ইতিহাসে কয় যে মধ্যবিত্ত শ্রেণীয়ে দেশৰ ভৱিষ্যৎ নির্ণয় কৰে। অর্থাৎ শাসন ব্যৱস্থাত মধ্যবিত্ত শ্ৰেণীৰ চিন্তাধাৰাই বৃহৎ প্রভাৱ পেলায়। তৎসত্ত্বেও নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ দেখা গৈছে যে বিভিন্ন কাৰকৰ বাবে ভাৰতৰ মধ্যবিত্ত শ্ৰেণী ধাৰত পোত যাবলগীয়া হৈছে।আনকি দেশৰ মধ্যবিত্ত শ্রেণী বিশ্বৰ ভিতৰতে সবাতোকৈ ধৰুৱা লোকত পৰিণত হৈছে।
অর্থাৎ ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সমান ধাৰৰ বোজা বিশ্বৰ আন কোনো দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে বহন কৰিবলগীয়া হোৱা নাই। স্বাভাৱিকতে এনে অৱস্থাত মধ্যবিত্ত শ্ৰেণীৰ সিংহভাগ লোকেই দেশ-দহৰ কথা চিন্তা কৰিবলৈ আহৰি নোপোৱা হৈছে বুলি চর্চা চলিছে।যুক্তৰাষ্ট্ৰ পিছ পৰিছে।
আনকি বার্ষিক আয়ৰ ৪০ শতাংশই ধাৰ পৰিশোধত ব্যয় হৈছে। লক্ষ্যণীয়ভাৱে মধ্যবিত্ত শ্ৰেণীৰ লোকে লোৱা ঋণ বা ধনৰ সিংহভাগ অনাৱশ্যক ভোগ্য সামগ্রীত ব্যয় হৈছে। ফলস্বৰূপে মধ্যবিত্ত শ্ৰেণীৰ লোক ঋণৰ ফান্দত বান্ধ খাই পৰিছে। অৰ্থাৎ পুৰণি ধাৰ মাৰিবলৈ এইসকল লোকে নতুন ঋণ ল’বলগীয়া হৈছে।
এনে কাৰকৰ ক্ৰিয়াত পাৰিবাৰিক জমা ধনৰ পৰিমাণ সম্প্রতি বিগত ৫০ বছৰৰ সৰ্বনিম্ন হৈছে। এনেদৰে মধ্যবিত্ত শ্রেণী ধাৰৰ বোজাত হাবুডাবু খোৱাৰ কেতবোৰ কাৰক আছে। বিগত দশকত দেখা গ’ল যে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ মাজত এক নীৰৱ সংকটৰ পদার্পণ ঘটে। এই সংকট সৃষ্টি হয় আয় স্থবিৰ হোৱাত আৰু সংস্থাপনৰ সুযোগ হ্রাস পোৱাত।
ইয়ে মধ্যবিত্ত শ্ৰেণীৰ ধাৰ-ঋণৰ পৰিমাণ অভূতপূর্ব হাৰত বৃদ্ধি কৰে। সম্প্রতি অৱস্থা শেহতীয়া এক অধ্যয়ন অনুসৰি ২০১৯ৰ পাছত মধ্যবিত্ত শ্রেণীয়ে ঘৰ চলাবলৈ লোৱা ঋণ নাটকীয়ভাবে বৃদ্ধি পাইছে। এই ক্ষেত্রত চীন আৰু আমেৰিকা এনে হৈছে যে এক দশক পূৰ্বে ধাৰণা কৰিব নোৱৰা কথা সম্প্রতি বাস্তৱত পৰিণত হৈছে।
লক্ষ্যণীয়ভাবে মধ্যবিত্ত শ্রেণী ধাৰ- ঋণৰ বোজাত জৰ্জৰিত হ’লেও শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত চৰকাৰী সেৱা উন্নত হোৱা নাই। বৰঞ্চ বহু সময়ত চর্চা হয় যে ৰাজহুৱা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱা মান অৱনমিতহে হ’বলৈ ধৰিছে।
বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে ক’ভিড মহামাৰীৰ পৰা ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ ধাৰ-ঋণৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পায়। ইয়াৰ বিপৰীতে বিশ্বৰ অধিকাংশ দেশৰ মধ্যবিত্ত শ্রেণীয়ে এই সময়ছোৱাত ধাৰ-ঋণৰ পৰিমাণ বহু পৰিমাণে নিষ্কৃতি লাভ কৰে। সম্প্রতি অৱস্থা এনে হৈছে যে দেশৰ মধ্যবিত্ত শ্রেণীয়ে ঘৰ চলাবলৈ লোৱা ঋণৰ পৰিমাণ ২০২৫-২৬ বিত্তীয় বর্ষত মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৩২ শতাংশ হয়।
ফলত সম্প্রতি মধ্যবিত্ত শ্ৰেণীৰ বার্ষিক আয়ৰ ৪০ শতাংশ ঋণ পৰিশোধতে ব্যয় হৈছে। এই ক্ষেত্রত সবাতোকৈ উদ্বেগজনক কথাটো হ’ল যে মধ্যবিত্ত শ্রেণীয়ে লোৱা ঋণৰ সিংহভাগ ধন অনুৎপাদক কামত ব্যয় হৈছে। গতিকে তেওঁলোকে আয়ৰ পৰাই ধাৰ-ঋণ পৰিশোধ কৰিবলগীয়া হৈছে।
বহুতে আনকি ধাৰো পৰিশোধ কৰিব পৰা নাই। গতিকে ধাৰ-ঋণৰ বোজা বৃদ্ধি পাই গৈ আছে। ফলত সম্প্ৰতি বিশ্বৰ অন্যতম ধৰুৱা শ্ৰেণীৰ লোকত পৰিণত হৈছে ভাৰতৰ মধ্যবিত্ত শ্রেণী। এক সমীক্ষা অনুসৰি বিগত ছয়-সাত বছৰত পাৰ্ছনেল ঋণ পৰিশোধ নকৰা হাৰ উদ্বেগজনকভাবে বৃদ্ধি পাইছে।
অথচ এনে ঋণৰ সুতৰ হাৰ ১০ শতাংশৰো অধিক। গতিকে আর্থিক দিশত জুৰুলা হোৱাৰ বাবে যে ঋণ পৰিশোধ নকৰাৰ ঘটনা বৃদ্ধি পাইছে সেয়া সহজে অনুমেয়।
উল্লেখ্য যে ২০১৯ৰ পূৰ্বে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ ধাৰ-ঋণৰ বোজাৰ পৰিমাণ বিশ্বৰ অধিকাংশ দেশৰ মধ্যবিত্ত শ্ৰেণীৰ স’তে তাল মিল আছিল। তাৰ পাছৰে পৰাহে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ ধাৰ-ঋণৰ বোজা অত্যধিক হাৰত বা নাটকীয়ভাৱে বৃদ্ধি পাবলৈ ধৰে।
এই বোজা ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে বহুতে ঘৰ চলাবলৈকে ধাৰ-ঋণ ল’বলগীয়া হৈছে। স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ বজাৰত পৰিছে। গৃহ নিৰ্মাণৰ দৰে খণ্ডলৈ স্থবিৰতা আহিছে।






























