Delhi:✒️প্ৰদূষণৰ বিধ্বস্ত দিল্লী ।প্ৰতিদিনে অভিলেখ ভংগ কৰিছে আতংকজনক AQI (Air Quality Index) য়ে। সংকটজনক এই পৰিস্থিতিত সহায়ৰ বাবে আহিছে চুবুৰীয়া দেশ চীন ।
সোমবাৰে চীনে এক বিবৃতি প্ৰকাশ কৰি জনায় যে, প্ৰদূষণ সমস্যাৰ স’তে মোকাবিলা কৰিবলৈ কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শৰ এখন তালিকা প্ৰকাশ কৰিব।চীনে নিজৰ দেশতে বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহ ভাৰতৰ স’তে ভাগ কৰিব।
সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত চীনে ঘোষণা কৰে যে বায়ু প্ৰদূষণৰ স’তে মোকাবিলা কৰিবলৈ ভাৰতৰ স’তে হাতে হাত ধৰি কাম কৰিবলৈ সাজু।
ক্ৰমবৰ্ধমান পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে চীনে ইতিমধ্যে কেইবাটাও বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙেও চীন আৰু ভাৰতৰ বায়ুৰ গুণাগুণ তুলনা কৰি ছবি শ্বেয়াৰ কৰে।
ক্ৰমবৰ্ধমান পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে চীনে ইতিমধ্যে কেইবাটাও বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙেও চীন আৰু ভাৰতৰ বায়ুৰ গুণাগুণ তুলনা কৰি ছবিও শ্বেয়াৰ কৰে।
এক্সত ইউ জিঙে কয় যে, “দ্ৰুত প্ৰদূষণত ভাৰত আৰু চীন দুয়োখন দেশেই যুঁজিছে। এই সমস্যা এতিয়া আমাৰ বাবে এক অত্যন্ত গুৰুতৰ বিষয় হৈ পৰিছে। অৱশ্যে বিগত দশকত চীনৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত প্ৰদূষণৰ সমস্যা মোকাবিলা কৰাত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে।’
চীনৰ মুখপাত্ৰগৰাকীয়ে কয় যে চীনে এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিছে ভাৰতৰ সৈতে ভাগ-বতৰা কৰিব। ইউ জিঙে ছ’চিয়েল মিডিয়াত লিখিছে, “চীনে বায়ু প্ৰদূষণৰ সৈতে কেনেদৰে মোকাবিলা কৰিছে সেয়া ধাৰাবাহিকভাৱে সৰু সৰু ছিৰিজৰ জৰিয়তে প্ৰকাশ পাব।’
এই পদ্ধতি গ্ৰহণ কৰি চীনৰ বায়ুৰ গুণাগুণ উন্নত হোৱা বুলি দাবী কৰিছে। ছবিখনত দেখা গৈছে যে বেইজিঙৰ বৰ্তমানৰ AQI ৬৮, আনহাতে দিল্লীৰ AQI ৪৪৭।






























