Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

    Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

    Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

    Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

    Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

    Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

    Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

    Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

    Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

    Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

    Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !

    Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Opinion

Opinion : ব্যক্তিৰ আচৰণত প্ৰতিফলিত সমাজ

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
January 9, 2023
in Opinion
Reading Time: 1 min read
0
Opinion : ব্যক্তিৰ আচৰণত প্ৰতিফলিত সমাজ
2
SHARES
19
VIEWS
ShareShareShareShare

Opinion :

নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত এটি নিৰ্লজ্জ ঘটনাই সভ্য সমাজক জোঁকাৰি গৈছে । প্ৰায় এমাহ পলমকৈ পোহৰলৈ আহিলেও এই ঘটনাই দেশৰ ভিতৰে-বাহিৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে ব্যক্তিৰ ৰাজহুৱা আচৰণক লৈও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ।

ADVERTISEMENT

যোৱা ২৬ নৱেম্বৰৰ ঘটনা । উক্ত বিমানৰ ‘বিজিনেছ ক্লাছ’ত আহাৰ পৰ্ব শেষ হোৱাৰ পাছত লাইটবোৰ নুমুৱাই দিয়া হয় । যাত্ৰীসকলৰ যাতে শুবলৈ সুবিধা হয়, তাৰ বাবে আহাৰ পৰিবেশনৰ পাছত আন্তৰ্জাতিক বিমানত সাধাৰণতে কেবিনৰ লাইটবোৰ নুমুৱাই দিয়া হয় । তাৰ কিছু সময়ৰ পাছতে শংকৰ মিশ্ৰ নামৰ এজন যাত্ৰীয়ে নিজৰ আসনৰ পৰা ঢলং-পলংকৈ উঠি যায় আৰু ৭২ বছৰীয়া অকলশৰীয়া মহিলা যাত্ৰী এগৰাকীৰ ওচৰলৈ গৈ পেণ্টৰ জিপ খুলি তেওঁৰ গাত প্ৰস্ৰাৱ কৰি দিয়ে । প্ৰস্ৰাৱ কৰাৰ পাছতো তেওঁ মহিলা যাত্ৰীগৰাকীৰ সন্মুখত নিজৰ গুপ্তাংগ প্ৰদৰ্শন কৰি থিয় হৈ ৰয় ।

RelatedPosts

Opinion : সংসদীয় গণতন্ত্ৰ কোন দিশে ?

Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?

একেডাল সূতাৰে গঁথা

ইতিমধ্যে দুখে-ভয়ে-অপমানে বিধ্বস্ত হৈ পৰা মহিলাগৰাকীৰ পোছাক-বেগ-জোতা আদি তিতি চপচপীয়া হয় । অৱশেষত হতবাক হৈ পৰা আন এজন সহযাত্ৰীৰ হস্তক্ষেপত যেনিবা দুষ্কাৰ্য সংঘটিত কৰা যাত্ৰীজন নিজৰ আসনলৈ উভতি যায় । তাতো আসনত বহিবলৈ লোৱাৰ পূৰ্বে কাষৰ আসনত শুই থকা যাত্ৰীজনৰ গাত বাগৰি পৰাৰ ফলত আমেৰিকাত কৰ্মৰত প্ৰবাসী চিকিৎসক যাত্ৰীজনৰ টোপনি ভাগি যায় । প্ৰথমে তেওঁ বিমান যাত্ৰাৰ সময়ত কেতিয়াবা কোনো কোনো যাত্ৰীয়ে ভাৰসাম্য হেৰুৱাই পেলোৱাৰ দৰে সহযাত্ৰীজনৰো একে কথাই হোৱা বুলি ধাৰণা কৰে; কিন্তু পাছ মুহূৰ্ততে চিকিৎসকজনে বুজিব পাৰে যে অত্যধিক সুৰা সেৱনৰ বাবেহে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে ।

ইতিমধ্যে ভুক্তভোগী যাত্ৰীগৰাকীয়ে বিমানৰ পৰিচাৰিকাক ঘটনাৰ বিষয়ে জনোৱাত দুগৰাকী এয়াৰ হোষ্টেজে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে । প্ৰসাধন কক্ষত নিজকে পৰিষ্কাৰ কৰাৰ পাছত তেওঁক পৰিধান কৰিবলৈ পায়জামা আৰু ব্যৱহাৰৰ পাছত পেলাই দিয়া ছেণ্ডেল যোগাৰ কৰি দিয়ে । লগতে তেওঁৰ আসনখন মচি-কাচি দিয়ে যদিও মহিলাগৰাকীয়ে তিতা আৰু প্ৰস্ৰাৱৰ দুৰ্গন্ধ থকা আসনখনত পুনৰ বহিবলৈ স্বাভাৱিকভাৱেই অস্বীকাৰ কৰে; কিন্তু বয়স্ক মহিলা যাত্ৰীগৰাকীৰ দুৰ্ভোগৰ তাতেই অন্ত নপৰিল ।

বিকল্প আসন এখন বিচাৰি তেওঁ অনুৰোধ জনায় যদিও তেওঁক প্ৰায় দুঘণ্টা অপেক্ষা কৰোৱা হয় । পাছত বিমান পৰিচাৰিকাই ব্যৱহাৰ কৰা এখন সৰু আসনত বহিয়েই তেওঁ বাকীছোৱা যাত্ৰা অতিক্ৰম কৰিবলৈ বাধ্য হয়; অথচ বিমানৰ বিজিনেছ ক্লাছত তেতিয়াও চাৰিখন আসন খালী আছিল ।

তাতোকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, বিমানখনে দিল্লীত অৱতৰণ কৰাৰ পাছতো অভিযুক্ত ৩৪ বছৰীয়া মুম্বাই নিবাসী শংকৰ মিশ্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল আৰু তেওঁ স্বাভাৱিকভাৱেই নিজৰ গন্তব্যলৈ প্ৰস্থান কৰে । এনে এক গুৰুতৰ ঘটনাক এয়াৰ ইণ্ডিয়া কতৃৰ্পক্ষই গা এৰা দিয়া মনোভাৱেৰে গ্ৰহণ কৰাত ভুক্তভোগী মহিলাগৰাকীয়ে অৱশেষত সম্প্ৰতি বিমান সংস্থাটো পৰিচালনা কৰা টাটা কোম্পানীৰ অধ্যক্ষলৈ সবিশেষ অৱগত কৰি এখন পত্ৰ প্ৰেৰণ কৰে ।

তাৰ পাছতহে এয়াৰ ইণ্ডিয়াই ঘটনাটোৰ তদন্তৰ বাবে কমিটী এখন গঠন কৰে আৰু আৰক্ষী তথা নিয়ন্ত্ৰক সংস্থা অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধান (ডিজিচিএ)ৰ স’তে মিলি ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি বিবৃতি দিবলৈ বাধ্য হয় । সেয়েহে ঘটনাটো পোহৰলৈ আহিবলৈ এমাহ সময়ৰ প্ৰয়োজন হয়; কিন্তু ঘটনাটোৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

ডিজিচিএকে ধৰি বিভিন্ন মহলৰ দ্বাৰা এয়াৰ ইণ্ডিয়া গৰিহণাৰ পাত্ৰ হয় । ঘটনা বেগতিক দেখি অভিযুক্ত শংকৰ মিশ্ৰই ম’বাইল ফোন বন্ধ কৰি আত্মগোপন কৰে । অৱশেষত নিশ্চিদ্ৰ অভিযান চলাই দিল্লী আৰক্ষীয়ে তেওঁক বাংগালুৰুৰ পৰা শনিবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে মিশ্ৰক এমাহৰ বাবে বিমান ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে । তদুপৰি কেলিফৰ্ণিয়াত মুখ্য কাৰ্যালয় থকা আমেৰিকান বিত্তীয় সেৱা কোম্পানী ৱেলছ ফাৰ্গোৰ ভাৰতৰ শাখাৰ উপাধ্যক্ষৰূপে কৰ্মৰত মিশ্ৰক বহুজাতিক কোম্পানীটোৱে এনে দুষ্কাৰ্যৰ বাবে বৰ্খাস্ত কৰিছে ।

কোম্পানীটোৱে এক বিবৃতিত এই কথা ঘোষণা কৰি কয় যে তেওঁলোকে নিজৰ কৰ্মচাৰীসকলৰ মাৰ্জিত পেছাদাৰী আৰু ব্যক্তিগত আচৰণক সৰ্বোচ্চ গুৰুত্ব দিয়ে । মিশ্ৰৰ আচৰণ গভীৰভাৱে অশান্তিকৰ বুলিও বিবৃতিত কোৱা হয় । এয়াৰ ইিঁণ্ডয়ায়ো ঘটনাৰ সময়ত উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰা হেতুকে এজন পাইলটৰ লগতে চাৰিগৰাকী বিমান পৰিচাৰিকাক কৈফিয়ৎ তলৱ কৰিছে আৰু কৰ্তব্যৰ পৰা বিৰত ৰাখিছে । এই সমগ্ৰ ঘটনাটোক লৈ এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলছনে সংশ্লিষ্ট সকলো পক্ষৰ পৰা ক্ষমা বিচাৰিছে । লগতে বিমানত সুৰা পৰিবেশনৰ নীতি পুনৰ বিবেচনা কৰি থকা হৈছে বুলি সদৰী কৰে ।

সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত পলমকৈ হ’লেও ব্যৱস্থা গ্ৰহণ কৰা হ’ল যদিও এই ঘটনাটো যে ভাৰতৰ বিমান পৰিবহণৰ ইতিহাসত এক ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’ব তাত সন্দেহ নাই । অৱশ্যে বিমান যাত্ৰীৰ উচ্ছৃংখল আচৰণ কোনো নতুন ঘটনা নহয় । এনে কেইটামান শেহতীয়া ঘটনাই সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে । যোৱা ২৬ ডিচেম্বৰত বেংককৰ পৰা কলকাতা অভিমুখী থাই স্মাইল এয়াৰৱেজৰ এখন বিমানত দুজন যাত্ৰীৰ প্ৰথমে তৰ্ক-বিতৰ্ক আৰু পাছলৈ ঘুচিয়া-ঘুচিয়ে বিমানৰ কৰ্মচাৰীসকলৰ লগতে অন্যান্য যাত্ৰীসকলকো আতংকিত কৰি তোলে । ঘটনাটো পোহৰলৈ অহাৰ পাছতে কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য ছিন্ধিয়াৰ নিৰ্দেশত কলকাতা আৰক্ষীৰ ওচৰত এটি গোচৰ ৰুজু কৰা হৈছে । লগতে অভিযুক্তসকলৰ বিমান যাত্ৰা নিষিদ্ধ কৰা হৈছে ।

ইয়াৰ পূৰ্বে যোৱা ১৬ ডিচেম্বৰত ইষ্টানবুলৰ পৰা দিল্লী অভিমুখী ইণ্ডিগ’ এয়াৰলাইনৰ এখন বিমানত খাদ্য যোগানক লৈ এজন যাত্ৰী আৰু পৰিচাৰিকাৰ মাজত প্ৰচণ্ড বাকযুদ্ধৰ ভিডিঅ’ ভাইৰেল হৈ পৰে । তেনেদৰেই ছয় ডিচেম্বৰত পেৰিছৰ পৰা দিল্লী অভিমুখী বিমানত সুৰামত্ত এজন যাত্ৰীয়ে বিমানকৰ্মীৰ নিৰ্দেশনা উলংঘা কৰাতে ক্ষান্ত নাথাকি এগৰাকী মহিলা যাত্ৰীৰ ব্লেংকেটত প্ৰস্ৰাৱ কৰে অৱশ্যে ভুক্তভোগী যাত্ৰীগৰাকীয়ে কোনো ধৰণৰ আনুষ্ঠানিক গোচৰ ৰুজু কৰাৰ পৰা বিৰত থকাত ঘটনাটোৰ সিমানতে অন্ত পৰে । পাছত অভিযুক্ত যাত্ৰীজনে ভুক্তভোগীক লিখিত পত্ৰযোগে ক্ষমা মাৰ্জনা বিচাৰে ।

মনত আছে, কেইবছৰমানৰ পূৰ্বে এজন প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীয়ে, যিয়ে এখন বৃহৎ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল, এনে এক ঘটনাই সংঘটিত কৰিছিল/ দিল্লীৰ পৰা ভূপাল অভিমুখে যাত্ৰা কৰাৰ সময়ত তেওঁ প্ৰসাধন কক্ষ ব্যৱহাৰ কৰিবলৈ যায়; কিন্তু সেই সময়ত আন এজন যাত্ৰীয়ে তাক ব্যৱহাৰ কৰি থকা হেতুকে মন্ত্ৰীজনে ক্ষন্তেক অপেক্ষা কৰিবলগীয়া হয় । তাতেই ধৈৰ্য হেৰুৱাই বয়স্ক ৰাজনীতিকজনে উৰন্ত বিমানখনৰ এচুকত প্ৰস্ৰাৱ কৰি দিয়ে আৰু পাছত যেন একো হোৱাই নাই, তেনে মনোভাৱেৰে আহি নিজৰ আসনত বহি পৰে ।

এবাৰ ছিডনীৰ পৰা মুম্বাইলৈ অষ্টে˜লিয়াৰ ৰাষ্ট্ৰীয় বিমানসেৱা কোৱাণ্টাছ এয়াৰৱেজযোগে আহি থাকোতে আমিও একে ধৰণৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী হ’বলগীয়া হৈছিল । আমাৰ ওচৰৰে এগৰাকী মহিলা যাত্ৰীয়ে যথেষ্ট সুৰাপান কৰা দেখি মনটো চেবাইছিল । কেইঘণ্টামান উৰি অহাৰ পাছত দেখিলো খকখকাই বমি কৰিবলৈ ধৰিলে আৰু তেওঁ অসুস্থ হৈ পৰিল । পৰিচাৰিকাসকলে তেওঁক বিশেষভাৱে প্ৰতিপাল কৰিবলগীয়া হ’ল । শেষত যেনিবা ইয়াতকৈ বেছি অঘটন নঘটাকৈয়ে আমাৰ বিমানখনে মুম্বাইত অৱতৰণ কৰিলে ।

এয়া তেনেই কেইটামান সাধাৰণ উদাহৰণ । ভাৰতৰ বিমানযাত্ৰাত প্ৰায় প্ৰতিদিনেই এনে বিভিন্ন অবাঞ্ছিত ঘটনা ঘটে । একাংশ বিমানকৰ্মীৰ আচৰণো বহু সময়ত ইয়াৰ বাবে দায়ী যদিও ঘাইকৈ যাত্ৰীসকলক নিয়ন্ত্ৰণত ৰখাটোৱে যেন সবাতোকৈ গুৰুতৰ প্ৰত্যাহ্বান । বিমান কৰ্মীক দুৰ্ব্যৱহাৰ কৰা, ঠেলা-গতা দিয়া, নিয়ম নমনা অথবা মাছৰ বজাৰৰ দৰে চিঞৰ-বাখৰ কৰা, সহযাত্ৰীক যথোচিত সন্মান প্ৰদৰ্শন নকৰাৰ দৰে ঘটনা ভাৰতৰ প্ৰতিটো বিমানযাত্ৰাতে সুলভ । মাত্ৰ এজন যাত্ৰীৰ আচৰণে যে কে’বাশ যাত্ৰীক মুহূৰ্ততে চৰম বিপদৰ মুখলৈ ঠেলি দিব পাৰে, সেয়া বোধগম্য নোহোৱাটোও আশ্চৰ্যকৰ ।

বিমান পৰিচাৰিকাৰ প্ৰতি অবাঞ্ছিত আৰু অশালীন মন্তব্য কৰা, কেবিন বেগ থান-থিত লগোৱাৰ নামত খকাখুন্দা লগা, বিমানে অৱতৰণ কৰাৰ লগে লগে পাইলটে নিষেধ কৰা সত্ত্বেও নামিবলৈ উথপথপ লগোৱা আদিৰ দৰে আচৰণ ভাৰতীয় গৰিষ্ঠ সংখ্যক বিমানযাত্ৰীৰ ক্ষেত্ৰতে দৃষ্টিগোচৰ হয় ।

কিছু বছৰ আগলৈ বিমানযাত্ৰা মানেই আছিল এক শৃংখলাবদ্ধ, আৰামদায়ক যাত্ৰা । বহুতৰ কাৰণে ই আছিল বিলাসিতাও; কিন্তু সেয়া আজি অতীত । বিমানযাত্ৰা আজি হৈ পৰিছে একপ্ৰকাৰৰ অনিশ্চিত, উচ্ছৃংখল যাত্ৰা । প্ৰস্তুতিৰ পবৰ্ত বাদেই, উৰন্ত বিমানতে বিভিন্ন উচ্ছৃংখল আচৰণ দিনে দিনে বৃদ্ধি পাইছে । নিয়ন্ত্ৰক সংস্থাই নীতি-নিৰ্দেশনা জাৰি কৰি আহিছে যদিও তেনেবোৰ ঘটনা নিয়ন্ত্ৰণলৈ অহা নাই; বৰঞ্চ বৰ্ধিত সংখ্যাই যেন ইয়াক স্বাভাৱিকৰূপেই প্ৰতিষ্ঠা কৰিছে ।

বিমান পৰিবহণৰ স’তে জড়িত একাংশই ক’ব খোজে যে বিমান যাত্ৰা সকলোৰে বাবে সুলভ কৰি তোলাৰ ফলস্বৰূপেই এনে অবাঞ্ছিত ঘটনা বৃদ্ধি হৈছে । তেওঁলোকৰ মতে সম্প্ৰতি এনে বহু লোকে বিমানযাত্ৰা কৰিবলৈ লৈছে, যিসকলৰ বিমানত কেনে আচৰণ কৰিব লাগে তাৰ কোনো ধাৰণা নাই । কিন্তু ইয়েই একমাত্ৰ কাৰণ বুলি একাষাৰে মানি ল’ব নোৱাৰি ।

যি সময়ত ৯০ দশক পৰ্যন্ত ভাৰতত কেৱল চৰকাৰী সংস্থা ইণ্ডিয়ান এয়াৰলাইন্স আৰু এয়াৰ ইণ্ডিয়াৰ সেৱাহে উপলব্ধ আছিল তেতিয়াও এনে ঘটনা নোহোৱাকৈ থকা নাছিল । ইতিমধ্যে প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীজনৰ প্ৰসংগ উল্লেখ কৰিছোৱেই । পৰৱৰ্তী সময়ত বিমান পৰিবহণ সেৱা ব্যক্তিগত খণ্ডলৈ মুকলি কৰি দিয়াৰ লগে লগে অভাৱনীয় হাৰত বিমান সংস্থা আৰু বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে । একো একোটা যাত্ৰাপথত এডজন পৰ্যন্ত বিমান যাত্ৰা আৰম্ভ হ’ল । আগতে কেতিয়াও আশা নকৰা পথতো বিমানসেৱা আৰম্ভ হ’ল । গতিকে এনে উচ্ছৃংখলতাৰ ঘটনাও সমান্তৰালভাৱে বৃদ্ধি পাই আহিবলৈ ধৰিছে ।

লক্ষ্যণীয় এয়ে যে মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰি দিয়া ঘটনাটো ঘটিল বিজিনেছ ক্লাছতহে, য’ত সাধাৰণ ইক’নমি ক্লাছতকৈ ভাড়া প্ৰায় দুগুণ । সকলো ধৰণৰ আছুতীয়া, অধিক আৰামদায়ক আৰু বিলাসী সা-সুবিধাযুক্ত বিজিনেছ ক্লাছত সমাজৰ অতি উচ্চ খাপৰ ধনাঢ্য লোকেহে যাত্ৰা কৰে বুলি ধৰি লোৱা হয়, যিসকলক সাধাৰণতে শিক্ষিত বুলিও জ্ঞান কৰা হয় । ইয়াতো অভিযুক্তজন আমেৰিকাৰ বহুজাতিক কোম্পানীৰ ভাৰতৰ শাখাৰ উপাধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী পদত কৰ্মৰত । তেওঁৰ মাহিলি দৰমহা কোটি টকাৰ ওচৰা-ওচৰি হ’ব বুলি কোৱা হৈছে ।

তদুপৰি তেওঁ কেৱল উচ্চ শিক্ষিতেই নহয়, তথাকথিত উচ্চবৰ্ণৰ আৰু সততে দেশে-বিদেশে ভ্ৰমণ কৰা লোক । তেনে এজন লোকৰ দ্বাৰা এনে এটি কাললৈ কুখ্যাতি ৰখা ঘটনা সংঘটিত কৰাটোৱে সকলোকে হতবাক কৰি তোলাই স্বাভাৱিক । গতিকে বিমানযাত্ৰাত সঠিক আচৰণৰ জ্ঞান নথকা লোকেহে এনে অবাঞ্ছিত ঘটনা সংঘটিত কৰে বুলি কোৱা কথাষাৰে সেয়েহে খাপ নাখায় ।

ইয়াতেই প্ৰশ্ন উত্থাপিত হয়, তেন্তে এনে উচ্ছৃংখল আচৰণৰ আঁৰত আজিৰ ভাৰতীয়ৰ অস্থিৰতা, অসহিষ্ণুতা নে অসংবেদনশীলতাই ক্ৰিয়া কৰিছে ? কেৱল বিমানযাত্ৰাতে নহয়, প্ৰতিটো ক্ষেত্ৰতে একেই ধৰণৰ আচৰণে আমাক এখন সামগ্ৰিকভাৱে উচ্ছৃৃংখল সমাজৰ দিশে আগুৱাই নিছে যেন আশংকাৰ সৃষ্টি হয় । সমাজৰ নেতৃস্থানীয় একাংশ লোকৰ অমাৰ্জিত আচৰণেও আন বহুতকে অনুপ্ৰাণিত কৰিছে । প্ৰতিজন ব্যক্তিৰ ৰাজহুৱা আচৰণে অৱশেষত সমাজকেই প্ৰভাৱিত কৰে ।

একাংশৰ ধন আৰু ক্ষমতাই আনি দিয়া মদগবিৰ্তাৰ বিপৰীতে অধিকাংশৰে জীৱন-জীৱিকাৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ লগতে বিভিন্ন ক্ষেত্ৰত দিনে দিনে বৃদ্ধি পোৱা চাপে স্বাভাৱিক জীৱন যাত্ৰাত এক অস্থিৰতাৰ পৰিবেশ গঢ়ি তুলিছে । এনে অস্থিৰতাই অৱশেষত ক’ব নোৱাৰাকৈয়ে মানুহক প্ৰভাৱিত কৰিছে আৰু উচ্ছৃৃংখল পৰিৱেশ সৃষ্টিত অৰিহণা যোগাইছে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: OpinionPranjalsen Deka
publisher

publisher

Related Posts

Opinion : সংসদীয় গণতন্ত্ৰ কোন দিশে ?
Opinion

Opinion : সংসদীয় গণতন্ত্ৰ কোন দিশে ?

December 26, 2022
Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা
Opinion

Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা

December 19, 2022
Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?
Opinion

Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?

December 12, 2022
Opinion : এনডিটিভিৰ জয় নে পৰাজয় ?
Opinion

Opinion : এনডিটিভিৰ জয় নে পৰাজয় ?

December 5, 2022
Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…
Opinion

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

November 28, 2022
Opinion : আৰু কিমান বোজা সহিম ?
Opinion

Opinion : আৰু কিমান বোজা সহিম ?

November 21, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: