যিহেতু মই এজন চিত্ৰকৰ সেয়েহে অন্যান্য কাম যেনে সংগীত চর্চা, সৌন্দর্য চর্চা, সামাজিক কাম তথা সকলাে ধৰণৰ মানুহক সহায় কৰি ভাল পাও। নতুন বছৰত মই চেষ্টা কৰিম মানৱীয়তাৰ হকে কামবােৰ আৰু বেছিকৈ আগবঢ়াই নিয়া তথা এজন ভাল মানুহ হােৱাৰ।
এজন সমাজ কর্তাৰূপে সকলােতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল দিন হাজিৰা কৰা মানুহৰ পেট পূৰ কৰা। চিত্র অংকনৰ দ্বাৰা নিজৰ পৰিয়াল চলাই আছাে তলাবন্ধত মই ছবি আঁকি দিনটো অতিবাহিত কৰিছিলাে আৰু অনলাইন মাধ্যমেৰে সেই ছবিবােৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলাে আৰু মােৰ এই কামৰ পৰা মই প্রায় ৩০ হেজাৰ মান টকা পাইছিলাে যাৰ দ্বাৰা মই নিজৰ ঘৰৰ লগতে দৰিদ্ৰ পৰিয়াল কিছুমান তথা দিন হাজিৰা কৰা, মগনীয়াক যিমানদূৰ সম্ভৱ এসাজ খােৱাৰ ব্যৱস্থা কৰি দিছিলাে।
নিজৰ ওপৰত সদায় বিশ্বাস আছে মােৰ সেয়েহে মই যি কোনাে কাম কৰিলে নিজৰ ১০০ শতাংশ দিওঁ ইয়াৰ লগতে মােৰ সহযােগীসকল আছে যেনেকৈ আমি নিজৰ কামবােৰ সমাজৰ হকে কৰি আছাে আৰু মােৰ এটা উদ্দেশ্যে আছে যে মানুহ যাতে ভিক্ষা কৰি নাখাওঁক কিবা কামত নিয়ােজিত হওক আনকো আহ্বান জনাব বিচাৰাে কোনেও যাতে ভিক্ষা নিদি কিবা খাবলৈ, কাপােৰ আৰু অন্যান্য সামগ্রী দান কৰে।
ভিক্ষা দিয়াৰ ফলত কেতিয়াও এখন সমাজ আগবাঢ়িব নােৱাৰে তাৰ পৰিৱর্তে আমি দান দিয়া শিকিব লাগে । অনাগত দিনত মই বিচাৰাে যাতে ৰাইজে নিজৰ মহত্ত্ব বুজি পাওক, আমি প্রায়ে বাতৰি কাকত আৰু সংবাদ মাধ্যমত চৰকাৰক দোষাৰােপ কৰা দেখিবলৈ পাওঁ, মােৰ সপােন এটাই আছে যাতে ৰাইজে সকলাে ক্ষেত্ৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে।
যিমানদূৰ প্রয়ােজন নিজৰ সমাজক আগবঢ়াই নিয়া তথা মানৱ কল্যাণৰ হকে কাম কৰে, মানুহে মানুহৰ বাবে গীতটি কেৱল এটা গীত হৈ নাথাকে যাতে যুৱপ্ৰজন্মৰ প্রতিনিধিৰূপে নৱবৰ্ষৰ উপহাৰ হিচাপে মই এটা সংকল্প বিচাৰি যাওঁ সকলােৱে নিজৰ নিজৰ প্রতিভা বিকাশত মনােনিবেশ কৰে, কাৰিকৰি বিদ্যাই বেগত আগবাঢ়ি আছে অনাগত দিনত চাকৰিৰ অভাৱ হ’ব কিয়নাে সকলাে কাম আমি যন্ত্ৰৰ দ্বাৰা কৰিব পাৰিম।
এনে পৰিস্থিতিত মানুহে কেৱল নিজৰ প্ৰতিভাৰ দ্বাৰাই নিজক প্রতিষ্ঠা কৰিব পাৰিব তেতিয়াহে আর্থিকভাৱে স্বাৱলম্বী হ’ব। আজি আর্টিষ্ট কর্ণাৰে সদস্য কেইজনমানৰ স’তে নৱবৰ্ষৰ উপহাৰৰূপে তেজপুৰৰ স্থানীয় পথচাৰী মগনীয়া এগৰাকীক এটি হিউমেন ৱেট মেচিন প্রদান কৰাে।
ইয়াৰ দ্বাৰা এইটোকে বার্তা দিবলৈ বিচাৰিছাে যে তেওঁ খুজি-মাগি কাৰােবাৰ পৰা পইচা বিচৰাতকৈ এটি সামান্য সংস্থাপনৰ পথ বিচাৰি পাওক, পূর্বেও তেওঁৰ লগত কথা পাতােতে তেওঁ কৈছিল যে তেওঁৰাে কেৱল খুজি খাবলৈ মন নাযায়; কিন্তু কর্মসংস্থাপনৰ বাবে তেওঁৰ সামর্থ্য নাই।
সেইবাবে এতিয়াৰে পৰা বিভিন্ন লােকে তেওঁক বিনাচতে দানৰূপে পইচা দিয়াতকৈ তেওঁৰ ওচৰত থকা ৱেট মেচিনটোত নিজৰ ওজন জুখি তাৰ পাছত নিজ ইচ্ছাৰে তেওঁক এটি মাচুল প্রদান কৰিব। তেতিয়া তেওঁ পােৱা সেই পইচাটো এটি দান নহয়, তেওঁৰ উপার্জন হৈ পৰিব।
লগতে এই সুযােগতে আমি তেজপুৰৰ অন্যান্য সামাজিক সংগঠনসমূহক আহ্বান জনাম যে তেওঁলােকেও যাতে এনেদৰে পথচাৰীসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহে কিয়নাে সকলাে মিলি-জুলি আগবাঢ়ি আহিলেহে এটি মহৎ উদ্দেশ্য সুন্দৰকৈ সফল হৈ পৰে।