মহামাৰী কৰ’নাই সমগ্ৰ বিশ্বক স্থবিৰ কৰি তোলাতে ক্ষান্ত নাথাকি প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বিয়পাই দিছে ভয়াৱহ ভৱিষ্যতৰ ছবি ৷ সেই ছবি এখন পংগু সমাজৰ ৷ কোৱা হয় আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷ কিন্তু কৰ’নাৰ কাৰণে শৈশৱ কৈশোৰৰ সোনালী দিনবোৰতে আউল লাগিছে। খেলিমেলি হৈ গৈছে জীৱনৰ স্বাভাৱিক ছন্দ ৷ যি সময়ত সময়ৰ লগত দৌৰি ফুৰাৰ বয়স শৈশৱ কৈশোৰৰ জীৱনবোৰৰ তেওঁলোক এতিয়া আৱদ্ধ কৰ’নাৰ যন্ত্ৰণাত ৷ ইয়াৰ পৰিণতিত পৰিয়ালবোৰত সৃষ্টি হৈছে অবাঞ্চিত পৰিস্থিতিৰ ৷ তাৰ প্ৰভাৱে আগন্তুক দিনবোৰত সামাজিক ৰূপ লৈ গভীৰ সমস্যাৰ সৃষ্টি কৰাৰ পথ মুকলি হৈ পৰিছে ৷ চলিত এই জটিল মানসিক সমস্যাক লৈ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে চিকিৎসক সমাজ ৷
সমান্তৰালভাৱে আতংকিত হৈ পৰিছে অভিভাৱকসকলো ৷ মনোবিজ্ঞানৰ মতে ছয়ৰ পৰা ১০ বছৰৰ ভিতৰত শিশুসকলে নিজৰ কল্পনাৰ জগতত বাস কৰে৷ ১১ ৰ পৰা ১৮ বছৰলৈ কৈশোৰ সময়ছোৱা পাৰ হৈ সমাজৰ মাজত । কিন্তু কৰ’না কেন্দ্ৰিক পৰিস্থিতিয়ে আমূল পৰিৱৰ্তন সাধন কৰিছে ৷ ইয়াৰ ফলত পৰিয়ালবোৰত বৃদ্ধি পাইছে সন্তান কেন্দ্ৰিক উদ্বিগ্নতা, অশান্তি ৷ ইয়াৰ পৰা উপশম বিচাৰি মনোৰোগ বিশেষজ্ঞ কাষ চাপিছে বহু অভিভাৱক, কিন্তু কৰ’নাৰ বাবে বহুক্ষেত্ৰত স্বাভাৱিক চিকিৎসাৰ গতিও স্তব্ধ হৈ পৰিছে ৷ ফলত জটিলতা অধিক বৃদ্ধি পাইছে।