D.I.G. Partha Sarathi Mahanta Awarded Ph.D. Degree:ডি আই জি পাৰ্থ সাৰথি মহন্তক পি এইচ ডি ডিগ্ৰী প্ৰদান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ

parthasarathi mahanta

D.I.G. Partha Sarathi Mahanta Awarded Ph.D. Degree:

অসম আৰক্ষীৰ ডি আই জি ৰূপে নিয়োজিত হৈ থকা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে

জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়ে ” A Study on Challenges and Practices for Achieving Work-Life Balance in Police Profession with Special Reference to Guwahati Police Commissionerate.” শীৰ্ষক বিষয়ৰ ওপৰত কৰা গৱেষণাৰ বাবে গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয় পৰা অৰ্জন কৰে ডক্তৰেট ডিগ্ৰী ৷

উল্লেখ্য যে, অসম ডাউন-টাউন বিশ্ববিদ্যালয়ৰ শনিবাৰে অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত আৰক্ষী বিষয়াগৰাকীয়ে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰা এই ডিগ্ৰীৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে।

ড: মহন্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় মুৰব্বী তথা বৰ্তমান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট বিভাগৰ জ্যেষ্ঠ অধ্যাপক ৰূপে কৰ্মৰত ডঃ হোমেশ্বৰ গোস্বামীৰ তত্বাৱধানত গৱেষণা কৰিছিল ৷

এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ ,গল্পকাৰ আৰু নিবন্ধকাৰৰ লগতে কবি হিচাপে পৰিচিত বৰ্তমান গুৱাহাটী নিবাসী ড:পাৰ্থ সাৰথি মহন্ত শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ শৰৎ মহন্ত আৰু মীনা মহন্তৰ জ্যেষ্ঠ পুত্ৰ ।

Exit mobile version