Bhabanipur Murder : ভৱানীপুৰৰ গলিয়াত পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল সুৰামত্ত স্বামীৰ

ৰাজ্য কপোৱা বন্দনাই কৰা হত্যাকাণ্ডক অনুসৰণ কৰিয়েই স্বামীক দাৰে ঘপিয়াই হত্যা! - পত্নীৰ স্বীকাৰোক্তি,হত্যাকাৰী পত্নীৰ আৰক্ষী চকীত আত্মসমৰ্পণ

WhatsApp Image 2023 04 06 at 7.25.59 PM

Bhabanipur Murder :

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত তথা ভৱানীপুৰৰ নিকটৱৰ্তী গলিয়া গাঁৱত যোৱা নিশা পত্নীৰ দাৰ ঘাপত স্বামী নিহত হোৱা ঘটনাই তথা এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ ভৱানীপুৰ অঞ্চলত ।

উল্লেখ্য যে, ঘটনাটো সংঘটিত হয় যোৱা নিশা প্ৰায় ৯-৩০ বজাত। গলিয়া গাঁৱৰ বাসিন্দা গাড়ীৰ হেন্দিমেন কাম কৰাৰ লগতে দিন হাজিৰা কৰা শ্ৰমিক নিৰঞ্জন বৰা (৩৭) নামৰ লোকজনক নিশা প্ৰায় ৯-৩০ বজাত তেওঁৰ পত্নী জুতিকা বৰা (৩৫) ই নিজৰ শোৱণি কোঠাতেই এখন দাৰে ডিঙিত তিনিটাকৈ ঘাপ মাৰি হত্যা কৰে।

জুতিকা বৰাই তেওঁৰ স্বামী নিৰঞ্জন বৰাক হত্যা কৰি মৃতদেহটো গোটেই নিশাটো নিজৰ শোৱণি কোঠাতেই ৰাখি আজি নিচেই পুৱাতেই ছয় বছৰীয়া কন্যাক লগত লৈ জুতিকা বৰাই ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

ভৱানীপুৰ আৰক্ষী চকীত আৰক্ষীৰ লগতে সাংবাদিকৰ আগত স্বামী হত্যাকাৰী জুতিকা বৰাই দিয়া স্বীকাৰোক্তিত প্ৰকাশ যে যোৱা নিশা নিৰঞ্জন বৰাই অত্যাধিক সুৰা পান কৰি পত্নী জুতিকা বৰাক অত্যাধিকভাৱে মাৰধৰ কৰে।

তদুপৰি নিৰঞ্জন বৰাই এগৰাকী আঠ বছৰীয়া কন্যা, এগৰাকী ছয় বছৰীয়া আৰু শাহুৱেক তথা জুতিকা বৰাৰ মাতৃৰ ওপৰতো আক্ৰমণ চলায়। নিৰঞ্জন বৰাই নিজৰ পত্নী জুতিকা বৰাক এখন দাৰে কাটিবলৈ প্ৰচেষ্টা চলাইছিল।

অৱশেষত জুতিকা বৰাই আন এখন দা লৈ স্বামী নিৰঞ্জন বৰাক ডিঙিত কেবাটাও ঘাপ মাৰে। পত্নীৰ দাৰ ঘাপত নিৰঞ্জন বৰা নিজ গৃহৰ শোৱণি কোঠাতেই নিহত হয়।

স্বামী নিৰঞ্জন বৰাক হত্যা কৰি পত্নী জুতিকা বৰা আৰু পৰিয়ালৰ আন সদস্যসকলে নিৰঞ্জনৰ মৃতদেহটো নিজ গৃহৰ শোৱণি কোঠাতেই ৰাখি থয়।

তদুপৰি সংঘটিত হত্যাকাণ্ডৰ বিষয়ে গোটেই নিশাটো গাঁৱৰ কোনো ৰাইজে জনা নাছিল। আজি নিচেই পুৱাতে স্বামীৰ হত্যাকাৰী জুতিকা বৰাই নিজৰ ছয় বছৰীয়া কণিষ্ঠা কন্যাক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

দহ বছৰ পূৰ্বে গোলাঘাটৰ বাসিন্দা নিৰঞ্জন বৰাৰ সৈতে ভৱানীপুৰৰ গলিয়াৰ যুতিকাৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পিছৰে পৰা নিৰঞ্জন বৰাই পত্নী জুতিকাৰ পিতৃ গৃহত স্থায়ীভাৱে বসবাস কৰিছিল।

সম্প্ৰতি স্বামী-স্ত্ৰী, এগৰাকী আঠ বছৰীয়া কন্যা, এগৰাকী ছয় বছৰীয়া কন্যা আৰু জুতিকাৰ বৃদ্ধা মাতৃ সহ মুঠ পাঁচ জনীয়া পৰিয়ালটোৱে গলিয়া গাঁৱত বসবাস কৰিছিল।

স্বামী হত্যাকাৰী জুতিকা বৰাই আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, বিবাহৰ পিছৰে পৰা প্ৰতিদিনে নিৰঞ্জন বৰাই অত্যাধিক সুৰা পান কৰি পত্নী জুতিকা, বৃদ্ধা শাহুৱেকৰ ওপৰত শাৰীৰিকভাৱে আৰু বিভিন্ন ধৰণে অত্যাচাৰ চলাইছিল।

বিগত বৰ্ষত নিৰঞ্জন বৰাই নিজৰ পৰিয়ালৰ সদস্যৰ ওপৰত ব্যাপকভাৱে অত্যাচাৰ চলাই ওচৰৰ পৰিয়ালৰ বাসগৃহ চৌহদত থকা ধান খেৰৰ পূজিত জুই লগাই দিয়াৰ অভিযোগত নিৰঞ্জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত প্ৰায় ছমাহ জেল হাজোতত আছিল নিৰঞ্জনে।

জেলৰ পৰা মুকলি হৈ অহাৰ পিছৰে পৰা নিৰঞ্জনে ধাৰাবাহিকভাৱে শাৰীৰিক অত্যাচাৰ চলাইছিল নিজৰ পত্নী, কন্যা,শাহুৱেকৰ ওপৰত। যাৰ ফলশ্ৰুতিতেই জুতিকাই নিজৰ স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে আৰক্ষী আৰু সাংবাদিকৰ আগত।

তদুপৰি পূৰ্বে ৰাজ্য কপোৱা বন্দনা কলিতা নামৰ এজনী মহিলাই নিজৰ স্বামী আৰু শাহুৱেকক কৰা হত্যাকাণ্ডক অনুসৰণ কৰিয়েই জুতিকা বৰাই নিজৰ সুৰামত্ত অত্যাচাৰী স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলিও স্বীকাৰোক্তি দিয়ে সংবাদ মাধ্যমৰ আগত।

জুতিকা বৰাৰ ভাষ্য ‘বন্দনা কলিতাই যদি গিৰিয়েকৰ মাৰিব পাৰে,ময়ো মাৰিব পাৰোঁ,মই অত্যাচাৰ খাই থকাতকৈ । মই দাখন কিনি আনোতে ভাবিছিলো,কিবা যদি লাগে এইবাৰ ঘপিয়াই দিম। বন্দনা কলিতাই নিজৰ গিৰিয়েকক হত্যা কৰা বুলি শুণিছিলো। ময়ো ইয়াক ঘপিয়াই দিম। নহ’লে উপায় নাই’।

Exit mobile version