Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manipur Violence:এই জিঘাংসাৰ পৰিণতি কি হ’ব?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
July 24, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Manipur Violence:এই জিঘাংসাৰ পৰিণতি কি হ’ব?
3
SHARES
27
VIEWS
ShareShareShareShare

Manipur Violence:এই জিঘাংসাৰ পৰিণতি কি হ’ব?

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

গোষ্ঠী অথবা ধর্মীয় সংঘাতে | একো একোখন সমাজত কি ধৰণৰ জিঘাংসু ৰূপ ল’ব পাৰে মণিপুৰেই তাৰ শেহতীয়া নিদর্শন। ৰাজ্যখনৰ থৌবাল আৰু | কাংপ’কপি জিলাৰ সীমান্তত দুগৰাকী যুৱতী-মহিলাক দলবদ্ধ ধৰ্ষণৰ পাছত বিবস্ত্ৰ কৰি সমদল কৰাৰ ভিডিঅ’টোৱে প্ৰতিজন বিবেকবান মানুহৰে হৃদয় জোকাৰি গৈছে। সেয়েহে দেশে- বিদেশে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰা হৈছে। পূৰ্বৰে পৰা যুদ্ধ-বিগ্ৰহ আৰু বিভিন্ন ধৰণৰ
সংঘৰ্ষৰ সময়ত ধর্ষণকো এক অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈ আহিছে। প্ৰতিপক্ষক আঘাত হনাৰ এক হিংস মাধ্যম হৈছে ধর্ষণ। একোখন সমাজ অথবা সম্প্ৰদায়ৰ শৌর্য আৰু গৌৰৱ নাৰীৰ দেহতেই নিহিত হৈ থাকে বুলি কোৱা হয়। সেইবাবেই সেই বীৰত্ব অথবা গৌৰৱক মুচৰি পেলাবলৈকে মহিলাসকলক ধৰ্ষণৰ লক্ষ্য কৰি লোৱা হয়।

কোনো কোনো সময়ত মহিলাসকলকে প্রধানকৈ লক্ষ্য কৰি লোৱাৰ দৃষ্টান্তও আছে। ফলত দলবদ্ধ ধর্ষণ, বিবস্ত্ৰ কৰা আদিৰ দৰে পশুসুলভ নিষ্ঠুৰ্তাৰ বলি হ’বলগীয়া হয় মহিলাসকল। সবাতোকৈ দুর্ভাগ্যজনক কথাটো হৈছে এনে ঘৃণনীয় যৌন হিংসাৰ বলি হোৱাসকলৰ অধিকাংশই এই যন্ত্ৰণাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হয়। ধৰ্ষণৰ দৰে ঘটনাৰ লজ্জা আৰু অপমান কেবল ভুক্তভোগী মহিলাগৰাকীৰ শাৰীৰিক আৰু মানসিক আঘাততে সীমাৱদ্ধ নাথাকে, বৰঞ্চ ই সমগ্ৰ সমাজখনৰ স’তেই জড়িত হৈ পৰে। সেয়েহে প্রতিশোধ পূৰণৰো এক ঘূর্ণনীয় উপায় হৈছে ধর্ষণ।

কেতিয়াবা ভবিষ্যতে অধিক নিৰ্যাতনৰ বলি হোৱাৰ আশংকা, কেতিয়াবা নিজৰেই পৰিয়াল অথবা সমাজৰ ভয় আৰু বাধা, কেতিয়াবা ন্যায় লাভৰ প্ৰক্ৰিয়াৰ প্ৰতি আস্থাহীনতা আৰু কেতিয়াবা যৌন নিৰ্যাতনকাৰীৰ শাস্তি দাবী কৰিবলৈ গৈ সন্মুখীন হোৱা অপমানৰ বাবেই ধৰ্ষণৰ দৰে পাশৱিক অপৰাধৰ বিৰুদ্ধেও আৱাজ দিবলৈ ভুক্তভোগীসকল বিশেষ আগ্রহী নহয়।

মণিপুৰৰ শেহতীয়া গোষ্ঠী সংঘৰ্ষৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাই। ৰাজ্যখনৰ স্বয়ং মুখ্যমন্ত্ৰী এন বীৰেন সিঙেই কৈছে যে শ শ এনেকুৱা ঘটনা ঘটিছে। সেই বাবেই ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে বুলিও তেওঁ যুক্তি দাঙি ধৰিছে। মুখ্যমন্ত্ৰীৰ এনে তথ্যৰ পাছতো কিন্তু গোচৰ ৰুজু হোৱা অথবা লোকচক্ষুৰ সমুখলৈ অহা ঘটনাৰ সংখ্যা তেনেই নগণ্য।

ভয়াবহ হিংসাই গভীৰভাৱে বিভাজিত কৰি পেলোৱা ৰাজ্যখনত যোৱা আঢ়ৈ মাহৰো অধিক কাল ধৰি অব্যাহত থকা শংকাজনিত পৰিবেশে যৌন হিংসাৰ বলি হোৱা মহিলাসকলক যেন তেওঁলোকৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ কথা প্ৰকাশৰ পৰা বিৰত ৰাখিছে। মুষ্টিমেয় দুই-এগৰাকীয়ে এনে হিংসাৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰক্ষীৰ দ্বাৰস্থ হ’লেও ন্যায় পাবলৈ যে সক্ষম হোৱা নাই, সেয়া চর্চিত ঘটনাটোৱেই স্পষ্ট কৰি দিয়ে।

যোৱা চাৰি মে’ত সংঘটিত ঘটনাটোৰ সম্পৰ্কত দুসপ্তাহ পাছত ১৮ মে’ত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও সুদীর্ঘ দুমাহ ধৰি কোনো ব্যৱস্থাই লোৱা নহ’ল । ঘটনাক্রমে ১৯ জুলাইত বহু চৰ্চিত ভিডিঅ’টো পোহৰলৈ অহাৰ পাছত ইয়াক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি প্ৰদৰ্শনৰ ফলতাহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মুখত প্ৰথমবাৰলৈ মণিপুৰৰ প্ৰসংগ শুনিবলৈ পোৱা গ’ল, লাগিলে সেয়া ৩০ ছেকেণ্ডৰ বাবেই হওক৷ এনে পৰিপ্ৰেক্ষিতত হিংসাক উচটনি দিয়া আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথোচিত পদক্ষেপ গ্রহণ নকৰা বুলি প্ৰথমৰে পৰাই অভিযোগৰ সন্মুখীন হৈ অহা মণিপুৰ চৰকাৰ অথবা মুখ্যমন্ত্রী বীৰেন সিঙৰ পৰাই বা কি আশা কৰিব পাৰি?

অথচ এনে ঘটনাবোৰৰ বিষয়ে যে চৰকাৰ অৱগত নোহোৱাকৈ থকা নাই, সেয়া মুখ্যমন্ত্ৰীয়েই স্পষ্ট কৰি দিছে। দৰাচলতে এনে নৃশংস ঘটনাবোৰ পোহৰলৈ অহাটোৱে চৰকাৰে বিচৰা নাছিল যেন ধাৰণা হয়। ফলস্বৰূপে গৃহহীন হৈ শিবিৰত আশ্ৰয় গ্ৰহণ কৰা হেজাৰ হেজাৰ লোকে সন্মুখীন হোৱা অগণন হিংসাৰ ঘটনাৰ মাজতে ভুক্তভোগী মহিলাসকলৰ কাহিনীবিলাকে অব্যক্তভাবেই বিলীন হৈ গৈছে।

এই কথা ইতিমধ্যে স্পষ্ট হৈছে যে যোৱা তিনি মে’ত মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা পৰিস্থিতিৰ ইংগিত পোৱা গৈছিল; কিন্তু আগজাননী লাভ কৰিও যিদৰে ৰাজ্য চৰকাৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হ’ল, তেনেদৰেই হিংসা বোধতো চৰম ব্যর্থতাৰেই পৰিচয় দিলে। আৰম্ভণিৰে পৰাই সমগ্ৰ বিষয়টোক ৰাজ্য অথবা কেন্দ্ৰ, কোনো এখন চৰকাৰেই যথোচিত গুৰুত্ব প্রদান নকৰাৰ আঁৰত সেয়েহে বিশেষ উদ্দেশ্য জড়িত হৈ আছে বুলি বিভিন্ন পক্ষই অভিযোগ কৰি আহিছে।

মেইটেই আৰু কুকী জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষত ডেৰ শতাধিক লোকৰ প্ৰাণহানি আৰু ৬০ হেজাৰ গৃহহীন হোৱাৰ পাছতো প্রধানমন্ত্রী মোদীয়ে মণিপুৰ ভ্ৰমণ কৰাতো দূৰৰে কথা, শান্তিৰ বাবে বিগত ৮০ দিনত এবাৰলৈকো আহান। নজনালে। মণিপুৰবাসীক আশ্বস্ত কৰিবলৈ সান্ত্বনাবাণী এষাৰ দিয়াৰ পৰাও বিৰত থকা প্ৰধানমন্ত্ৰীৰ বহুচর্চিত অষ্টলক্ষ্মীৰ প্রতি দায়বদ্ধতাও সেয়েহে গভীৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

যোৱা আঢ়ৈ মাহৰ অধিক কাল প্ৰতিটো দিনেই গোষ্ঠী হিংসাত জৰ্জৰিত হৈ থকা মণিপুৰক সম্পূৰ্ণৰূপে উপেক্ষা কৰি অহা বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈও গা লৰা নাই মোদীৰ। এই নেতাসকলৰ যে প্ৰতিটো পদক্ষেপেই ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থৰ দ্বাৰাহে প্ৰণোদিত সেয়া মণিপুৰৰ মহিলা নিৰ্যাতনৰ ভিডিঅ’টোৰ সম্পৰ্কত প্ৰধানমন্ত্রী মোদীৰ ৩০ ছেকেণ্ডৰ ভাষাতে ওলাই পৰে। কিয়নো মণিপুৰ যুৱতী মহিলাক নিৰ্যাতনৰ ভিডিঅ’ৰ বিষয়ে মন্তব্য দি তেওঁ ৰাজস্থান আৰু ছটিশগড়ৰ প্ৰসংগত টানি আনিছে।

তাৰ দ্বাৰা বিজেপি শাসিত মণিপুৰৰ ঘটনাটোক লঘু কৰিবলৈ কৌশল প্রয়োগ কৰিলে বুলিয়ে তাত সমালোচনাৰ জোৱাৰ উঠিছে। দেশৰ কোনো স্থানতে কোনো এগৰাকী নাৰীয়ে কোনো ধৰণৰ নিৰ্যাতনৰ সম্মুখীন হ’ব নলগীয়া পৰিবেশ দেশবাসীর কাম্য। চৰকাৰে তাক নিশ্চিত কৰাৰ পৰিৱৰ্তে মণিপুৰৰ ঘটনাক লঘু কৰিবলৈ কংগ্ৰেছ শাসিত ৰাজ্য দুখনক টানি অনা কার্য নিকৃষ্ট ৰাজনীতিৰেই নির্লজ্জ প্রদর্শন নহয়নে? দেশৰ আন ৰাজ্যবোৰত ধর্ষণ অথবা মহিলাৰ বিৰুদ্ধে অন্যান্য অপৰাধ হোৱা নাই নেকি ?

উপলব্ধ শেহতীয়া চৰকাৰী তথ্য অনুসৰি যোৱা ২০২১ বৰ্ষত মহিলাৰ বিৰুদ্ধে দেশৰ ভিতৰতে সৰ্বাধিক হাৰত অপৰাধ সংঘটিত হৈছে অসমত। তাৰ পাছতে দ্বিতীয় স্থানত আছে দিল্লী। অসমত বিগত চাৰে সাত বছৰ ধৰি বিজেপিৰ শাসন অব্যাহত থকাৰ বিপৰীতে দিল্লীৰ আইন-শৃংখলা, আৰক্ষী বাহিনী সম্পূর্ণৰূপে কেন্দ্ৰৰ অধীন, য’ত চাৰে ন বছৰ ধৰি স্বয়ং মোদীৰ শাসন।

প্রধানমন্ত্ৰীৰ বক্তব্যৰ পাছতে তেওঁৰ মন্ত্ৰীসভাৰ কেবাজনো সদস্য অবিজেপি শাসিত কেইখনমান ৰাজ্যত মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনাক লৈ সৰৱ হৈছে। আনকি সংসদত মণিপুৰক লৈ আলোচনা হ’লে সেইবোৰ ৰাজ্যক লৈও আলোচনা হ’ব লাগিব বুলিও মন্ত্ৰীসকলে দাবী জনাইছে ;

কিন্তু আন ৰাজ্যৰ প্ৰসংগ আনি মণিপুৰৰ ঘটনাৰ আলোচনা বন্ধ কৰিবলৈ এনেদৰে উঠিপৰি লগাৰ আঁৰত নিজৰ মুখা খোল খাই পৰাৰ আশংকাই ক্রিয়া নকৰিছেনে? গতিকে দেশ- বিদেশক কঁপাই তোলা এটি ঘটনাক লৈও আমাৰ নেতাসকলৰ এনে ভূমিকাই দেশবাসীক হতাশ কৰি তুলিছে।

দৰাচলতে মুখেৰে যিয়েই নকওক, মহিলাৰ বিৰুদ্ধে যৌন আতিশয্যৰ ঘটনাক লৈ মুঠেও সচেতন নহয় কেন্দ্রীয় চৰকাৰ। কিশোৰী-যুৱতী মল্লযোদ্ধাক যৌন আতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগত অভিযুক্ত ব্রীজভূষণ শৰণ সিঙক জামিন লাভত দিল্লী আৰক্ষীয়ে কোনো আপত্তি প্রদর্শন নকৰিলে; কিয়নো তেওঁ কেৱল বিজেপি সাংসদেই নহয়, আসন্ন লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত দলৰ বাবে এজন গুৰুত্বপূর্ণ নেতাও।

এইজন ভাৰতীয় মল্লযুঁজাৰু সংস্থাৰ সভাপতিৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে কিশোৰী-যুৱতী মল্লযোদ্ধাক যৌন আতিশয্য চলোৱাৰ বহু গুৰুত্বপূর্ণ তথ্য প্রমাণসহ আদালতত অভিযোগনামা দাখিল কৰিছে। তেনেদৰেই নিজৰেই দুগৰাকী ভক্তৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা দেৰা চচ্চা চৌদা নামৰ ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী গুৰপ্ৰীত ৰাম ৰহিমক সঘনে প্ৰদান কৰি অহা পেৰেলে বিজেপিৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।

হাৰিয়ানা, পঞ্জাৱ, দিল্লীকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনত এই হত্যাকাৰী ধৰ্মীয় গুৰুজনৰ বৃহৎ সংখ্যক ভক্ত থকা হেতুকে সেইসকলৰ ভোট লাভৰ উদ্দেশ্যেই যে তেওঁক এনেদৰে বাৰে বাৰে জেলৰ পৰা মুক্তি প্ৰদান কৰা হৈছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। চকু ফুৰালেই এনে আৰু অধিক উদাহৰণ ওলাই পৰিব। গতিকে নাৰী নিৰ্যাতনকাৰীৰ বিৰুদ্ধে ব্যবস্থা গ্রহণতো যে বিজেপি চৰকাৰে পক্ষপাতপুষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া লুকাই থকা নাই।

উদ্বেগজনক বিষয় এয়ে যে দেশত অতি পদ্ধতিগতভাবে এচাম সংঘৰ্ষকাৰী উচ্ছৃংখল ভিৰৰ সৃষ্টি কৰা হৈছে। বিশেষ উদ্দেশ্যৰে দেশৰ প্রান্তে প্রান্তে এনেবোৰ গোটৰ জন্ম দিয়া হৈছে যদিও এইবোৰেই যে লাহে লাহে ফ্ৰোংকনষ্টাইনৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে তাত সন্দেহ নাই ।

গোষ্ঠী-ধর্ম আদিৰ নাম লৈ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ৰূপায়ণ কৰা ৰণকৌশলৰ অংশৰূপে গঢ়ি তোলা এনেবোৰ ভিৰে এতিয়া যিকোনো বিষয়তে জঁপিয়াই পৰি অবাঞ্ছিত পৰিবেশৰ সৃষ্টি কৰিছে। মণিপুৰৰ ঘটনাটোত জড়িত ভিৰৰ মাজত সুৰাসক্ত হৈ থকা ১৫ বছৰীয়া কিশোৰো আছিল বুলি ভুক্তভোগী মহিলাই প্রকাশ কৰিছে আৰু ভিডিঅ’তো সেয়া ওলাই পৰিছে ।

অকল সেয়ে নহয়, দলবদ্ধ ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে জনাইছে যে তেওঁক অত্যাচাৰ চলোৱাসকলৰ ভিতৰত তেওঁৰ কিশোৰ ভ্ৰাতৃৰ বন্ধুও আছিল। উল্লেখ্য যে যুৱতীগৰাকীক সেই নির্যাতনত বাধা দিবলৈ চেষ্টা কৰা কাৰণেই তেওঁৰ কিশোৰ ভ্ৰাতৃজনক ভিৰে নৃশংসভাবে হত্যা কৰিছিল।

তেনেদৰেই নির্যাতিত আনগৰাকী মহিলাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান স্বামীয়ে সদৰী কৰিছে যে এই ঘটনাত জড়িত কে’বাজনো লোক তেওঁৰ প্রতিবেশী আছিল। গোষ্ঠী-ধৰ্মৰ নামত এচাম মানুহক এনেদৰে হিতাহিত জ্ঞানশূন্য কৰি তোলা হৈছে যে সেইসকলে সামান্য মানৱীয়তাও হেৰুৱাই এনে ধৰণৰ নৃশংস কার্যত জপিয়াই পৰিছে।

ইয়াক কেৱল মণিপুৰৰ ঘটনা বুলি বিচ্ছিন্নভাবে চাব নোৱাৰি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গৃহ সমষ্টিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা পঞ্জীয়ক প্ৰমুখ্যে বিষয়াসকলৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীকো ছাত্র কর্মীয়ে লঠিয়াই-গুৰিয়াই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাও এনে প্রক্রিয়াৰে অংশ।

বিশ্ববিদ্যালয়ৰ মুৰব্বীজনক তেওঁৰেই ছাত্ৰৰ দলে এনেদৰে প্ৰহাৰ কৰাটোও স্বাভাৱিক ঘটনা বুলিয়ে ধৰি লোৱা হয়, তেন্তে এই দেশ কোন দিশে গতি কৰিছে তাক সকলোৱে অনুধাৱন কৰিব লাগিব। এনে উন্মত্ততাই দিনে দিনে পৰিবেশ যে অধিক বিপজ্জনক কৰি তুলিব তাৰ ব্যাখ্যা নিষ্প্রয়োজন। বিভিন্ন উচটনিবে প্ৰৰোচিত কৰাৰ পাছত সেই ভিবে যে নিয়ন্ত্রণহীন হৈ দেশত অৰাজকতাৰ সৃষ্টি নকৰিব, তাৰ কোনে নিশ্চয়তা দিব?

ক্ষমতা দখল অথবা আধিপত্য স্থাপনত ই সহায়ক হ’লেও অৱশেষত গৃহযুদ্ধ সদৃশ পৰিৱেশ কঢ়িয়াই আনিব বুলি আশংকাৰ সৃষ্টি হয়। গতিকে এনে প্ৰক্ৰিয়াৰ বিৰুদ্ধে শক্তিশালী বাধা গঢ়ি তুলিব নোৱাৰিলে বিপর্যয় অনিবার্য। এয়া কেৱল আৰম্ভণিছে। এনে ধৰণৰ জিঘাংসাই কি পৰিণতি কঢ়িয়াই আনে সেয়াই উদ্বেগৰ বিষয়।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manipur Violence
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d