বিগত দুই-তিনি বছৰত দেখা গ’ল যে বহু অঞ্চলত বাৰিষা পানীৰ প্ৰচণ্ড নাটনিৰ বাবে কৃষিকৰ্মত ব্যাঘাত জন্মিল। একাংশ বিজ্ঞানীৰ মতে এয়া মাথোঁ পৃথিবীখন জলশূন্য হোৱাৰ দিশত অগ্ৰসৰ হোৱাৰ এক লক্ষণহে। এই বিজ্ঞানীসকলৰ মতে অচিৰে এনে এটা দিন আহি আছে যেতিয়া এদিন আপুনি পুৱা শুই উঠি মুখ-হাত ধুবলৈ ঘৰৰ পানীৰ টেপটো খুলি পানী নাপাব!
টেপত পানী নোলোৱাৰ কাৰণ পানীৰ পাইপ ভঙাৰ বাবে নহয়। তাৰ পৰিৱৰ্তে আপোনাৰ ঘৰলৈ পানী যোগান ধৰা জলাধাৰ বা জলাশয় শুকাই যোৱাৰ ফলত আপুনি মুখখন ধুবলৈও পানী নাপালে। খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা ধাৰণা কৰাৰ লেখীয়াকৈ বহু বছৰৰ পাছত নহয়, চলিত শতিকাতে এনে জটিল অৱস্থাৰ সৃষ্টিৰ আশংকা আছে।
বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে ২০২০ৰ দশকত ভাৰতকে ধৰি পৃথিৱীৰ কেতবোৰ অঞ্চলত পানীৰ এনে নাটনি সৃষ্টিৰ লক্ষণ ফুটি উঠে। এই অৱস্থাক ‘দিন শূন্য খৰাং’ বুলি কোৱা হয়। এই দিন শূন্য খৰাং প্রত্যক্ষ কৰাৰ বাবে অধিক বছৰ অপেক্ষা কৰিবলগীয়া নহ’ব বুলিও বিজ্ঞানীসকলে সতর্ক কৰি দিছে।
বিজ্ঞানীসকলৰ মতে কে’বাটাও কাৰকে এনে জটিল পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা আছে। পৃথিৱীত পানীৰ বৰ্ধিত চাহিদা আৰু জলাশয় সংকুচিত হোৱাটো হৈছে ইয়াৰ প্ৰধান কাৰণ। জলবায়ুৰ এলানি অনুকৃতি ব্যৱহাৰ কৰি কৰা গৱেষণাত বিজ্ঞানীসকলে তথ্য উদ্ধাৰ কৰিছে যে খৰাংপ্ৰৱণ অঞ্চলসমূহে আগন্তুক ২১শৰ ভিতৰত অভূতপূর্ব খৰাঙৰ সন্মুখীন হ’ব।
এই অভূতপূর্ব খৰাং সৃষ্টি কৰিব পানীৰ নাটনিয়ে। এনে আসন্ন জটিল অৱস্থাৰ বাবে বিজ্ঞানীসকলে মানবসৃষ্ট জলবায়ু পৰিৱৰ্তনক দায়ী কৰিছে। অর্থাৎ বতৰৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ বাবে এই প্রচণ্ড পানীৰ নাটনি পৃথিৱীত সৃষ্টি নহয়। বিগত কিছু বছৰত দেখা গ’ল যে ভাৰতৰ চেন্নাই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ দৰে চহৰসমূহৰ বাসিন্দাই খোৱাপানীৰ নাটনিৰ সম্মুখীন হয়।
একে জটিল অৱস্থাৰ সৃষ্টি হয় দক্ষিণ আফ্রিকাৰ কেপটাউন চহৰত। ২০১৮৩ কেপটাউনৰ বাসিন্দাসকলে পানী যোগান ধৰা টেপত পানী পোৱা নাছিল। ইয়াৰ আগৰ তিনি বছৰত চহৰখনত বৰষুণৰ প্ৰচণ্ড ঘাটি হৈছিল। গতিকে দিন শূন্য খৰাঙলৈ পৃথিৱীৰ বহু অঞ্চল অগ্ৰসৰ হৈছে বুলি বিজ্ঞানীসকলে উদ্বেগ প্রকাশ কৰিছে।
এনে জটিল পৰিস্থিতি ঘাইকৈ ভূমধ্য সাগৰীয় অঞ্চল, আফ্রিকা আৰু উত্তৰ আমেৰিকাত সৃষ্টিৰ আশংকা প্রবল। তদুপৰি ভাৰতৰ কেতবোৰ অঞ্চল, চীনৰ উত্তৰাঞ্চল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণাঞ্চলতো কিছু বছৰৰ পাছতে পানীৰ নাটনি প্রবল হৈ উঠিব পাৰে।
ইতিমধ্যে এই অঞ্চলসমূহৰ কেতবোৰ স্থানত বিগত চাৰি-পাঁচ বছৰত বৰষুণৰ দিনতে খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। যিবোৰ অঞ্চলে বর্তমানলৈ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই, সেই অঞ্চলসমূহলৈও চলিত দশকৰ বাকী থকা বছৰকেইটাত বা আগন্তুক ২০৩০ৰ দশকত এনে পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা আছে।
গৱেষণাত পোহৰলৈ অহা অনুসৰি বিশ্বৰ বৃহৎ জলাশয়সমূহৰ ১৪ শতাংশই আগন্তুক কিছু বছৰত শুকাই তৰাং হোৱাৰ আশংকা আছে। গতিকে যিসকল লোকে খোৱাপানী, জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন, কল-কাৰখানা আদি চলোৱাৰ বাবে এনে প্রাকৃতিক জল উৎসৰ ওপৰত নিৰ্ভৰ কৰে। সেইসকলে আন সকলতকৈ পূর্বে জল সংকটৰ সন্মুখীন হ’ব।
বিজ্ঞানীসকলে আশংকা কৰিছে যে চলিত শতিকাৰ ভিতৰতে পৃথিৱীৰ ৭৫ কোটি অধিক লোক জলসংকটৰ সন্মুখীন হ’ব। এই ক্ষেত্রত অধিক স্পৰ্শকাতৰ হৈছে নগৰ-চহৰত বাস কৰা লোকসকল।
বিভিন্ন নগৰ-চহৰত বাস কৰা ৪৬ কোটিৰো অধিক লোক আগন্তুক কিছু বছৰত প্ৰচণ্ড জলসংকটৰ সম্মুখীন হ’ব। ইয়াৰ উপৰি গ্রামাঞ্চলসমূহৰ ২৮ কোটিৰো অধিক লোকে পানীৰ নাটনিৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’ব পাৰে। ভূমধ্য সাগৰীয় অঞ্চলসমূহৰ বাসিন্দাসকল জল সংকটৰ দিশৰ পৰা অধিক স্পৰ্শকাতৰ হৈছে।
অৱশ্যে এছিয়া, আফ্ৰিকাৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ লোকসকলো এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ইয়াৰ কাৰণ হৈছে এনে অঞ্চলসমূহৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। আনকি এই অঞ্চলসমূহৰ ৬১ শতাংশ স্থানৰ উষ্ণতা শেহতীয়াভাৱে এক ডিগ্ৰীৰ পৰা ২.৫ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি পাইছে।
এই উষ্ণতা বৃদ্ধিয়ে পানীৰ নাটনি তীব্ৰতৰ কৰি তোলাৰ আশংকা বহন কৰিছে। উষ্ণতা বৃদ্ধিৰো কাৰণ হৈছে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন।






























