দুই মাহৰ ভিতৰতে কিমান সলনি হব পাৰে সেই উদাহৰণ দিলে আদিত্য নাৰায়ণে।নিজৰ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীয়ে।
আগতে কেনেকোৱা দেখিছিল আৰু এতিয়া কেনেকোৱা দেখিছে তাকেই তুলনা কৰিছে উদিত নাৰায়ণৰ পুত্ৰই ।
অলপতে কৰ’নাত আক্ৰান্ত হৈছিল আদিত্য । নিজৰ ইনষ্টাগ্ৰাম একাউন্টত প্ৰথমে ১৫ এপ্ৰিলৰ ফটো প’ষ্ট কৰিলে ,একেদিনাই তেওঁৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। তাৰ পাছত তেওঁ পৰৱৰ্তী ফটোখন ১৫ জুনত প’ষ্ট কৰিছিল। এজন জনপ্ৰিয় দূৰদৰ্শন সঞ্চালক আদিত্য নাৰায়ণে মাত্ৰ দুই মাহত নিজকে কিমান পৰিৱৰ্তন কৰিছে তাৰ উদাহৰণ দাঙি ধৰিছিল।
ছবিখন প’ষ্ট কৰি তেওঁ লিখিছে যে সেই দিন অৰ্থাৎ দুই মাহৰ আগত যি সকলে মোক ভাল যোৱা নাছিল ,আজিও তেওঁলোকৰ মোৰ ওপৰত অধিকাৰ নাই।
https://www.instagram.com/p/CQId-7jDgfX/?utm_source=ig_embed&ig_rid=5e352689-9f1b-41a6-a02c-9ab2790adc03
আদিত্যৰ অনুৰাগীসকলে তেওঁক শুভকামনা জনাইছিল । মিশ্ৰিত প্ৰতিক্ৰিয়া পাইছে আদিত্যৰ ফটোত । কোনোৱে কৈছে ‘আগৰ ফটোখনত তেওঁ যেনেদৰেই নাথাকক কিয় তাত নিজস্বতা আছিল’, কোনোবাই পুনৰ কৈছে ‘চেহেৰাটোৰ বাবে গৌৰৱান্বিত হওক, সুখী হওক। কিছুমানে তেওঁক পুনৰ ‘হট’ বুলি অভিহিত কৰিছে, ‘এটা নতুন চেহেৰা দেখি ভাল লাগিছে’।
বিক্ৰান্ত মাছি মন্তব্যত, তেওঁ ধেমেলীয়াকৈ লিখিছিল ‘ৱাও, নানু হালৱাইৰ পৰা নানু জলৱাইলৈ’। অৱশ্যে, আদিত্য নিজেই তেওঁৰ প’ষ্টটোত অতি সুখী।