Akhil Gogoi’s open letter:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিজেপিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত প্রার্থিত্ব প্রদান কৰা বিতর্কিত কুশল দুৱৰীৰ সমৰ্থনত প্ৰচাৰ চলাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৰা আক্ৰমণাত্মক মন্তব্যৰ সম্প্ৰতি প্ৰত্যুত্তৰ দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এইবাৰো শিৱসাগৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা বিধায়ক গগৈয়ে মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰা এক মুকলি পত্ৰযোগে দুৱৰীৰ এক ক’লা অধ্যায় পুনৰ ব্যাখ্যা কৰে। পত্ৰখনত গগৈয়ে কয়, ‘অসমৰ বুকুত ১৯৯০ৰ দশকৰ ‘গুপ্তহত্যা’ৰ সেই বিভীষিকাময় দিনবোৰ সেই সময়ৰ কোনো মানুহে পাহৰা নাই। ৷ আজিও শুকোৱা নাই সেই কেঁচা তেজৰ চেকুৰা।
অসমৰ ইতিহাসৰ সেই নৃশংসকতাৰ আটাইতকৈ ডাঙৰ খলনায়কজন আছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী, যিগৰাকীক আপুনি এইবাৰ ২০২৬ৰ অসম বিধানসভা নির্বাচনত ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিজেপি প্রার্থীৰূপে প্রার্থিত্ব প্রদান কৰিলে। সেই সময়ত মানুহৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে ধূলি উৰুৱাই যোৱা জীপন্থী গাড়ীৰ শব্দ শুনিলেই মানুহৰ উশাহ-নিশাহ স্তব্ধ হৈ পৰিছিল এইজন জয়ন্ত হাজৰিকাৰ উপদ্ৰৱত।’ দুৱৰীকো কটাক্ষ কৰি গগৈয়ে পুনৰ কয়, ‘তেতিয়াৰ বিভিন্ন বাতৰি কাকত, স্থানীয় ৰাইজৰ অভিযোগ তথা ন্যায়াধীশ কে এন শইকীয়া আয়োগৰ তথ্য অনুসৰি, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেৱল শিৱসাগৰত ৬৮টাকৈ হত্যাকাণ্ড (এয়া আংশিক তালিকাহে। এই সংখ্যা আৰু বহু বেছি!) সংঘটিত কৰিছিল।
১৯৯৯ৰ ১২ ছেপ্টেম্বৰত মাহমৰাৰ বৰবিলৰ নামঘৰীয়া উমা গগৈ পৰিয়ালৰ ঘটনাটোৰ কথা শুনিলেই শিয়ৰি উঠিব গাৰ নোম। উমা গগৈৰ ছগৰাকীকৈ ছোৱালীক মাক-দেউতাকৰ সন্মুখতেই উপর্যুপৰি বলাৎকাৰ কৰি বিছনাৰ ওপৰত বান্ধি উমা গগৈৰ সহিতে পৰিয়ালটোৰ মুঠ নজনকৈ লোকক বোমাৰে উৰুৱাই দিছিল সেই জিঘাংসুৰ দলটোৱে। সেই বোমা বিস্ফোৰণত গাৰ মাংস চাৰিওফালে ছিটিকি গছৰ ডাল পর্যন্ত ওলমি ৰৈছিল।’ দুৱৰীৰ বিৰুদ্ধে আন এক নৃশংসতাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ সভাপতিজনে পুনৰ কয়, ‘১৯৯৯ৰ আঠ জানুৱাৰীত নিতাইপুখুৰীৰ অচ্যুৎ গগৈ আৰু দেৱ চেতিয়া বৰ্বৰতাৰ বলি হৈছিল।
বৰ্বৰতাৰ সীমা চেৰাই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি নি জিভা কাটি হত্যা কৰিছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। ঠিক একেদৰে ১৯৯৩ৰ দুই জুনত পাৰলিগুৰিত সাত বছৰীয়া নিষ্পাপ শিশু মিলন বুঢ়াগোহাঁইক হত্যা কৰা হৈছিল। যিটো বয়সত হাতত কলম বা পুতলা থাকিব লাগিছিল, সেই বয়সত ঘাতকৰ গুলিয়ে শিশুটিৰ বুকু বিন্ধিছিল। একেদিনাই নৱম শ্ৰেণীৰ ছাত্ৰ দিবাকৰ বুঢ়াগোহাঁই আৰু মাণিক মোহন নামৰ আন এজন ব্যক্তি নৃশংস হত্যাৰ বলি হৈছিল কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ দলটোৰ হাতত। হিমন্ত বিশ্ব শৰ্মা, এয়া জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ বিৰুদ্ধে থকা বৰ্বৰ হত্যাকাণ্ডৰ অভিযোগৰ মাত্ৰ দুটামান সাধাৰণ উদাহৰণহে। এই ঘাতক বাহিনীয়ে শিৱসাগৰত চাৰিজন অনুসূচিত জাতিৰ লোকক হত্যা কৰিছিল, তাৰে এজনক পিচ পিচকৈ কাটি, বুকুৰ কলিজা উলিয়াই আনি, সেই কলিজাকো টুকুৰা-টুকুৰ কৰিছিল।’
২০০১ত সংঘটিত মৰাণ পল’ ক্লাবৰ সেই জঘন্য হত্যাকাণ্ডৰ কথা কোনে নাজানে বুলিও গগৈয়ে উল্লেখ কৰি আৰু কয়, ‘প্রদীপ মহনসহ বহুজন প্রাক্তন আলফাক একেলগে গুলীয়াই থকাসৰকা কৰা হৈছিল। নিমিষতে ১২টা দেহ নিথৰ হৈ পৰিছিল। জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ দৰে চৰিত্ৰবোৰৰ নাম এই ক’লা ইতিহাসৰ স’তে এনেদৰে সাঙোৰ খাই আছে, যাৰ ভয়াৱহতাৰ কথা ভাবিলে আজিও মানুহে ভয়ত ত্রস্তমান হয়। যিমান তথ্য গোটাই চাব, সিমানেই ওলাই পৰিব একো একোটা শিহৰণকাৰী হিচাপ। শশ নিৰীহ লোক গুপ্তহত্যাৰ বলি হ’ল। সময় পাৰ হ’ল শাসক সলনি হ’ল; কিন্তু ন্যায় পালে জানো ঘাতকৰ বলি হোৱা সেই নির্দোষী পৰিয়ালবোৰে?’ মূল্যবোধৰ কথা কোৱা বিজেপি আৰু অসমীয়া জাতিক মুখ্যমন্ত্ৰীয়ে বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগো গগৈয়ে উত্থাপন কৰে।
তেওঁ কয়, ‘অসমৰ ইতিহাসৰ এই জঘন্যতম গুপ্তহত্যাকাৰীজনকেই বিজেপিৰ ৯৬ নম্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্রক্ষেপ কৰিলে আৰু তাৰ পাছত আপুনি মোক উদ্দেশি ক’লে, ‘তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল, তেওঁ কি চিত্রগুপ্ত? হিচাপটো ৰাখি থাকে?… তেওঁক যমে সেইটো কাৰণে এপইন্ট কৰি থৈছে নেকি যে কোনে ক’ত কিমান মাৰ্ডাৰ কৰিছে, সেই হিচাপ ৰাখিব? অখিল গগৈ কি অসমৰ মাৰ্ডাৰাৰ এনচাইক্ল ‘পেডিয়া নেকি?’ কিন্তু এই জঘন্যতম অপৰাধীজনৰ বিৰুদ্ধে আমি মনে মনে থকা উচিত নে? মুখ্যমন্ত্রী, নির্বাচনত জিকো বা হাৰো, এই জঘন্যতম গুপ্তহত্যাকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ সাহসৰ অভাৱ হোৱা নাই আপোনাৰ দৰে অপৰাধীৰ দ্বাৰা গণতন্ত্ৰৰ হত্যাযজ্ঞ পাতিব খোজা লুভীয়া শাসকৰ বিৰুদ্ধে থিয় হ’বলৈ। হ’ব পাৰে তাৰ বাবে ময়ো গুপ্তহত্যাৰ বলি হ’ব পাৰো।’






























