মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব । নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব । বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব পাৰে । প্ৰেম-প্ৰীতিত অনুকূল ।
বৃষঃ কিছু সন্দেহ আৰু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব । শৰীৰ মধ্যম । মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকাৰ্য হ’বই । ভ্ৰমণৰ সম্ভাৱনা আছে ।
মিথুনঃ ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায় । দাম্পত্যতো তেনে আভাস আছে । শৰীৰ মধ্যম । পৰা পক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক ।
কৰ্কটঃ মন ফৰকাল নাথাকিব । কৰ্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে । ঘৰুৱা কথাত সামান্য উদাসীনতা । ভ্ৰমণত কষ্ট । নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব । বাধা দুই-এটা আছে ।
সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব । ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক । পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা । দাম্পত্যতো কিছু চিন্তা থাকিব । অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব ।
কন্যাঃ কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰসংশিত হ’ব । আৰ্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত । দাম্পত্যত মধ্যম । সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব । বিদ্যাত উন্নতি ।
তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ । শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব । কিন্তু নতুন এটা কৰি দেখুৱাৰো হাবিয়াস আছে ।
বৃশ্চিকঃ কাৰ্যকৰী সংযোগত অনুকূল । আৰ্থিকত আশাপ্ৰদ । কিন্তু সামায়িক উৎকণ্ঠা থাকিব । মনোবল বঢ়াওক । গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব । পঢ়াত মধ্যম । হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব ।
ধনুঃ আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সফল দেখিব । আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্ৰস্তুত থকাটো ভাল । বিদ্যাত চিন্তা কম যদিও ব্যৱস্থা থাকিব । পিছবেলা বিবিধ উন্নতি ।
মকৰঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে । কৰ্মটো মন চঞ্চল হ’ব পাৰে । কোনো খবৰত বৰ সুখী নহ’ব পাৰে । আৰ্থিকতো চিন্তা । কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰে । প্ৰেমত শুভ ।
কুম্ভঃ পিছবেলা কোনো ক্ষেত্ৰ নিৰাশা হ’ব পাৰে । অৱশ্যে আগবেলা তাৰ কিছু উলোটা ফল দেখিব । প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক ! দাম্পত্যত মধ্যম । শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব ।
মীনঃ কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায় । নিজে ভবা মতে সকলো দিশেই দুৱাৰ খোলা নাপাব । শৰীৰ সম্পৰ্কেও সচেতন থাকক । ভ্ৰমণাদিত একেবাৰে অন্য মনস্ক নহ’ব । দুষ্ট চিন্তা নকৰিব ।