পঁইতাচোৰা সচৰাচৰ মানুহৰ বাবে বিৰক্তিকৰ তথা লেতেৰা প্রাণীৰূপেই পৰিচিত। অৱশ্যে জীৱবিজ্ঞান আৰু আচৰম বিজ্ঞানত এইবিধ প্রাণী দীর্ঘদিনৰ পৰাই গৱেষণাৰ বিশেষ বিষয়, কাৰণ পঁইতাচোৰাক অত্যন্ত দীর্ঘস্থায়ী আৰু অভিযোজনক্ষম প্রাণী বুলি কোৱা হয়।
সাম্প্রতিক গবেষণাত দেখা গৈছে যে চাপৰ মাজত পৰিলে পইতাচোৰাৰ সিদ্ধান্ত লোৱাৰ ধৰণ আৰু পছন্দ সলনি হৈ পৰে। অৰ্থাৎ পৰিৱেশগত অৱসাদ বা ভয়-ভীতিৰ পৰিস্থিতিত সিহঁতৰ আচৰণ স্বাভাৱিক অৱস্থাতকৈ পৃথক হৈ পৰে।
স্বাভাৱিক পৰিস্থিতিত পঁইতাচোৰা আচৰণ অতি পূর্বাভাসযোগ্য। উদাহৰণস্বৰূপে সিহঁতে অন্ধকাৰ আৰু আর্দ্র স্থান পছন্দ কৰে, খাদ্যৰ উৎস চিনাক্ত কৰি সেইফালে আগুৱাই যায় আৰু বিপদ দেখিলে লুকাই পৰে।
এই আচৰণবোৰ প্ৰধানকৈ প্রবৃত্তিনিৰ্ভৰ আৰু ই জীয়াই থকাত সহায় কৰে।আনহাতে, গৱেষণাই দাবী কৰিছে যে যেতিয়া পঁইতাচোৰাই চাপ অনুভৱ কৰে, তেতিয়া সিহঁতৰ সিদ্ধান্ত হঠাৎ পৰিৱৰ্তিত হয়।
উদাহৰণস্বৰূপে, যদি পোহৰ, শব্দ, কম্পন, চিকাৰীৰ আক্ৰমণ বা ৰাসায়নিক উত্তেজক দিয়া হয়; তেতিয়া সিহঁতে স্বাভাবিকতকৈ দ্রুতগতিৰে দৌৰে, নতুন দিশ বাছি লয়, কেতিয়াবা উজ্জ্বল পোহৰৰ মাজত সোমাই পৰে বা খাদ্য পছন্দ পৰিৱৰ্তন কৰে।
এই আচৰণে দেখায় যে উত্তেজনাপূর্ণ পৰিস্থিতিত সিহঁতৰ সিদ্ধান্ত গ্রহণ আৰু খেলিমেলি থকা তথা প্রত্যাহ্বানজনক হৈ পৰে।
একাংশ গৱেষকৰ মতে, এই অন্তৰালত কাম কৰে স্নায়ুতন্ত্র- যি বিপদৰ পৰা দ্রুত পলায়নৰ সংকেত দিয়ে। ষ্ট্ৰেছৰ সময়ত সিহঁতে আগৰ পেটার্ণ বা শিকা আচৰণ অনুসৰণ নকৰে, বৰঞ্চ ‘জীৱন বচোৱাৰ দ্রুত কৌশল’ বাছি লয়।
এই আচৰণ কেৱল পোক-পৰুৱা গৱেষণাৰ বাবে নহয়, বৰঞ্চ বৃহত্তৰ স্নায়ুবিজ্ঞান আৰু আচৰণ বিজ্ঞানৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ ই দেখায় যে চাপৰ মাজত সিদ্ধান্ত লোৱাৰ ধৰণ কেৱল মানুহৰেই সমস্যা নহয়, সৰু প্ৰাণীবোৰৰ মাজতো ইয়াক দেখা যায়।
বহু ক্ষেত্ৰত মানুহৰ ‘ষ্ট্ৰেছ ডিচিচন-মেকিং’ আৰু পঁইতাচোৰাৰ প্রতিক্ৰিয়াৰ মাজতো মিল বিচাৰি পোৱা যায়।সেয়ে বিজ্ঞানীসকলে এই গৱেষণাক স্ট্রেছ, সিদ্ধান্ত গ্রহণ আৰু জীয়াই থকাৰ কৌশলক লৈ আৰু বিস্তৃত গৱেষণাৰ এক অংশৰূপেই গ্ৰহণ কৰিছে।






























