অসমৰ সমূহ জনতালৈ ৰঙালীৰ হিয়াভৰা শুভেচ্ছা | এই সময় দেশবাসীৰ বাবে দু : সময় | দেশজুৰি তলাবন্ধ | কৰ্মসূত্ৰে কতিয়াবা কৰ্তব্যস্থলিলৈ যাব লগা হয় | অন্যথা ঘৰতে দিন অতিবাহিত কৰিছো, শুইছো | মন বেয়া লাগিলে দুই এটা গান গুণগুণাইছো | পৰিয়ালক অলপ সময় দিব পাৰিছো | প্ৰতিবছৰে ৰাজ্যবাসীৰ বাবে বিহুগীত উপহাৰ দিও | এই বছৰো ঠিক কৰি থোৱা আছিল | কিন্তু তলাবন্ধৰ বাবে কাম আগ নাবাঢ়িল | এই সময় দু : সময় |নিশ্চয়, সকলো ঠিকে থাকিলে অহা বৰ্ষত আগবঢ়াম অধিক উৎসাহেৰে | সকলোৱে কুশলে থাকক, অসমীয়া নৱবৰ্ষটোত তাকে কামনা কৰিলো |
ADVERTISEMENT



































