Dhing Incident:
এক ভূমিকেন্দ্রিক সংঘাতক কেন্দ্ৰ কৰি ধিঙৰ পটিয়া পথাৰত আজি পুৱা একাংশৰ মাজত হোৱা এক তয়াময়া সংঘর্ষত শিশু-মহিলাসহ কমেও ১২ জন লোক আহত হয়। ইয়াৰে ছজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জনাইছে। অভিযোগ অনুসৰি পটিয়া পথাৰৰ নুৰ জামালৰ নেতৃত্বত মুছাৰফ হুছেইন, মুজাৰুল হক, মুজিবুৰ ৰহমান, ৱাহেদ আলী, ছাহেদ আলীয়ে এক ভাড়াতীয়া গুণ্ডা বাহিনী লৈ হাছেন আলীৰ পৰিয়ালক প্রথমে আক্রমণ কৰে। লগে লগে দুয়োপক্ষৰ মাজত আক্রমণ-প্রত্যাক্ৰমণৰ সূচনা হয়।
এই আক্রমণ-প্রত্যাক্রমণত তফাজুল ইছলাম, হুছেইন আলী, হাছেন আলী, আবু কালাম, ৰছিদুল ইছলাম, মুজিবুৰ ৰহমান, ৰফিকুল ইছলাম, নুৰ জামাল নামৰ লোককেইজনৰ লগতে এগৰাকী মহিলা আৰু শিশুও আহত হয়। পাছত আহতসকলক ধিং এফআৰইউত ভৰ্তি কৰা হয় যদিও তেওঁলোকৰ ছজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত দুয়োপক্ষই পৰস্পৰৰ বিপক্ষে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই সংঘৰ্ষৰ ফলত পটিয়া পথাৰৰ মাটি ৰাঙলী হৈ পৰে। উল্লেখ্য যে পটিয়া পথাৰ অঞ্চলত প্ৰায়ে এনেধৰণৰ ভূমিকেন্দ্ৰিক সংঘাতৰ ঘটনা সংঘটিত হৈ থাকে।



































