Opinion :
অসমৰ ভূত-ভৱিষ্যতক গভীৰভাৱে প্ৰভাৱিত কৰি অহা জীৱন-মৰণৰ সমস্যাসমূহকো সুদীর্ঘকাল ধৰি এচাম নেতৃস্থানীয় লোকে কেৱল ন্যস্তস্বাৰ্থ পূৰণৰ মাধ্যমৰূপেই ব্যৱহাৰ কৰি আহিছে। ঘাইকৈ অবৈধ বিদেশী অনুপ্ৰৱেশৰ সমস্যাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই পৰিক্ৰমা আজিও একে ধৰণেই অব্যাহত আছে।
তাৰ লগে লগে মুষ্টিমেয় এচাম লোকৰ হাতত একোটা জাতি কেনেদৰে বাৰে বাৰে প্ৰতাৰিত হ’ব পাৰে, তাৰো নতুন দৃষ্টান্ত স্থাপন হৈছে। অবৈধ বিদেশী বহিষ্কাৰ আন্দোলনে অসমৰ যে কোনো এটা সমস্যাৰ সমাধান কৰিবতো নোৱাৰিলেই, বৰঞ্চ অপূৰণীয় ক্ষতি কৰিহে গ’ল, তাক আৰু কোনেও হৃদয়ংগম নকৰাকৈ থকা নাই।
বিদেশীৰ অনুপ্ৰৱেশ পৃথিৱীৰ বহু দেশৰে এক গুৰুতৰ সমস্যা। ইয়াৰ মোকাবিলাৰ বাবে চৰকাৰী পৰ্যায়তহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয় । এই কথাও ঠিক যে পৃথিৱীৰ কোনো দেশেই অবৈধভাৱে প্ৰৱেশ কৰা বিদেশীক গ্ৰহণ কৰিবলৈ ৰাজী নহয়; বৰঞ্চ এনে অনুপ্ৰৱেশ ৰোধৰ বাবে দেশে দেশে কঠোৰ আইন তথা প্রয়োজনীয় ব্যৱস্থাৱলী আছে।
সেই উদ্দেশ্যেই দেশৰ সীমান্তসমূহকো সুৰক্ষিত কৰি ৰখা হয়, অথচ চুবুৰীয়া বাংলাদেশৰ পৰা অসমলৈ হোৱা অবাধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাৱলী গ্ৰহণ নকৰা হেতুকেই ছাত্র আৰু যুৱ সংগঠনৰ নেতৃত্বত বৃহৎ গণ আন্দোলন গঢ়ি উঠাৰ অৱকাশ আহি পৰিছিল।
সেইবাবেই এই আন্দোলনে দেশে-বিদেশে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অবৈধ বিদেশীৰ আগ্ৰাসনৰ পৰা মাতৃভূমিক ৰক্ষাৰ বাবে ছাত্র-যুৱ সংগঠনৰ নেতৃত্বত আৰম্ভ হোৱা এই বৃহৎ গণ আন্দোলনৰ মূল দাবীৰ প্ৰতি সেইবাবেই সমর্থন আৰু সহমর্মিতা প্ৰকাশ কৰিছিল বহুতেই।
কিন্তু আন্দোলনৰ নেতৃত্ব প্রদানকাৰীসকলৰ অদূৰদৰ্শিতা, অজ্ঞতা আৰু স্বার্থান্বেষী কার্যকলাপৰ বাবেই ই বিশ্বৰ ব্যৰ্থ গণ আন্দোলনসমূহৰ আটাইতকৈ উল্লেখযোগ্য বুলি ক’লেও আজি আৰু ভুল কোৱা নহ’ব। ৮৫৬ গৰাকী ছহিদ আৰু অলেখ ধন-জনৰ ক্ষতিৰ পাছতো সুদীৰ্ঘ ছবছৰজোৰা এক গণ আন্দোলনৰ এনে কৰুণ পৰিণতি বিশ্বতে বিৰল।
দুৰ্ভাগ্যজনকভাৱে এনে পৰিৱেশেই আন্দোলনটোক অপ্রয়োজনীয় বুলি লঘু কৰিবলৈও বহুতকে সুযোগ আনি দিছিল। পৰিতাপৰ কথা যে এমুঠিমান নেতাৰ অদূৰদৰ্শিতাৰ বাবেই আন্দোলনটোৱে ইয়াৰ মূল সমস্যাটোৰ সমাধানৰ ওচৰ চাপিবলৈকে সক্ষমতো নহ’লেই, বৰঞ্চ আন বহু নতুন সমস্যাৰহে সৃষ্টি কৰি গ’ল, যিবোৰৰ কুফল অসমে প্রতিদিনে ভুগিবলগীয়া হৈ আহিছে আৰু ভৱিষ্যতেও ভুগি থাকিব লাগিব।
১৯৭৯ত আৰম্ভ হোৱা ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনে কেৱল এটাৰ পাছত আনটো দুৰ্ভাৱনাৰ দুৱাৰ মুকলি কৰি গ’ল। এই আন্দোলনৰ একমাত্ৰ আৰু বিৰল সাফল্য (!) হ’ল—ই এনে এচাম নেতাৰ সৃষ্টি কৰি গ’ল, যিসকলে বিদেশী সমস্যাটোক জীয়াই ৰাখি দশকৰ পাছত দশক কাল ধৰি ক্ষমতা আৰু ধন আহৰণৰ লগতে নিজৰ প্ৰাসংগিকতা বজাই ৰখাৰ কৌশলত তুলনাবিহীন।
১৯৭৯ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি চাৰে চাৰি দশক উকলি যোৱাৰ পাছতো অবৈধ বিদেশীৰ ইছ্যুক লৈ এচাম তথাকথিত নেতাই নিজৰ দোকান চলাই যাবলৈ সক্ষম হৈছে।
আটাইতকৈ দুর্ভাগ্যজনক কথা এয়ে যে অভাৱনীয় ধন-জনৰ ক্ষতিসাধনৰ পাছত এখন চুক্তিৰে সমাপ্ত হোৱা আন্দোলনৰ পাছত অবৈধ বিদেশীক বিতাড়ন কৰাটো দূৰৰে কথা, কে’বাগুণে বৃদ্ধিহে পালে। আন্দোলনকাৰী নেতৃত্বই দুবাৰকৈ চৰকাৰ পৰিচালনা কৰিলেও কেন্দ্ৰৰ ওপৰতে সকলো দোষ জাপি দি পাছলৈ বিদেশীৰ প্ৰসংগই মুখলৈ আনিবলৈ এৰিলে; কিন্তু এই বিদেশী সমস্যাৰ প্ৰসংগ আনি নিজ নিজ স্বাৰ্থ পূৰণৰ সুযোগ লোৱা নেতাৰ আজিও অভাৱ হোৱা নাই।
আজি আৰু বিদেশীক চিনাক্ত কৰি বহিষ্কাৰৰ কোনো পদক্ষেপ ল’বলৈ কোনোপক্ষই আগ্রহী নহয়; অথচ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত এই প্ৰসংগটোৱে প্ৰথমতে স্থান লাভ কৰে। ভুলভাৱে পৰিচালিত আন্দোলনে অসমৰ কি ভয়ংকৰ ক্ষতিসাধন কৰি গ’ল, তাক লৈ চৰ্চা নোহোৱাকৈ থকা নাই। দৰাচলতে অসম আন্দোলন আৰু পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যকলাপে অবৈধ অনুপ্ৰৱেশকাৰীসকলক মান্যতাহে প্ৰদান কৰিলে।
ই অবৈধ বিদেশীসকলক এই দেশত বৈধ নাগৰিকৰ দৰেই মর্যাদা প্ৰদানৰ বাট মুকলি কৰি গ’ল। তাৰ বিপৰীতে অসমীয়া সমাজত বৃহৎ বিভাজনৰো সৃষ্টি কৰি গ’ল। অসম আন্দোলনে ৰাজ্যত অজস্ৰ দল-সংগঠনক হকে-বিহকে আত্মঘাতী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ বাবে প্ৰৰোচিত কৰাৰ কথা অস্বীকাৰ কৰিব পাৰি জানো?
লগতে এনে আন্দোলনৰ নামত বলপূর্বক ধন দাবীৰ পথো প্ৰদৰ্শন কৰা হ’ল। তেতিয়াৰে পৰা বলপূর্বক ধন সংগ্রহ এচামৰ বাবে জীৱিকাত পৰিণত হ’ল আৰু সিয়েই বটবৃক্ষৰ ৰূপ ধাৰণ কৰি সমগ্ৰ অসমক ছানি ধৰিছে। এনে নেতা নামধাৰী অপগণ্ডৰ কার্যকলাপে বিষবাষ্প ছটিয়াই সমাজখনকে গভীৰভাৱে দূষিত কৰি তুলিছে আৰু ইয়াৰ ফল আমি প্রত্যেকে ভুগিবলগীয়া হৈ আহিছে আৰু ভৱিষ্যতেও ভুগি থাকিব লাগিব।
আন্দোলন চলাকালীন একাংশ শুভবুদ্ধিসম্পন্ন লোকে ইয়াৰ নেতৃত্বক বন্ধ-অৱৰোধৰ দৰে পশ্চাৎগামী কাৰ্যসূচী গ্ৰহণৰ পৰিৱৰ্তে আন্দোলনৰ সমান্তৰালভাৱে কৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। কিন্তু স্বার্থান্বেষী নেতৃত্বই তালৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰা নাছিল।
তাৰেই ফলশ্ৰুতিত অসমে এটা ভ্ৰষ্ট প্ৰজন্মৰ বোজা বহন কৰিবলগীয়া হৈছে। এই আন্দোলনে দেখদেখকৈ এটা প্ৰজন্মক ধ্বংস কৰাৰ বিপৰীতে পৰৱৰ্তী প্রজন্মসমূহকো কোঙা কৰি গৈছে। এটা আন্দোলনে এখন সমাজ অথবা একোটা অঞ্চলত এক নতুন জাগৰণৰ সৃষ্টি কৰি সেই সমাজক নতুন পথ, নতুন উদ্যমৰে আগবঢ়াই নিয়ে।
ইয়াৰ বিপৰীতে অসম আন্দোলনে নতুন পথ প্ৰদৰ্শন কৰা দূৰৰে কথা, সামাজিক প্ৰমূল্যসমূহ ধ্বংস কৰাতহে অৰিহণা যোগালে। লগতে দেশ অথবা সমাজৰ নাম লৈ কিদৰে প্ৰৱঞ্চনা কৰি নিজৰ ধন-সম্পদ আৰু ক্ষমতা আহৰণ কৰিব পাৰে, তাৰ পথ প্ৰদৰ্শন কৰি গ’ল।
সেই পথকে অনুসৰণ কৰি আজি চাৰে চাৰি দশকৰ পাছতো এচামে ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰি আছে।১৯৮৫ত অসম চুক্তি স্বাক্ষৰৰ পাছত কেতিয়াবা আইএমডিটিক, কেতিয়াবা কেন্দ্ৰক আকৌ কেতিয়াবা ভিত্তিবৰ্ষক অজুহাতৰূপে দাঙি ধৰি মূল বিদেশী বহিষ্কাৰৰ প্ৰসংগটোকে আঁতৰাই ৰখা হ’ল; অথচ কোনোবা যুগতেই পেলনীয়া কাগজত পৰিণত হোৱা অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হ’বই লাগিব বুলি আজিও ধ্বনি দি থকা হৈছে।
চৰকাৰেও তাৰ নামত এটা বিভাগ খুলি থৈছে। ইয়াতকৈ ভণ্ডামি আৰু কি হ’ব পাৰে!পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণে বিদেশী সমস্যাটোৰ স্থায়ী সমাধান কৰিব বুলি কোৱা হ’ল ৷ এনআৰচি উন্নীতকৰণৰ বাবে ৰাজকোষৰ ১৬শ কোটিৰো অধিক টকা ব্যয় কৰাৰ লগতে ৰাজ্যজুৰি অভূতপূর্ব শংকা-সন্দেহৰ পৰিৱেশ সৃষ্টি কৰা হ’ল।
স্বয়ং দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত অৱশেষত এই কার্য সম্পন্ন কৰা হ’ল যদিও ইয়াক গ্ৰহণ কৰিবলৈ চৰকাৰ ৰাজী নহ’ল। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকালত তেওঁৰ বিশেষ তৎপৰতাত এই কার্য সমাধা হ’ল যদিও এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ব্যৰ্থ হ’ল বুলি ইতিমধ্যে চৰকাৰৰ লগতে ইয়াৰ স’তে জড়িত বিভিন্ন পক্ষ সৰৱ হোৱাটোৱে কিহৰ ইংগিত দিয়ে?
যিগৰাকী মুখ্য ন্যায়াধীশৰ একাধিক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানত সন্তুষ্ট হৈয়ে কেন্দ্ৰীয় চৰকাৰে তেওঁক ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰি কৃতজ্ঞতা জ্ঞাপন কৰা বুলি বিভিন্ন মহলে সমালোচনা কৰি আহিছে, সেইগৰাকী মুখ্য ন্যায়াধীশৰ নিৰীক্ষণত সম্পন্ন হোৱা এনআৰচিৰ উন্নীতকৰণক গ্ৰহণ কৰিব খোজা হোৱা নাই কিয়?
অথচ এনআৰচিৰ উন্নীতকৰণ নোহোৱা হেতুকেই যেন অসমৰ বিদেশী সমস্যাটোৰ সমাধান কৰিব পৰা হোৱা নাই, তেনে এক ধাৰণাই দি অহা হৈছিল ইমানদিনে। এই সমগ্র প্রক্রিয়াত প্রয়োজনীয় সতর্কতা অৱলম্বন নকৰা হেতুকেই এনআৰচিত বহু অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বৈধ নাগৰিকৰ নাম বাদ পৰি যোৱা বুলি অভিযোগ কৰা হৈছে।
এই বাবেই আনকি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব লাগে বুলিও দাবী উত্থাপন কৰা হৈছে। ধৰি লোৱা হ’ল, এই দাবী মানি লৈ এনআৰচি উন্নীতকৰণৰ কাম নতুনকৈ সম্পন্ন কৰা হ’ল— তেতিয়াও সি অসমৰ বিদেশী সমস্যাৰ সমাধান কৰিব বুলি নিশ্চিতি দিব কোনে? তদুপৰি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত শ শ কোটি টকাৰ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি আন বাদেই, স্বয়ং মহাগাণনিক (কেগ)ৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে।
কেৱল চৰকাৰী পৰ্যায়তে নহয়, বিভিন্ন সংগঠনৰ নেতা আৰু সংবাদ মাধ্যমৰ একাংশ মৃধাফুটা ব্যক্তিও এনে দুর্নীতি-অনিয়মত জড়িত বুলি অভিযোগ উত্থাপিত হৈ আহিছে। তিনিশ-চাৰিশ টকা উৎকোচ গ্ৰহণ কৰা কেৰাণী-মহৰিক গ্ৰেপ্তাৰ কৰি দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান দিয়া চৰকাৰে আজি পর্যন্ত।
এনেবোৰ অভিযোগক লৈ কোনো তদন্তৰ ব্যৱস্থা কৰা নাই। এনে দুর্নীতি-অনিয়মক লৈ স্বয়ং এনআৰচিৰ ৰাজ্যিক সমন্বয়কে তথ্যসহ দাখিল কৰা একাধিক এজাহাৰ আনকি আজি পর্যন্ত পঞ্জীয়নেই কৰা নাই। ইয়াৰ জৰিয়তে চৰকাৰে যে কেৱল দুৰ্নীতিগ্ৰস্তসকলকে সুৰক্ষা প্ৰদান কৰিছে সিয়েই নহয়, বৰঞ্চ এনআৰচিৰ প্ৰসংগটোক জীয়াই ৰাখিব বিচাৰিছে প্ৰয়োজন
সাপেক্ষে ন্যস্তস্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ।
সেয়েহে ক’বলৈ বাধ্য হৈছো, অসমৰ অবৈধ বিদেশীৰ সমস্যাটোৰ সমাধান কৰিবলৈ কোনোপক্ষই আগ্রহী নহয়। ২০১৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আনকি অসমৰ পৰা বিদেশী বিতাড়নৰ দিন-ক্ষণ পর্যন্ত ধার্য কৰি টালি-টোপোলা বান্ধিবলৈ হুংকাৰ দিয়া হৈছিল।
সেইসকলেই একেৰাহে দুবাৰকৈ চৰকাৰ গঠন কৰি ন বছৰ ধৰি শাসনত অতিবাহিত কৰিলে। সম্প্রতি তৃতীয়টো নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰতিশ্ৰুতি আৰম্ভ কৰিছে; কিন্তু সেইসকলৰ শ্ৰীমুখতো এতিয়া আৰু বিদেশী বিতাড়নৰ প্ৰসংগ শুনিবলৈ পোৱা নাযায়। অসমলৈ আৰু অসমৰ মাজেদি দেশৰ অন্যান্য প্রান্তলৈ আজিও বিদেশীৰ অনুপ্ৰৱেশ অব্যাহত আছে।
সময়ে সময়ে নিৰাপত্তা বাহিনীৰ হাতত চুবুৰীয়া দেশৰ নাগৰিক ধৰা পৰা ঘটনাই অনুপ্ৰৱেশ অব্যাহত থকাৰ বিষয়টো স্পষ্ট কৰি তোলে, অথচ সীমান্তইদি অধিক এনে অনুপ্ৰৱেশ ৰোধৰ সুৰুঙাসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত আজি পর্যন্ত প্রয়োজনীয় ব্যৱস্থাৱলী গঢ়ি তোলা নহ’ল।
বিদেশী বিতাড়নৰ দিন ধার্য কৰি দিয়া নেতাসকলে বিগত ন বছৰত এই ক্ষেত্ৰত কিয় যথোচিত পদক্ষেপ গ্ৰহণ নকৰিলে সেয়া বুজিবলৈ অসুবিধা নহয়; বৰঞ্চ চৰকাৰীভাৱেই তথ্য প্রকাশ পাই আহিছে যে এই সীমান্তইদি কেৱল মানুহেই নহয়, নিষিদ্ধ ড্ৰাগছ আদি এই দেশলৈ ব্যাপক পৰিমাণে সৰবৰাহ হোৱাৰ বিপৰীতে এই দেশৰ পৰা গৰু, কয়লা, শিল আদিকে ধৰি বহু সামগ্রী প্রতিদিনেই বাংলাদেশলৈ চালান দিয়া হৈছে।
গতিকে আন্দোলনকাৰী আছু নেতৃত্বই হওক অথবা তেওঁলোকৰ নেতৃত্বত গঠন হোৱা তথা দুবাৰকৈ চৰকাৰ গঠন কৰা অগপই হওক আৰু অথবা ভাৰতীয় জনতা পার্টিয়েই হওক— বিদেশী সমস্যাটোৰ সমাধানৰ বাবে কোনোপক্ষই আগ্রহী নোহোৱাটো স্পষ্ট।
ইয়াৰ বিপৰীতে কংগ্ৰেছ এনে অনুপ্ৰৱেশৰ সমৰ্থক বুলি কে’বাদশক পূর্বেই ছাপ মাৰি থোৱা হেতুকে সেই দলৰ পৰা তেনে ধৰণৰ কোনো পদক্ষেপ আশা কৰাই ভুল। গতিকে এনেদৰেই এই জ্বলন্ত সমস্যাটোক লৈ কেৱল ন্যস্তস্বাৰ্থৰ পাশাখেল খেলি থকা হৈছে।
এচামৰ পাছত আনটো চাম ন্যস্তস্বার্থ জড়িত প্ৰৱঞ্চকে যি জাতিক নেতৃত্ব প্ৰদান কৰিব—সেই জাতি চৰিত্ৰহীন হোৱাটোৱেই বা কি অস্বাভাৱিক!