Police Encounter in Basistha:
মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰা কুখ্যাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত ডকাইত ৷এই ঘটনা সংঘটিত হয় মহানগৰীৰ বশিষ্ঠত।
ADVERTISEMENT
উল্লেখ্য যে কিছুদিন পূৰ্বে বেলতলাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইত কাণ্ডৰে জড়িত থকাৰ সন্দেহত কুখ্যাত ডকাইত মাধৱ দাসক বশিষ্ঠ আৰক্ষীয়ে আটক কৰি থানালৈ নি থকা পথত হঠাতে পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আহত ডকাইতটোক ততাতৈয়াকৈ ভৰ্তি কৰা হয় জিএমচিএইছত ৷



































