Global Warming:✒️জলবায়ু পৰিৱৰ্তনৰ অশুভ প্রভাৱ আগন্তুক কিছু বছৰতে অধিক স্পষ্ট ৰূপত দেখাৰ সম্ভাৱনা প্রবল হৈছে। একাংশ বতৰ বিজ্ঞানীয়ে মতপোষণ কৰিছে যে সমগ্র দেশেই এক নতুন অনাকাংক্ষিত পৰিৱেশৰ স্থলীত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে।
এই বিজ্ঞানীসকলৰ মতে বৰ্তমানৰ ছটা ঋতুৰ ঠাইত ভাৰতবৰ্ষ মাথোঁ দুটা ঋতুৰ স্থানলৈ পৰিণত হোৱাৰ আশংকা প্রবল হৈছে। অর্থাৎ গ্রীষ্ম, বর্ষা, শৰৎ, শীত, হেমন্ত আৰু বসন্ত ঋতুৰ ঠাইত কেৱল বর্ষা আৰু শীত ঋতুহে থাকিব পাৰে।
কাৰণ এইবাৰৰ ফেব্ৰুৱাৰীতে জাৰৰ নাম গোন্ধ নোহোৱা হয়। তাৰ ঠাইত গৰম অনুভৱ হ’বলৈ ধৰে। অৱশ্যে কেৱল এইবাৰেই নহয়, বিগত ১২-১৩ বছৰত বতৰৰ এনে পৰিৱৰ্তন দেখা গ’ল। সেয়েহে বিজ্ঞানীসকলে ধাৰণা কৰিছে যে আগন্তুক কিছু বছৰত ঋতু বুলিবলৈ কেৱল বর্ষা আৰু শীতহে থাকিব।
ইয়াৰে শীতৰ দিন কম হ’ব। বতৰ বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে বিগত ১৫ বছৰত কে’বাবাৰো দেশত সৰ্বকালৰ ভিতৰতে অধিক গৰম পৰে। আনকি ১৯০১ৰ পাছত বিগত বছৰটো অষ্টমবাৰ সবাতোকৈ উষ্ণ বৰ্ষত পৰিণত হয়।
এই অৱস্থা অব্যাহত থাকিলে আগন্তুক সময়ত ঋতুগত বৃহৎ পৰিৱৰ্তন অহাৰ আশংকা নুই কৰিব নোৱাৰি। লক্ষ্যণীয়ভারে হিমালয়তো তুষাৰপাত ক্রমে হ্রাস পাবলৈ ধৰিছে। আনকি বিগত পাঁচ বছৰত হিমালয়ত তুষাৰ খৰাং হয়। অর্থাৎ প্রত্যাশিত হাৰত পর্বতত তুষাৰপাত নহ’ল। ইয়েও জীৱজগতৰ প্রতি অশনি সংকেতব সৃষ্টি কৰিছে। কাৰণ পৃথিৱীখনক জীৱৰ বাসোপযোগী কৰি ৰখাত হিমালয়েও অন্যতম মূল ভূমিকা পালন কৰি আহিছে।






























