IndiGo:✒️ইণ্ডিগ’ৰ কাণ্ডৰ পাছতে দেশৰ বিমান নিয়ন্ত্ৰণ কৰ্তৃপক্ষ ডিজিচিএই চাৰিজন ‘বিমান পৰিচালনা পৰিদৰ্শক’ক নিলম্বন কৰিছে।
ডিজিচিএই ‘ফ্লাইট অপাৰেচন ইন্সপেক্টৰ’ নিযুক্তি দিয়ে যাতে বিভিন্ন বিমান সংস্থাৰ যাত্ৰী সেৱাত কিবা অভাৱ আছে নে নাই আৰু বিমান সংস্থাসমূহৰ হাতত সেৱা প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো সম্পদ আছে নে নাই তাক তদাৰক কৰে।
ডিজিচিএৰ সূত্ৰই জনোৱা মতে, চাকৰিৰ পৰা বৰ্খাস্ত কৰা চাৰিজন ব্যক্তিয়ে ইণ্ডিগ’ৰ কাৰ্য্যকলাপ চোৱাচিতা কৰাৰ দায়িত্ব লৈছিল, যিটো কৰ্তব্য তেওঁলোকে পালন কৰাত ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে।
ইণ্ডিগ’ কাণ্ডৰ পাছতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ডিজিচিএৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
চাৰিজন বিষয়াক নিলম্বন কৰি মন্ত্ৰীয়ে তোলা গাফিলতিৰ অভিযোগত ছিলমোহৰ দিলে নেকি ডিজিচিএই ? বিভিন্ন মহলত এতিয়া এই প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ হৈছে ।
বিমান চলাচলৰ ব্যাঘাতৰ বাবে এসপ্তাহতকৈও অধিক সময় ধৰি বহু যাত্ৰীয়ে ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিত ডিজিচিএই ইণ্ডিগ’ৰ কাম-কাজ নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে।
ডিজিচিএৰ বিষয়াসকলেও বিমান সংস্থাটোৰ মুখ্য কাৰ্যালয়ত ঘাটি স্থাপন কৰিছে।এই বিষয়াসকলে ইণ্ডিগ’ৰ কৰ্মচাৰীৰ কৰ্তব্যৰ ৰষ্টাৰ পৰীক্ষা কৰি আছে, লগতে কোম্পানীটোৱে এতিয়াও কিমান বিমান বাতিল কৰি আছে, আৰু বাকী বিমানসমূহ সময়মতে চলি আছে নে নাই যাত্ৰীসকলক তেওঁলোকৰ টিকটৰ ভাড়া আৰু চেক-ইন কৰা সামগ্ৰীৰ ধন সঠিকভাৱে ঘূৰাই দিয়া হৈছে নে নাই সেই বিষয়ে তেওঁলোকে নিৰীক্ষণ কৰিব।
সূত্ৰই জনোৱা মতে, তেওঁলোকক দৈনিক প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে।ইণ্ডিগ’ৰ সংকটৰ কাৰণসমূহৰ তদন্তৰ বাবে ডিজিচিএই গঠন কৰা চাৰিজনীয়া পেনেলৰ সন্মুখত হাজিৰ হৈছে ইণ্ডিগ’ৰ চিইঅ’।
শেহতীয়াকৈ সংঘটিত হোৱা অনিয়মৰ বিষয়ে বিস্তৃত তথ্য সন্নিবিষ্ট কৰি বিতং প্ৰতিবেদন দিবলৈ কোৱা হৈছে।সূত্ৰ অনুসৰি, এতিয়া মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক ফলপ্ৰসূভাৱে প্ৰমাণ কৰাৰ দায়িত্ব দিয়া হৈছে যে তেওঁলোকৰ ফালৰ পৰা পৰিঘটনাসমূহ ইচ্ছাকৃতভাৱে হোৱা নাছিল।





























