মেষঃ পৰিৱেশত কিছু খেলি-মেলি থাকিব । খুব নিশ্চিন্তে থকাতকৈ সতৰ্ক হৈ কাম-কাজত মন ৰাখিব । ভ্ৰমণাদিতো কষ্ট পোৱাৰ সম্ভাৱনা । আৰ্থিকত মধ্যম । ৰঙা শুভ ৰং ।
বৃষঃ কোনো কথাত মানসিক অন্তৰ্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা । পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে । প্ৰেম-প্ৰীতিত তেনে বাধা নাই । দাম্পত্যত একেবাৰে নিৰাশ নহয় । ভ্ৰমণ শুভ । হালধীয়া শুভ ৰং ।
মিথুনঃ প্ৰিয় সংগৰ লগত মন ভাল লাগিব । আৰ্থিকত মজলীয়া ফল পাব । ঘৰুৱা শান্তি ব্যাহত নহয় । নতুন সংবাদত চিন্তিত । কোনোৱে বৈবাহিক যোগাযোগ বা সম্পৰ্কাদিত যোগদান কৰিব পাৰে । মটিয়া শুভ ৰং ।
কৰ্কটঃ কৰ্মস্থানত কোনো কাৰণত কিছু উদ্বেগ দেখা যায় । মতান্তৰ আদিৰো কাৰক । কোনো সংবাদ আৰু যোগাযোগত সামান্য সুখ । বিদ্যাত মজলীয়া । বেৰুণ শুভ ৰং ।
সিংহঃ আজি উন্নত । কৰ্মস্থানত পূৰ্বৰ তুলনাত কিছু অনুকূল । নিজৰ বাঞ্ছিত আশা পূৰণৰ আলো দেখিব পাৰে । আৰ্থিক কঠিনতা বিশেষ নাপাব । শৰীৰ মধ্যম । নীলা শুভ ৰং ।
কন্যাঃ শৰীৰ সংঘাতৰ মুখামুখী । অস্থিৰতা বৰ্তমান । বেছি জটিল কথা তৎক্ষণাৎ সমাধানৰ চেষ্টা নকৰিব । বিদ্যাত মধ্যম । দাম্পত্য জীৱন শুভময় । গুলপীয়া শুভ ৰং ।
তুলাঃ দিনটো মধ্যম বুলি ধৰিব পাৰে । যোগাযোগৰ ইচ্ছুকৰ সফলতা । ভ্ৰমণাদিত বাধা কম । অযথা কথা মূৰত লৈ দেহ-মন বেয়া নকৰিব । শৰীৰ মধ্যম । প্ৰাপ্তিৰ সামান্য আশা । সোণালী শুভ ৰং ।
বৃশ্চিকঃ শুভ সংযোগ । কৰ্তাদিত উৎসাহ পাব । কোনো ব্যক্তিগত কাৰণত কৰা অভিযান কিছুদূৰ আশাপ্ৰদ । শিল্পী অভিনেতাৰ কাৰক । আৰ্থিকত সফলতা কম পাব । শৰীৰ মধ্যম । কোনো সংবাদত মিশ্ৰ ফল । বিয়া-বাৰুৰ চেষ্টা কৰোতাই কিছু বাধা পাব । প্ৰেমত অশুভ । সেউজীয়া শুভ ৰং ।
ধনুঃ অস্থিৰতাৰ কাৰক । আৰ্থিকত সফলতা কম পাব । শৰীৰ মধ্যম । কোনো সংবাদত মিশ্ৰিত ফল । বিয়া-বাৰুৰ চেষ্টা কৰোতাই কিছু বাধা পাব । প্ৰেমত অশুভ । সেউজীয়া শুভ ৰং ।
মকৰঃ দাম্পত্যত ভালেই । শৰীৰো বেয়া নাযাব । বিশ্ৰামৰ বাবে চিন্তা । বিদ্যাত বেয়া নহ’ব । ন বজাৰ পৰা চাৰি বজাৰ সময়খিনি পাৰিলে বৰ্জন কৰক । ঘৰুৱা ভালেই । ক’লা শুভ ৰং ।
কুম্ভঃ শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্ৰায় অনুকূল । আজি কোনো সম্ভাৱনীয় যোগাযোগ উপকৃত হ’ব । য’তেই ত’তে পৰা পক্ষত একো মন্তব্য নিদিব । ব্যৱসায়ত শুভ । আকাশী শুভ ৰং ।
মীনঃ আৰ্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক । বিদ্যাত তেনে আহুকাল দেখা নাযায় । ঘৰুৱা উন্নতিৰ চেষ্টা । হালধীয়া শুভ ৰং ।