Indigo Flight Bomb Threat:✒️দেশজুৰি বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈছে ইণ্ডিগ’ এয়াৰলাইন্স। একেৰাহে দুদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ কাৰ্যকৰী সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে বোমাৰ আতংক। ছৌদি আৰৱৰ মদিনাৰ পৰা হায়দৰাবাদ অভিমুখী বিমানৰ জৰুৰী অৱতৰণ আহমেদাবাদত।
বৃহস্পতিবাৰে ছৌদি আৰৱৰ মদিনাৰ পৰা তেলেংগানাৰ হায়দৰাবাদ অভিমুখী ৬E ০৫৮-এ বিমানত বোমাৰ ভাবুকি লাভ কৰে। তাৰ পাছতে বিমানখনে আহমেদাবাদ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি বিমানখনত ১৮০ জন যাত্ৰী আৰু ছজন ক্ৰু আছিল।আহমেদাবাদ বিমানবন্দৰত বিমানখন নিৰাপদে অৱতৰণ হোৱা বুলি আৰক্ষী উপ আয়ুক্ত অতুল বংছালে জানিবলৈ দিয়ে। বিমানখন দুপৰীয়া প্ৰায় ১২.৩০ বজাত নামিল । আটাইকেইজন যাত্ৰী আৰু ক্ৰুক নমাই দিয়া হৈছে।
বংছালে কয়, “বিমানখন মদিনাহৰ পৰা হায়দৰাবাদলৈ উৰা মাৰি থকাৰ সময়তে ইণ্ডিগ’ই এটা ইমেইল পাইছিল যে বিমানখনত বোমা আছে। পাইলটে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইয়াত অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ আহমেদাবাদ নিকটতম বিমানবন্দৰ।”
বিমানখন অৱতৰণ কৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। তেওঁলোকে চিআইএছএফ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক সহায় কৰে। অৱশ্যে বিমানখনত সন্দেহজনক একো পোৱা নগ’ল বুলিও তেওঁ কয়।






























