US-Iran Conflict:✒️দেশৰ ইন্ধন খণ্ডত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী ঘোষণা অনুসৰি, পেট্ৰ’লৰ ওপৰত এক্সাইজ শুল্ক ১৩ৰ পৰা হ্ৰাস কৰি প্ৰতি লিটাৰ তিনি টকা কৰা হৈছে, আৰু ডিজেলৰ ক্ষেত্ৰত প্ৰতি লিটাৰত ১০ টকা শুল্ক সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে।
এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্ববজাৰত ক্ৰুড অইলৰ মূল্য অস্থিৰতাৰ মাজতে দেশীয় বজাৰত মূল্যবৃদ্ধিৰ চাপ নিয়ন্ত্ৰণ কৰা। ভাৰতত ইন্ধনৰ মূল্য মূলত আন্তঃৰাষ্ট্ৰীয় ক্ৰুড অইলৰ মূল্য, কেন্দ্ৰীয় এক্সাইজ শুল্ক আৰু ৰাজ্যিক VAT-ৰ ওপৰত নিৰ্ভৰ কৰে ।
সেয়ে, শুল্ক হ্ৰাসে সাধাৰণতে মূল্য হ্ৰাসৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি ধাৰণা কৰা হয়।কিন্তু বাস্তৱত ছবিখন অলপ জটিল।
বিশেষজ্ঞসকলৰ মতে, এই শুল্ক হ্ৰাসৰ পূৰ্ণ লাভ গ্ৰাহকে তৎক্ষণাৎ নাপাবও পাৰে। তেল বিপণন কোম্পানীসমূহে পূৰ্বৰ লোকচান পূৰণৰ বাবে এই সুবিধাৰ এটা অংশ নিজৰ বাবে ৰাখিব পাৰে। ফলস্বৰূপে, পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্যত তৎক্ষণাৎ ডাঙৰ পৰিবর্তন দেখা নাযাবও পাৰে।
উল্লেখযোগ্য যে, ভাৰতত ইন্ধনৰ মূল্য প্ৰতিদিনে সলনি হয় আৰু ই ক্ৰুড অইলৰ মূল্য, মুদ্ৰাৰ মান আৰু কৰ নীতিত নিৰ্ভৰ কৰে । এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই সিদ্ধান্তে তেল কোম্পানীসমূহৰ ওপৰত আৰ্থিক চাপ হ্ৰাস কৰাৰ লগতে দীৰ্ঘম্যাদীভাৱে মূল্য নিয়ন্ত্ৰণত সহায় কৰিব বুলি আশা কৰা হৈছে।
সামগ্ৰিকভাৱে, চৰকাৰৰ এই পদক্ষেপক ইন্ধনৰ খণ্ডত এক গুৰুত্বপূর্ণ হস্তক্ষেপ হিচাপে দেখা হৈছে যদিও সাধাৰণ গ্ৰাহকৰ পকেটত তাৰ প্ৰভাৱ কিমান পৰিমাণে পৰিব, সেয়া আগন্তুক দিনতহে স্পষ্ট হ’ব।






























