Water Explosion In Guwahati :মহানগৰীত পুনৰ জল বিস্ফোৰণ

জু-ৰোড তিনিআলিত জল বিস্ফোৰণৰ ঘটনা, পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী, পথৰ কাষত সৃষ্টি প্ৰকাণ্ড গাঁতৰ, ক্ষতিগ্ৰস্ত কে'বাখনো বাহন

flood 1

Water Explosion In Guwahati :

খাৰঘুলিৰ ভয়াৱহ জল বিস্ফোৰণ আতংক মাৰ নৌপাওঁতেই মহানগৰীত পুনৰ সংঘটিত হয় আন এক জল বিস্ফোৰণ ৷এইবাৰ ঘটনাৰ ৰাজগড় লিংক ৰোড ৷

জু-ৰোড তিনিআলিৰ কমাৰ্চ- ৰাজগড় সংযোগী পথৰ থকা পানীৰ পাইপ ফুাটি কেইবা মিটাৰ উপৰলৈ উঠিল পানী । পানীৰ ঢৌৱে ভাঙিছে সমীপৰ বাসগৃহৰ খিৰিকী ৷  ক্ষতিগ্ৰস্ত হৈছে কে’বাখনো বাহন ৷ এতিয়াও বন্ধ হোৱা নাই পানীৰ পাইপৰ ফুটা ৷ পথৰ কাষত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ সমগ্ৰ পথটোত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।

ইতিমধ্যে ঘটনাস্থলীত মহানগৰ প্ৰশাসনৰ লোকে পৰিস্থিতি তদাৰক কৰিছে ৷ আনহাতে অগ্নি নিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে ৷

একেদৰে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহাল ৷ মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিব দিয়ে যে,আজি সন্ধিয়া বিষয়া-বৰ্গৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈ মহানগৰীত ধাৰাবাহিক পানী যোগানৰ পাইপ ফাটি থকা সন্দৰ্ভত আলোচনা কৰিব ৷

উল্লেখ্য যে,জাইকাৰ পানী যোগান ব্যৱস্থা এতিয়া মহানগৰবাসীৰ বাবে অভিশাপ ৷ মৰণফান্দত পৰিণত হৈছে পানী যোগান ব্যৱস্থা ৷

চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে প্ৰথমে খাৰঘুলিৰ জয়পুৰ ৷ তাৰ পাছত মালিগাঁও চাৰিআলী আৰু এইবাৰ জুৰোড কমাৰ্চ কলেজৰ সন্মুখত পাইপ ফুটি এইদৰে ভয়ংকৰ জল বিস্ফোৰণৰ ঘটনাৰ পৰা শিকনি নহ’ল জাইকা তথা মহানগৰ প্ৰশাসনৰ ৷

Exit mobile version