জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল তাপমাত্রা বৃদ্ধি বা বতৰৰ চৰম অৱস্থাৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰ স’তে জড়িত হৈ আছে মানুহৰ স্বাস্থ্যত নীৰৱ যদিও মাৰাত্মক ক্ষতি। সাম্প্রতিক বছৰসমূহত বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে গৰমপানীত বসবাসকাৰী কেতবোৰ বিপজ্জনক এমিবা লাহে লাহে বিশ্বজুৰি বিয়পি পৰিছে।
এই অণুজীৱসমূহৰ ভিতৰত সবাতোকৈ ভয়ংকৰ হ’ল নেগ্লেৰিয়া ফাউলেৰী, যাক সততে ‘ব্রেইন-ইটিং এমিবা’ বুলি কোৱা হয়। নেগ্লেৰিয়া ফাউলেৰী সাধাৰণতে গৰমপানী যেনে হ্রদ, নদী, গৰমপানীৰ ঝর্ণা তথা সঠিকভাৱে ৰক্ষণাবেক্ষণ নকৰা ছুইমিং পুলত জীয়াই থাকে।
পানী যেতিয়া নাকেৰে শৰীৰত প্ৰৱেশ কৰে, তেতিয়া এই এমিবাই মস্তিষ্কত উপস্থিত হৈ মাৰাত্মক সংক্রমণ ঘটাব পাৰে। এই সংক্ৰমণৰ নাম প্রাইমেৰী এমিবিক মেনিনজোএনছেফেলাইটিছ। এই ৰোগবিধ অত্যন্ত বিৰল হ’লেও মৃত্যুহাৰ ৯৭ শতাংশৰ বেছি, যি ইয়াক বিশেষভাবে আতংকজনক কৰি তুলিছে।
একাংশ বিশেষজ্ঞৰ মতে, গোলকীয় উষ্ণতাৰ কাৰণে পানীৰ তাপমাত্রা বাঢ়িছে, ফলত এই ধৰণৰ এমিবাৰ বংশবিস্তাৰ আৰু বিস্তাৰৰ বাবে আদর্শ পৰিৱেশ সৃষ্টি হৈছে। আগতে য’ত এইবোৰ এমিবা প্রধানকৈ উষ্ণ অঞ্চলতে সীমাবদ্ধ আছিল, এতিয়া সেইবোৰ অপেক্ষাকৃত শীতল দেশতো জনপ্রিয় হৈছে।
ইউৰোপ, উত্তৰ আমেৰিকা আৰু এছিয়াৰ বিভিন্ন অঞ্চলত সাম্প্রতিক বছৰসমূহত এনে সংক্ৰমণৰ খবৰ পোৱা গৈছে, যি বিজ্ঞানীসকলক উদ্বিগ্ন কৰি তুলিছে।
কেরল নেগ্লেৰিয়া ফাউলেৰীয়েই নহয়, আকাস্থামিবা আৰু বালামুথিয়া মেন্ড্রিলাৰিছ নামৰ আন কেতবোৰ এমিবাও মানুহৰ বাবে ক্ষতিকাৰক। এইবোৰে চকু, ছাল আৰু স্নায়ুতন্ত্রত সংক্রমণ ঘটাব পাৰে, বিশেষকৈ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুর্বল।
এই পৰিস্থিতিত জনসচেতনতা অত্যন্ত জৰুৰী। একাংশ বিশেষজ্ঞই পৰামৰ্শ দিছে গৰমপানীত সাঁতোৰাৰ সময়ত নাক চেপি বখা বা নাক ঢাকি ৰখাৰ ব্যৱস্থা ল’বলৈ। শিশুৰ ক্ষেত্ৰত অতিৰিক্ত সতর্কতাৰ প্ৰয়োজন।
কাৰণ শিশুৱে পানীত খেলা-ধূলা কৰাৰ সময়ত নাকৰে পানী সোমাই যোৱাৰ সম্ভাৱনা থাকে। তদুপৰি, নাক পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰা পানী নিশ্চিতভারে উতলাই লৈ ঠাণ্ডা কৰা বা পৰিশোধিত হোৱা উচিত।
পানীৰ মান পর্যবেক্ষণ কৰা তথা এনে অঞ্চলসমূহত সতর্কবার্তা ডাৰি কৰাৰ দায়িত্ব চৰকাৰ আৰু স্বাস্থ্য সংস্থাসমূহৰ আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ মোকাবিলাৰ দীর্ঘম্যাদী পৰিকল্পনা অবিহনে এই ধৰণৰ অদৃশ্য সমস্যাই ভবিষ্যতে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে।
উষ্ণ পৃথিৱীত কেৱল বতৰেই সলনি হোৱা নাই, সলনি হৈছে ৰোগৰ মানচিত্রও। বিপজ্জনক এমিবাৰ বিস্তাৰে আমাক সুৱৰাই দিব পাৰে যে প্ৰকৃতিৰ ভাৰসাম্য নষ্ট হ’লে তাৰ মূল্য মানুহেই দিব লাগে। আনকি কেতিয়াবা জীৱনো দিব লাগে।






























