছাই মেঘ ১৫ হেজাৰৰ পৰা ৪৫ হেজাৰ ফুট উচ্চতাত আছে বুলিও মহাপাত্রই সদৰী কৰে। গতিকে মানুহ তথা আন প্ৰাণীৰ ক্ষতি এই ছাই মেঘে নকৰে বুলি তেওঁ ক’বলৈ বিচাৰে। অৱশ্যে এই সংক্রান্তত কোনো চিকিৎসকে মন্তব্য কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Volcano Erupts
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d