সমগ্র নিশাটো শোৱাৰ পাছতো পুৱা উঠিলে ক্লান্তি অনুভৱ হয় নেকি? মূৰৰ গধুৰ ভাব, অলপতে বিৰক্তি অনুভৱ কৰা আদি নানা সমস্যাত ভোগে বহু লোকে। আমি সাধাৰণতে ইয়াৰ বাবে কামৰ চাপ, অৱসাদ বা শাৰীৰিক অসুস্থাকেই দায়ী কৰো।
যদিও এই ক্ষেত্রত সম্প্রতি উঠি আহিছে আন এক কাৰণ। সেয়া হৈছে শোৱনিকোঠাৰ বাস্তু। একাংশ বিশেষজ্ঞৰ মতে, শোৱনিকোঠাৰ ভুল বাস্তবেও নিদ্ৰাৰ মান বেয়া কৰিব পাৰে।
মানুহে যিটো কোঠাত শোৱে, সেই কোঠাৰ পৰিৱেশে পোনপটীয়াকৈ শৰীৰ আৰু মনত প্ৰভাৱ পেলায়। যদি তাত এনার্জিব প্রবাহ ভালদৰে নাথাকে, তেনেহ’লে ভালদৰে টোপনি নহয় আৰু পুৱা উঠিলে ক্লান্তি অনুভৱ হয়।
সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে শোৱাৰ দিশ। বাস্তু মতে,মূৰটো দক্ষিণ বা পূব দিশে ৰাখি শোৱাটো ভাল। ইয়াৰ দ্বাৰা শৰীৰে স্বাভাবিকভাৱে আৰাম পায়; কিন্তু উত্তৰৰ দিশে মূৰ থাকিলে অস্থিবতা, দুঃস্বপ্ন বা ঘনাই টোপনি ভঙাৰ সমস্যা হ’ব পাৰে।
তদুপৰি আয়নাৰ অৱস্থানেও ডাঙৰ ঘুমিকা লয়। বহুতেই বিছনাৰ সম্মুখত আয়না বাখে; কিন্তু বাস্তু শাস্ত্র অনুসৰি এয়া সঠিক নহয়। অপৰিপাটি কোঠাও নিদ্ৰাৰ ঘোৰ শত্রু।
শোৱনিকোঠাত যদি বহু বয়বস্তু সিঁচৰতি হৈ থাকে, তেনেহ’লে নিগেটিভ এনার্জি তৈয়াৰ কৰে বুলি ধাৰণা কৰা হয়। ফলত টোপনি পাতল হৈ পৰে আৰু পুৱা সতেজ অনুভৱ নহয়। সেয়ে কোঠাটো পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰখাটো জৰুৰী।
প্ৰযুক্তিৰ ব্যৱহাৰো এই ক্ষেত্ৰত সমস্যাৰ কাৰণ হ’ব পাৰে। ম’বাইল, টিভি বা লেপটপৰ অতিৰিক্ত ব্যৱহাৰে টোপনিৰ স্বাভাৱিক ছন্দ নষ্ট কৰে। সেয়ে শোৱাৰ পূৰ্বে সকলো ডিভাইচৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞই।
ৰঙৰ ক্ষেত্ৰতো সতর্কতা থকাটো প্রয়োজনীয়। অতি উজ্জ্বল বা গাঢ় ৰঙৰ পৰিৱৰ্তে পাতল, শান্ত ৰং ব্যৱহাৰ কৰিলে মন শান্ত হৈ থাকে তথা টোপনি ভাল হয়। সকলো মিলাই কেৱল শৰীৰেই নহয়, আপোনাৰ শোৱনিকোঠাৰ পৰিৱেশেও নিদ্ৰাৰ মান নির্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সেয়ে প্রতিদিনে ক্লান্তি লৈ দিন আৰম্ভ হ’লে, এবাৰ নিজৰ শোৱনিকোঠাৰ প্ৰতিও লক্ষ্য কৰাটো প্রয়োজন। সামান্য পৰিৱৰ্তনেই ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰে।






























