Dhing:
ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু আদিত্য জীৱন ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হৈ থকা খোল বাদন আৰু সত্ৰীয়া নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা খনিৰ আজি সফল সামৰণি পৰে। এইবাৰৰ বাৰ দিনীয়া এই কৰ্মশালাত ধিং অঞ্চলৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি আজি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয়।
বিশিষ্ট শিক্ষাবিদ -শ্ৰী শ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি বকুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দিগন্ত বৰাই। বৰাই নিজৰ ভাষণত শ্ৰী শ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰই নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্ট সত্ৰীয়া নৃত্য -সংগীত বিশুদ্ধ ৰূপক শিকোৱাৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপ সমূহ ব্যাখ্যা কৰে।
ইপিনে,সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লেখক -জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসে কয়,”অসমীয়া জাতি সাংস্কৃতিক ভাৱে অতি চহকী।এই সংস্কৃতিক সঠিক আৰু বিশুদ্ধ ৰূপত কিশোৱা আৰু উপস্থাপন কৰাত সজাগ আৰু সচেতন হোৱা উচিত।এটা জাতি সমৃদ্ধ হয় চহকী সংস্কৃতিৰ দ্বাৰা। সংস্কৃতিৰ বোঁৱতী নদীখন সদাই বোঁবাই ৰখাৰ দায়িত্ব সকলোৰে।”
শ্ৰী শ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰই উত্তৰ ধিঙত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি দাসে লগতে আৰু কয়,”কুৰিটা বছৰে এই অনুষ্ঠানটিয়ে গুৰুজনাৰ সৃষ্ট সংষ্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অহোপুৰুষাৰ্থ কৰি আহিছে । ইয়াৰ প্ৰশিক্ষাৰ্থীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিব পাৰিছে। বৰ্তমান সময়ত ক্ৰীড়া আৰু সংস্কৃতিৰ জৰিয়তেও যে প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই কথা এতিয়া সকলোৱে গম পাইছে।সেয়ে অভিভাৱক সকলো এতিয়া নিজৰ সন্তানক এই ক্ষেত্ৰৰ সৈতে জড়িত কৰিবলৈ আগ্ৰহী হৈছে। ই সমাজৰ বাবে শুভ লক্ষণ।”
সভাত আমন্ত্ৰিত অতিথিৰ ভাষণত বিশিষ্ট সাংস্কৃতিক কৰ্মী দিপক কুমাৰ নাথে কয় যে, অভিভাৱক সকলে নিজৰ সন্তানক স্ব প্ৰতিভাৰে উজ্বলি উঠিব পৰাকৈ ক্ৰীড়া -সাংস্কৃতিক ক্ষেত্ৰলৈ আগুৱাই দিব লাগে।
এই সভাতেই শিক্ষাৰ্থী সকলে সত্ৰীয়া নৃত্য,খোলবাদন,শ্ৰী কৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰে। আনহাতে আজিৰ এই সভাতেই কৃতীমান প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ সমূহ প্ৰদান কৰা হয়।সভাত বলেন মেধি,গজেন নাথ,পোৱাল চন্দ্ৰ দাসৰ লগতে প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰো উপস্থিত থাকে।






























