ৰাজ্যৰ উত্তৰপাৰে মাত্ৰ দুদিন পূৰ্বে কৰ’না আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত হোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা তেজপুৰ তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ভালেসংখ্যক লোক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অহাৰ বিষয়ে নিশ্চিত হোৱাৰ তথ্যই সৰ্বসাধাৰণক উদ্বিগ্ন কৰি তুলিছে । ইপিনে, আজি দিনৰ প্ৰায় ১১.৪৫ বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ কৰ’না সংক্ৰমণৰ আশংকাত প্ৰয়োজনীয় পৰীক্ষা কৰিবলৈ অনা তেজপুৰস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ এজন কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই তেজপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
কাৰাগাৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, পলায়ন কৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ বন্দী আজগৰ আলীয়ে যোৱা সময়ছোৱাত কাঁহৰ সমস্যাত ভুগি থকাৰ বাবে কেন্দ্ৰীয় কাৰাগাৰৰ চিকিৎসক সীমা ৰাজবংশীয়ে কয়দীজনৰ কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ দিয়ে। সেই অনুসৰি আজি লোকজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ কৰ’না পৰীক্ষা কেন্দ্ৰলৈ লৈ যায়। কিন্তু ইয়াত হেণ্ডকাফ নথকাৰ সুযোগলৈ অসামৰিক চিকিৎসালয়খনৰ পৰীক্ষা কেন্দ্ৰৰ সমীপৰে তথা হাতীবিলখানা পথৰে সংলগ্ন এখন পকী দেৱাল পাৰ হৈ পলায়ন কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে পলাতক কাৰাবন্দী জনৰ সন্ধান চলাই যদিও এতিয়ালৈ সন্ধান পোৱা নাই।