Russia oil:✒️ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতক সাময়িক অনুমতি দিয়াৰ বিষয়টোত ব্যাখ্যা দিলে হোৱাইট হাউছে(White House)। আমেৰিকাৰ প্ৰশাসনে জানিবলৈ দিয়া মতে, বিশ্ব বজাৰত তেলৰ জোগান স্থিৰ ৰাখিবলৈ আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
হোৱাইট হাউছৰ মতে, পশ্চিম এছিয়াত বৃদ্ধি পোৱা সংঘাতৰ ফলত বিশ্ব তেল বজাৰত অস্থিৰতা দেখা দিয়াৰ আশংকা সৃষ্টি হৈছে। সেই পৰিস্থিতিত তেলৰ জোগান ব্যাহত নহ’বলৈ ভাৰতক সীমিত সময়ৰ বাবে ৰাছিয়াৰ তেল ক্ৰয়ৰ অনুমতি দিয়া হৈছে।
আমেৰিকাই লগতে স্পষ্ট কৰি দিয়ে যে এই ব্যৱস্থা স্থায়ী নহয়, বৰং সাময়িক পদক্ষেপ। ইতিমধ্যে সমুদ্ৰত থকা তেলৰ চালানসমূহ ক্ৰয় কৰিবলৈহে এই অনুমতি দিয়া হৈছে বুলি জানিবলৈ দিয়ে।
বিশেষজ্ঞসকলৰ মতে, বিশ্ব তেল বজাৰত হঠাৎ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আৰু শক্তি জোগান স্বাভাৱিক ৰাখিবলৈ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।






























