পৃথিৱীৰ একেবাৰে প্ৰান্তত এনে এক স্থান আছে য’ত কেৱল বৰফ, নীৰৱতা আৰু অন্ধকাৰেই বিৰাজমান। তাত মানৱ সভ্যতাৰ কোনো চিহ্নই নাই। সেই স্থান হৈছে নৰ’ৱেৰ এক সৰু অঞ্চল, যাৰ নাম লংইয়াৰবিন। ই এটা দ্বীপ, যিটো উত্তৰ মেৰুৰ একেবাৰে কাষত অৱস্থিত। ইয়াত মাহৰ পাছত মাহ ধৰি সূৰ্যৰ পোহৰ দেখা পোৱা নাযায় তথা তাপমাত্রা হিমাংকৰ তলত থাকে। অৱশ্যে লংইয়াৰবিন মেক ভালুকৰ বাসস্থান। ইয়াতেই মানবজাতিয়ে ভৱিষ্যতব বাবে সবাতোকৈ মূল্যবান উত্তৰাধিকাৰ লুকুৱাই ৰাখিছে।
বিশ্বৰ সবাতোকৈ সুৰক্ষিত স্থান
এই স্থানত এখন পাহাৰ আছে, যাক বিশ্বৰ সবাতোকৈ সুৰক্ষিত স্থান বুলি কোৱা হয়। ইয়াৰ নাম ‘ছভালবার্ড গ্ল’বেল ছীড ভল্ট’, যি সাধাৰণতে ‘ডুমছ্ডে ভল্ট’ নামে পৰিচিত। ইয়াতেই মানৱ সভ্যতাক পুনর্নিমাণৰ সূত্ৰটো নিহিত হৈ আছে। প্রাথমিকভাৱে ইয়াক ‘গ্ল’বেল ছীড ভল্ট’ৰূপে নিৰ্মাণ কৰা হৈছিল। য’ত সমগ্ৰ বিশ্বৰ ফচলৰ বীজ নিৰাপদে সংৰক্ষণ কৰি ৰখা হয় যাতে যদি কেতিয়াবা কোনো বিশ্বজনীন বিপর্যয় ঘটে, তেতিয়া কৃষি আৰু জীৱন পুনৰ আৰম্ভ কৰিব পৰা যাব।
সমগ্র ডিজিটেল সভ্যতাৰ বেকআপ
পৰৱৰ্তী সময়ত এই পাহাৰৰ ভিতৰত আন এক অভিযান হাতত লোৱা হয়, যাৰ নাম আর্কটিক বর্ল্ড আৰ্কাইভ। ইয়াৰ অৰ্থ হৈছে এতিয়া ইয়াত কেৱল বীজেই নহয়, বৰঞ্চ সমগ্র ডিজিটেল ব্যৱস্থাৰ এক বেকআপো সংৰক্ষণ কৰা হৈছে। ধাৰণাটো হৈছে যে কেতিয়াবা পৃথিৱী যদি ইণ্টাৰনেট বিহীন হৈ পৰে, ছাৰ্ভাৰ পুৰি যায় বা ডাটা মছি যায়; তেতিয়াও মানৱজাতিৰ জ্ঞান সম্পূৰ্ণৰূপে হেৰাই নাযাব। এই কাৰণেই বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰযুক্তি সংস্থা তথা প্রতিষ্ঠানসমূহে তেওঁলোকৰ ডিজিটেল সম্পদ ইয়াত জমা ৰাখিছে। ‘অপেন ছ’র্চ ছফ্টৱেৰ’ৰ পৰা আৰম্ভ কৰি আধুনিক প্রযুক্তিৰ ‘চ’ৰ্ছ কোড’ পর্যন্ত সকলোবোৰেই এই গুহাসদৃশ বৰফৰ ভল্টত সুৰক্ষিত হৈ আছে।
ভাৰতে কি সংৰক্ষণ কৰিছে? ভাৰতে ইয়াত কেৱল
প্রযুক্তিগত নথিয়েই নহয়, নিজৰ সাংস্কৃতিক পৰিচয়ো ডিজিটেল আকাৰত সংৰক্ষণ কৰিছে। তাজমহলৰ থ্রীডি ডিজিটেল ৰেকৰ্ড, সংবিধানৰ এক অনুলিপি, বিৰল পাণ্ডুলিপি তথা ইছৰ’ৰ গুৰুত্বপূৰ্ণ অভিযানসমূহৰ ডাটাও ভবিষ্যৎ প্ৰজন্মৰ বাবে ইয়াত সংৰক্ষণ কৰা হৈছে।
হায়দৰাবাদক ইক্রিছেট আৰু ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠানসমূহৰ মাধ্যমেৰে এক লাখৰো অধিক বীজৰ নমুনা এই ভল্টলৈ পঠোৱা হৈছে। ইয়াৰ ভিতৰত আছে ধান, ডাইল, ঘেঁহুকে ধৰি বিভিন্ন শস্যৰ নানা বিৰল প্রজাতি। এই বীজবোৰ ছীল কৰা পাত্ৰত ৰখা হৈছে, যাৰ মালিকানা সম্পূৰ্ণৰূপে ভাৰতৰ।
কিদৰে ডাটা মহাপ্রলয়ৰ পৰা সুৰক্ষিত থাকিব?
আর্কটিক বর্ল্ড আর্কাইভৰ সবাতোকৈ ডাঙৰ শক্তি হৈছে ই সম্পূর্ণৰূপে অফলাইন। ইয়াত কোনো ইণ্টাৰনেট সংযোগ নাই, সেয়ে হেকিঙৰো কোনো সুযোগ নাই। তথ্যবোৰ এক বিশেষ ফিল্মত ৰেকৰ্ড কৰা হয়, যি বিদ্যুৎ অবিহনেই শত শত বছৰ ধৰি সুৰক্ষিত হৈ থাকিব পাৰে। পাৰ্মাফ্রষ্ট বা প্রাকৃতিক বৰফেই এই নিৰাপত্তাৰ প্ৰধান উৎস।
আনকি যদি সমগ্র বিশ্ব অন্ধকাৰত ডুবিও যায়, তথাপি ইয়াত সংৰক্ষিত হৈ থকা তথ্যবোৰ সুৰক্ষিত হৈ থাকিব। ইয়াৰ একমাত্র উদ্দেশ্য হৈছে মানৱতাক সংৰক্ষণ কৰা। এই বাবেই এই বৰফৰ গুহাটোক ভৱিষ্যতৰ ‘ব্লেক বক্স’ বুলিও কোৱা হয়, য’ত মানৱ সভ্যতাৰ পৰিচয়ে শান্তিৰে নিজৰ সময়ৰ বাবে অপেক্ষা কৰিছে।






























