Arvind kejriwal:
দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ লগতে আন ২৩জন লোকক দোষমুক্ত ঘোষণা কৰিলে।
উল্লেখ্য যে আম আদমী পাৰ্টীৰ নেতা দুগৰাকীৰ বিৰুদ্ধে আদালতত প্ৰমাণ দাখিলত ব্যৰ্থ হয় চিবিআই। প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰা হয় দুয়োকে ৷ শুনানীত সুৰা কেলেংকাৰীৰ গোচৰক ভিত্তিহীন আখ্যা আদালতৰ ৷
উল্লেখযোগ্য , উক্ত গোচৰত ৫ মাহ জেলত থাকিব লগীয়া হৈছিল কেজৰীৱাল ৷ একেটা গোচৰত ১৭ মাহ জেলত আছিল মনিষ ছিচোডিয়া
আনহাতে,দিল্লী সুৰা কেলেংকাৰীত ক্লীন চিট লাভ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আবেগিক হৈ পৰে ৷
কান্দি কান্দি কেজৰিৱালে কয়, যোৱা কেইবছৰমানৰ পৰা বিজেপিয়ে সুৰা কেলেংকাৰীৰ কথা কৈ আহিছে আৰু আমাৰ বিৰুদ্ধে অভিযোগ সমতল কৰি আহিছে। আজি আদালতে সকলো অভিযোগ খাৰিজ কৰি সকলো অভিযুক্তক দোষমুক্ত কৰিলে। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। সত্যই প্ৰাধান্য লাভ কৰিছে। আপক ধ্বংস কৰিবলৈ সকলো শীৰ্ষ নেতাক জেলত ভৰোৱা হৈছিল।”
কেজৰিৱালে আৰু কয় যে, “এয়া সম্পূৰ্ণ ভুৱা গোচৰ আছিল। কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত নহয়। মই মোৰ জীৱনত কেৱল সততাহে উপাৰ্জন কৰিছো। আদালতে কৈছে যে কেজৰিৱাল, মনীষ চিছ’দিয়া, আৰু আপ কঠোৰভাৱে সৎ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে, ভাল কাম কৰি ক্ষমতালৈ অহা আৰু তাৰ পিছত মিছা গোচৰ ৰুজু কৰি আমাক জেলত ভৰোৱাত স্বাধীন ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৷
ইপিনে, ৰাউজ এভিনিউ আদালতৰ সিদ্ধান্তক লৈ অসন্তুষ্ট চিবিআই ৷ আদালতৰ সিদ্ধান্তৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে চিবিআই-এ।



































