Albert Einstein :
নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন । তেওঁৰ মগজু ইমানেই তীক্ষ্ন আছিল যে, মৃত্যুৰ পাছত তেওঁৰ মগজু চুৰি কৰা হৈছিল ।
তেওঁৰ আপেক্ষিকতা সূত্ৰ তথা বিশ্বৰ আটাইতকৈ বিখ্যাত সমীকৰণ E=MC square ৰ বাবে তেওঁ বিশ্বখ্যাত হৈ পৰিছিল । যি সূত্ৰ প্ৰতিবছৰে লাখ লাখ শিক্ষাৰ্থীয়ে শিকি আহিছে । ” থিয়ৰী অৱ ৰিলেটিভিটি ” ৰ ওপৰতো তেওঁ বছৰ বছৰ ধৰি কাম কৰি আহিছিল ।
তেওঁ কেৱল আপেক্ষিকতা সূত্ৰৰ বাবেই বিখ্যাত নহয় । তেওঁ মানুহক শিকাই থৈ গৈছে যে মানুহে কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে তথা দৃঢ় সংকল্পই যে মানুহৰ লক্ষ্যপ্ৰাপ্তি কৰে ।
লক্ষ্যপ্ৰাপ্তিৰ পথত তেওঁৰ জীৱনলৈও বহু বাধা আহিছিল । কিন্তু সকলো বাধা অতিক্ৰম কৰি তেওঁ সফল হৈছিল । আচলতে সফল হ’বলৈ মানুহে কিছুমান নিয়ম অনুকৰণ কৰিব লাগে ।
আইনষ্টাইনৰ জন্ম হৈছিল বৈদ্যুতিক ব্লাৱ আৱিষ্কাৰৰ পাছত । চাৰি বছৰ বয়সৰলৈকে তেওঁ কথা ক’ব পৰা নাছিল । চিকিৎসকে কৈছিল তেওঁৰ মগজুটো সাধাৰণ লোকৰ মস্তিষ্কতকৈ ডাঙৰ ।
এই কথা শুনি পিতৃ-মাতৃৰ ভয় হৈছিল যে , তেওঁৰ বুদ্ধিহীন হ’ব বুলি । যাৰবাবে তেওঁ পিতৃ-মাতৃৰ পৰা বহু কটু বাক্য শুনিবলগীয়া হৈছিল ।
আনকি স্কুলীয়া জীৱনতো তেওঁ কোনো প্ৰতিভাৰ বিকাশ কৰিব পৰা নাছিল । বাকী বিষয়ৰ বাদে কেৱল গণিত আৰু বিজ্ঞানতেই তেওঁ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল ।
বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত তেওঁক তেওঁৰ পিতৃয়ে এটা কম্পাচ দিছিল । যাৰবাবে তেওঁৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িছিল । তেওঁৰ মনত কৌতূহল হৈছিল যে, মহাবিশ্বই কিদৰে কাম কৰে ?
ইয়াৰপাছতো এই মেধাসম্পন্ন ব্যক্তিজনে সাধাৰণ ডিগ্ৰী পাছ কৰি এটা সৰু চাকৰি যোগাৰ কৰিব পাৰিছিল যদিও অৱশেষত তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল ।