মেষঃ দিনটোত বিশেষ সাৱধানেৰে চলা ভাল । বিদ্যাৰ্থীসকল অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক । ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব । শুভ ৰং গেৰুৱা ।
বৃষঃ বন্ধু-ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব । বাহ্যিক কৰ্মত মন দিব লগা হোৱাত মূল্য কৰ্মত কিছু অৱহেলিত হ’ব পাৰে । দাম্পত্যত মত বিৰোধ । শুভ ৰং সেউজীয়া ।
মিথুনঃ পুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব । বিদ্যাত মধ্যম । মাতা-পিতাৰ কাৰণে দিনটো শুভ । শুভ ৰং ৰঙা ।
কৰ্কটঃ পৰা পক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক । আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি হ’ব; প্ৰেমত বাধা । বিয়া-বাৰুৰ যোগাযোগত শুভ । শুভ ৰং নীলা ।
সিংহঃ ঘৰুৱাত কিছু ভালেই দেখা যায় । দুই-এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে কৰ্মক্ষেত্ৰত মানসিক অশান্তিৰ কাৰকতা । প্ৰেমত আনন্দ । শুভ ৰং কমলা ।
কন্যাঃ কৰ্মক্ষেত্ৰত জটিলতা কিছু হ্ৰাস পাব । হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰে বুলিও অলপ বাধাগ্ৰস্ত হ’ব । দাম্পত্যত মধ্যম । ৰাজনীতিকসকলে বিশেষ সতৰ্ক হওক । শুভ ৰং বগা ।
তুলাঃ প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল মূল কথাৰ প্ৰতি সজাগ থকা ভাল । দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব । শুভ ৰং গেৰুৱা ।
বৃশ্চিকঃ কৰ্মক্ষম সকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লভিব । মানসিক অৱস্থা মধ্যম । আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে । শুভ ৰং সেউজীয়া ।
ধনুঃ খৰচ-পাতি ৰোধ কৰাৰ যত্ন কৰক । প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব । বিদ্যাত বেয়া নহ’ব প্ৰেমত বাধা । ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক । শুভ ৰং হালধীয়া ।
মকৰঃ ক্ৰমে দিনটো উন্নত অনুভৱ কৰিব । কৰ্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব । বিদ্যাৰ্থীৰ বাবে দিনটো শুভ । শুভ ৰং ৰঙা ।
কুম্ভঃ পুৱা ভাগতকৈ আবেলি ভাগত ফল লাভ কৰিব । কৰ্মস্থানত ভালেই দেখা যায় । বিদ্যাত কিছু আশাপ্ৰদ । শৰীৰ মধ্যম । শুভ ৰং গোলপীয়া ।
মীনঃ কৰ্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব । বেংক কৰ্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব । হাতলৈ ধন অহাৰ যোগ আছে । প্ৰেম প্ৰণয়ে সাময়িক বাধা । শুভ ৰং কমলা ।