তীখা নহয়, এবিধ বিশেষ ধৰণে তৈয়াৰী কাঠ যন্ত্র-সঁজুলি তৈয়াৰত ব্যৱহাৰ হোৱাৰ পথ প্রশস্ত হৈছে। একাংশ মার্কিন অভিযন্তা বিজ্ঞানীয়ে এই কাঠ উদ্ভাৱন কৰিছে। ‘ছুপাৰউড’ৰূপে আখ্যা দিয়া এই কাঠ গছ-গছনিৰ পৰাই সংগ্ৰহ কৰা। এনেদৰে সংগ্ৰহ কৰা কাঠৰ যান্ত্রিক আৰু ৰাসায়নিক পৰিৱৰ্তন সাধন কৰি ইয়াক শক্তিশালী আৰু আঘাত সহ্য কৰিব পৰা হয়।
অৱশ্যে এনে পৰিৱৰ্তন সত্ত্বেও এই কাঠ কেতবোৰ ঔদ্যোগিক ধাতুতকৈ পাতল হয়। আনকি এই ছুপাৰউড ব্যৱহাৰৰ অনুপযোগী হ’লে পেলাই থোৱা স্থানত পৰিৱেশৰ লগত মিলি যায়। তদুপৰি এই কৃত্রিম উপায়েৰে তৈয়াৰ কৰা কাঠ পুনৰচক্ৰীকৰণৰ ⇒ জৰিয়তে আকৌ ব্যৱহাৰ কৰিব পৰা হয়। তীখাৰ স্থানত ব্যৱহাৰ কৰিব পৰা এই কাঠ প্রথমে উদ্ভাৱন কৰে মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে। এই কাঠ প্রস্তুত কৰোতে প্রাকৃতিক কাঠত থকা কেতবোৰ মূল উপাদান আঁতৰ কৰা হয়। তাৰ পাছতে এনে এটা কাঠৰ টুকুৰাত চাপ দি ইয়াৰ আভ্যন্তৰ ঘন কৰা হয়। এনেদৰে কাঠৰ টুকুৰাটোক আঁহৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হয়। ফলত ইয়াৰ কাৰ্য ক্ষমতা সাধাৰণ কাঠতকৈ বৃদ্ধি পায়।
এনেদৰে শক্তিশালী কাঠ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পৰীক্ষাগাৰৰ পৰীক্ষণত ইতিবাচক ফলাফল দেখা গৈছে। অৱশ্যে এই অভিযন্তা-বিজ্ঞানীসকলৰ সফলতা পৰীক্ষাগাৰতে সীমাবদ্ধ থকা নাই। কাৰণ ইতিমধ্যে এনে কাঠৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে। এটা কোম্পানীয়ে বিক্রী কৰিবলৈ আৰম্ভ কৰা এই কাঠ নিম্ন কার্বন নির্গত কৰা সঁজুলিৰূপে ব্যৱহাৰ কৰিব পৰা হ’ব।
এনে কাঠ নির্মাণ খণ্ডৰ পৰা আৰম্ভ কৰি যানবাহন, বিমান আৰু প্ৰতিৰক্ষা সঁজুলি তৈয়াৰতো ব্যৱহাৰ কৰিব পৰা হ’ব বুলি চর্চা হৈছে। এই চমকপ্রদ উদ্ভাৱনৰ বিষয়ে বিশ্বখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ’ত প্রকাশ পাইছে। মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে এনে কাঠ উদ্ভাৱন কৰাৰ পাছত এই ক্ষেত্রত সহযোগ কৰে মার্কিন বন সেৱা বিভাগে। এই যৌথ প্রচেষ্টাত এই বিশেষ কাঠ উদ্ভাৱন কৰা হৈছে।
দ্বিতীয়টো পর্যায়ত এনে কাঠ উদ্ভাৱন কৰোতে প্রথমে কাঠত পোৱা লিগনিন আৰু হেমিচেলুলজ আংশিক্ষকভাৱে আঁতৰ কৰা হয়। তাৰ পাছতে গৰম চাপ প্রয়োগ কৰা হয়। ইয়ে কাঠৰ কোষীয় গঠন ধ্বংস কৰে আৰু ইয়াৰ আভ্যন্তৰীণ আঁহসমূহক লগ লগায়। ফলত এক ঘন কাঠৰ সামগ্রী তৈয়াৰ হয়।
ইয়াৰ শক্তি আৰু ওজনৰ অনুপাত অধিকাংশ গাঁথনিগতকৈ অধিক হয়। তদুপৰি এনে কাঠৰ যান্ত্রিক শক্তি ১০ গুণে বৃদ্ধি পায়। অৱশ্যে এই ক্ষেত্রত নিৰ্দিষ্ট কাঠবিধৰ গছৰ প্ৰজাতি অনুসৰিও কিছু কথা নিৰ্ভৰ কৰে। এই সম্পর্কত মার্কিন বন বিভাগে প্রকাশ কৰিছে যে এনেদৰে প্ৰস্তুত কৰা কাঠৰ মাত্রিক সুস্থিৰতা বৃদ্ধি পায়।
আনকি উচ্চ গ্রাঢ়তাতো এনে কাঠৰ মাত্রিক সুস্থিৰতা বৃদ্ধি পায়। যিটো প্রাকৃতিক বা পৰম্পৰাগত কাঠৰ সামগ্ৰীৰ এটা মূল দুর্বলতা। এনেদৰে উদ্ভাৱন কৰা কাঠৰ প্ৰসাৰণ, অণুজৈৱিক ক্ষয় আৰু জুই প্ৰতিৰোধৰ ক্ষমতাও আছে। তদুপৰি এই কাঠ পৰিৱেশ অনুকূল হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ চাহিদা বৃদ্ধি পাইছে।
এনে এটুকুৰা কাঠৰ এক এক্সৰে পৰীক্ষাত আৰু ইলেকট্র’ন মাইক্র’স্কপত দেখা গৈছে যে ইয়াৰ চেলুলজ নেন’ফাইবাৰ সু-সজ্জিত হৈছে। ইয়ে ঘন হাইড্র’জেন বণ্ডিঙক সূচায়। ফলত এনে এটুকুৰা কাঠৰ গঠন সহজে বিকৃত নহয় আৰু ভাঙি নপৰে।
এনেদৰে উদ্ভাৱন কৰা কাঠৰ ওজন ধাতুতকৈ কম হ’লেও ই দেখাতকৈ অধিক শক্তিশালী। ইয়াৰ কার্য সম্পাদনো অধিক হয়। বিশেষজ্ঞসকলৰ মতে এনে এডোখৰ কাঠৰ ওজন তীখাতকৈ ছগুণ কম হয়। তদুপৰি তীখাতকৈ এনে কাঠৰ আভ্যন্তৰীণ গঠন বহুগুণে শক্তিশালী হয়। কাৰণ এনে কাঠৰ অভ্যন্তৰৰ গতি শক্তি সাধাৰণ কাঠতকৈ অধিক হয়। ওক, পাইন আদি গছৰ পৰা এনে কাঠ ইতিমধ্যে তৈয়াৰ কৰা হৈছে। এনে ধৰণৰ কাঠৰে দুৱাৰ-খিৰিকী আদিও নিৰ্মাণ কৰিব পৰা হ’ব।
বিশেষজ্ঞসকলে আশা প্রকাশ কৰিছে যে ঔদ্যোগিক ক্ষেত্ৰত এনে কাঠৰ বহুল ব্যৱহাৰে পৰিৱেশ ৰক্ষা তথা জলবায়ু পৰিৱৰ্তন ৰোধতো সহায় কৰিব। ইতিমধ্যে এই ছুপাৰউডৰ বজাৰত প্ৰৱেশ ঘটিছে।





























