মই সদায় কৈ আহিছাে আৰু হেজাৰবাৰ ক’ম, অসমীয়া ভাষাৰ কোনাে সংকট অহা নাই। ইমান ডাঙৰ ভাষাৰ যদি সংকট আহে তেন্তে আমাৰ দৰে অল্প সংখ্যক লােকে কোৱা ভাষাৰ কি গতি হ’ব?
প্রায় আঢ়ৈ কোটি মানুহে কোৱা ভাষালৈ কেতিয়াও সংকট আহিব নােৱাৰে। ভাষাক লৈ দুই-এটা ঘটনা ঘটিব পাৰে; কিন্তু তাকে লৈ ইমান শংকিত অথবা ভয় খােৱাৰ কোনাে যুক্তি নাই।
অসমীয়া ভাষা-সাহিত্যলৈ মই যৎকিঞ্চিত অৱদান আগবঢ়াইছাে। তাৰ তুলনাত অসমবাসীয়ে মােক বহু বেছি সন্মান দিছে। মৰম আৰু বিশ্বাসাে পাইছাে। মই কেতিয়াও নাভাবাে যে অসম আৰু অসমীয়াই মােক কেতিয়াবা উপেক্ষিত কৰিছে বা অৱহেলাৰ দৃষ্টিৰে চাইছে।
মােৰ পাছত পার্বত্য অঞ্চলৰ পৰা আন কোনােবা অনা-অসমীয়াই যে অসমীয়া সাহিত্যৰ ওপৰত চৰ্চা কৰিব তাৰ সম্ভাৱনা ক্ষীণ। কোনােবা যে ব্যতিক্রম নােলাব অৱশ্যে তাকো নুই কৰিব নােৱাৰি। কোনােবাই বিশেষ কিবা পদক্ষেপ ল’লেও যে তাৰ ফল ফলিয়াব তাৰাে কোনাে নিশ্চয়তা নাই।
এইটো স্বতঃস্ফূর্তভাৱে আত্মপ্রকাশ কৰিবলগীয়া বিষয়। গুচি যােৱা বছৰটোত কিছুমান খবৰে আমাক বাৰুকৈয়ে মর্মাহত কৰিলে। ২০২১ত অসমীয়া সাহিত্যই তিনিগৰাকীকৈ উজ্জ্বল নক্ষত্র হেৰুৱালে।
স্বনামধন্য সাহিত্যিক হােমেন বৰগােহাঞি, ড°লক্ষ্মীনন্দন বৰা আৰু সনন্ত তাঁতিৰ মৃত্যুৰ খবৰে আমাক বাৰুকৈয়ে বেদনাহত কৰি তুলিলে। তদুপৰি সেইকেইগৰাকী মহান আৰু বৰেণ্য সাহিত্যিক মৃত্যুৱে অসমীয়া সাহিত্যৰ জগতখনক উৰুঙা কৰি থৈ গ’ল।
গতিকে মই ভাবাে, ২০২১ বর্ষটোক আমি বহু পােৱা-নােপােৱাৰ মাজেৰে পাৰ কৰি দিলাে। নৱবৰ্ষত দুখনমান নতুন কিতাপে পূর্ণতা লাভ কৰিব বুলি মই আশা কৰি আছাে। এজন লেখকৰূপে দায়িত্ব পালন কৰি আহিছাে আৰু নতুন বছৰতাে একেই দায়িত্ব পালন কৰিম।
সভা-সমিতিত যােগদান কমকৈ কৰিম। সভা-সমিতিলৈ গৈ কোনাে লাভ নহয়। সভা-সমিতিৰ পৰা আঁতৰি থাকি নিজৰ সৃষ্টি কর্মত মনােযােগ দিম।লেখকসকলৰ কাৰণে সভা-সমিতিৰ বিশেষ দৰকাৰ নাই।
কৰ’নাকালীন পৰিৱেশত তলাবন্ধৰ ফলত ঘৰতে সীমাবদ্ধ থাকিও বহু সাহিত্যিক-লেখকে উৎকৃষ্ট গ্রন্থ সৃষ্টি কৰিলে। আৰু বহু। পাঠকে ডাকযােগেও পছন্দৰ গ্রন্থ সংগ্রহ কৰি অধ্যয়ন কৰিব পাৰিছে। কিতাপৰ ।বিক্রীও বাঢ়িছে।
গতিকে সকলাে পৰিৱেশ-পৰিস্থিতিক যােগাত্মক দৃষ্টিভংগীৰে চাই আমি সকলােৱে মিলিজুলি আগবাঢ়িব লাগিব আৰু সাহিত্য চর্চাও জীয়াই ৰাখিব লাগিব।